নিজৰ প্ৰাপ্য অধিকাৰ বিছাৰি সৰৱ কাছাৰ কাগছ কলৰ ঠিকাদাৰ

author img

By

Published : Sep 9, 2021, 8:55 PM IST

নিজৰ প্ৰাপ্য অধিকাৰ বিছাৰি সৰৱ কাছাৰ কাগছ কলৰ ঠিকাদাৰ

বৃহস্পতিবাৰে পাঁচগ্ৰামৰ অস্কফোৰ্ড হাইস্কুলৰ সন্মুখত আয়োজন কৰা সংবাদমেলত ঠিকাদাৰ এণ্ড চাপ্লাইয়াৰ এচোছিয়েশনৰ সভাপতি আব্দুৰ ৰেজ্বাক চৌধুৰী আৰু সুদীপ পালে তেওঁলোকৰ প্ৰাপ্য ধন সমূহ অতি শীঘ্ৰে ঘোৰাই দিবলৈ চৰকাৰক দাবী জনায় ৷

কাছাৰ,9 ছেপ্তেম্বৰ: নিজৰ প্ৰাপ্য অধিকাৰ বিছাৰি সৰৱ হৈ উঠিছে পাঁচগ্ৰাম কাছাৰ কাগজ কলৰ ঠিকাদাৰ এণ্ড চাপ্লাইয়াৰ এচোছিয়েশন ৷ বৃহস্পতিবাৰে পাঁচগ্ৰামৰ অস্কফোৰ্ড হাইস্কুলৰ সন্মুখত আয়োজন কৰা সংবাদমেলত ঠিকাদাৰ এণ্ড চাপ্লাইয়াৰ এচোছিয়েশনৰ সভাপতি আব্দুৰ ৰেজ্বাক চৌধুৰী আৰু সুদীপ পালে তেওঁলোকৰ প্ৰাপ্য ধন সমূহ অতি শীঘ্ৰে ঘোৰাই দিবলৈ চৰকাৰক দাবী জনাই ৷

উল্লেখযোগ্য যে, ঠিকাদাৰ সকলে কাগজ কল কৰ্তৃপক্ষৰ পৰা প্ৰায় 90 কোটি টকা পাবলৈ আছে বুলি সংবাদমাধ্যমৰ আগত উল্লেখ কৰে ঠিকাদাৰ এণ্ড চাপ্লাইয়াৰ এচোছিয়েশনৰ সভাপতি আৰু সম্পাদকে ৷

নিজৰ প্ৰাপ্য ধন বিছাৰি এতিয়া বছৰ পাছত বছৰ হাবাথুৰি খাই ফুৰিব লগা হৈছে ঠিকাদাৰ সকলে ৷ ঠিকাদৰ সকলে আজিকোপতি কোনো ধৰণৰ সঁহাৰি পোৱা নাই কাগজ কল কৰ্তৃপক্ষৰ পৰা ৷

সম্প্ৰতি উপায়ন্তৰ হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ বিষটোৰ সৰ্ন্দভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ঠিকাদাৰ সকলে ৷ অন্যাথা তেওঁলোকে নিগমে মৰিব লাগিব বুলি সংবাদমাধ্যমৰ আগত শোক প্ৰকাশ কৰিছে ৷

নিজৰ প্ৰাপ্য অধিকাৰ বিছাৰি সৰৱ কাছাৰ কাগছ কলৰ ঠিকাদাৰ

লগতে পঢ়কঃ বৰপেটাত অংগনবাড়ী কেন্দ্ৰক পুষ্টিকৰ খাদ্য যোগান ব্যৱস্থাৰ শুভাৰম্ভণি

আনহাতে এখন জাননীক লৈ হাহাকাৰ লাগিছে নগাঁও আৰু কাছাৰ কাগজ কলৰ আৱাসিক এলেকাত । ৰাজ্যৰ দুটাকৈ কাগজ কলৰ দুৰ্ভগীয়া কৰ্মাচাৰীসকলৰ সন্মুখত এতিয়া নতুন বিপদে দেখা দিছে । নেচনেল ল' ট্ৰিবিউনেলে নিয়োগ কৰা লিকুইডেটৰ কুলদীপ বাৰ্মাই নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলক ‍১৫ দিনৰ ভিতৰত আৱাস সমূহ খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছে ।

এই সন্দৰ্ভত জাৰি কৰা জাননীক লৈ এতিয়া পুনৰ উত্তপ্ত হৈ পৰিছে কাগজ কল দুটাৰ চৌহদ । বিগত ৫৬ মাহ ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ থকা কাগজ কল দুটাৰ কৰ্মচাৰীসকলে লিকুইডেটৰ কুলদীপ বাৰ্মাৰ পৰা কোম্পানীৰ কোৱাটাৰ সমূহ খালী কৰাৰ জাননী লাভৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

উল্লেখযোগ্য যে, দিল্লী উচ্চ ন্যায়ালয়ে কাগজ কলৰ কৰ্মচাৰীক ঘৰ খালী কৰিবলৈ পূৰ্বতে দিয়া নিৰ্দেশত স্থগিতাদেশ জাৰি কৰাৰ পাছতো ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি কলকাতাত থাকি লিকুইডেটৰে অসমীয়া কর্মচাৰীসকলক পুনৰ ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া বুলি অভিযোগ কৰিছে কাগজ কল কর্মচাৰী ইউনিয়নে ।

লগতে পঢ়কঃ ভুক্তভোগী যাত্ৰীৰ মুখেৰে শুনক নিমাতীঘাট নাও দুৰ্ঘটনাৰ বিশদ বৰ্ণনা

সম্প্ৰতি সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ইউনিয়নৰ নেতা মানবেন্দ্ৰ চক্ৰৱতীয়ে অভিযোগ কৰি কয় যে, নেচনেল কোম্পানী ল' এপীলেট ট্ৰিবিউনেলে কাগজ কল দুটা কার্যক্ষম কৰিহে নিলাম কৰাৰ নিৰ্দেশ দিছিল । তদুপৰি কর্মচাৰীৰ প্ৰাপ্য বকেয়া আদায় দিয়াৰ কথাও উল্লেখ কৰিছিল ।

কিন্তু ট্ৰিবিউনেলৰ এই নিৰ্দেশৰ পাছতো লিকুইডেটৰ কুলদীপ বার্মাই নগাঁও আৰু কাছাৰ কাগজ কল বিক্ৰী কৰা হ'ব বুলি কৈ কর্মচাৰীক ঘৰ খালী কৰিবলৈ নিৰ্দেশসূচক পত্ৰ প্ৰেৰণ কৰিছে বুলি চক্ৰৱৰ্তীয়ে অভিযোগ কৰে । কাগজ কলৰ কর্মচাৰীৰ স্পষ্ট কথা যে, প্ৰাপ্য বকেয়া অবিহনে ঘৰ খালী কৰাৰ চেষ্টা চলালে চৰকাৰে মৃতদেহ আঁতৰাব লাগিব ।

লগতে পৰিস্থিতি ভয়াৱহ হ'ব বুলি আৱাসীসকলে চৰকাৰক সকিয়াই দিছে । কর্মচাৰীসকলে কোনা কাৰণতে ঘৰ খালী নকৰে বুলি ইতিমধ্যে চক্ৰৱৰ্তীয়ে স্পষ্ট কৰি দিয়ে । উল্লেখযোগ্য যে, কাগজ কলৰ কোৱাটাৰত প্ৰায় ৮০০ পৰিয়াল আছে ।

লগতে পঢ়কঃ বৰপেটাত অংগনবাড়ী কেন্দ্ৰক পুষ্টিকৰ খাদ্য যোগান ব্যৱস্থাৰ শুভাৰম্ভণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.