3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 8, 2022, 3:11 PM IST

Etv Bhanews-number-3rat

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Heavy Storm in Lakhimpur: নিশা অহা প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে লখিমপুৰৰ বহু অঞ্চল, নিহত এজন লোক

মাজ নিশা সুখ নিদ্ৰাত মগ্ন সকলো । কিন্তু হঠাৎ বিজুলী ঢেৰেকনিৰে অহা এজাক প্ৰচণ্ড ধুমুহাই নিমিষতে তচনচ কৰি পেলালে সকলো (Storm devastated several areas of Lakhimpur overnight) । প্ৰবল ধুমুহাই উৰুৱাই লৈ যায় বহুতৰে মৰমৰ আপোন ঘৰখন । ধুমুহাৰ ফলত মৃত্যু হৈছে এজন লোকৰ ৷

National Handloom Day: বৰমাত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আৰু শিপিনী সমাৰোহত কেন্দ্ৰীয় মন্ত্ৰী দৰ্শনা বিক্ৰম জাৰ্ডোশ

বাক্সাৰ বৰমাৰ খাৰুৱাজানস্থিত ইন্টিগ্ৰেটেড টেক্সটাইল পাৰ্কত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আৰু শিপিনী সমাৰোহ (National Handloom Day and Weavers Ceremony at Barama Baksa) । ৭ আগষ্টৰ পৰা অহা ২০ আগষ্টলৈ চলিবলগা এই বস্ত্ৰমেলা আনুষ্ঠানিকভাৱে উদ্বোধন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী দৰ্শনা বিক্ৰম জাৰ্ডোশৰ ।

Diganta Kalita criticizes Congress: আগন্তুক লোকসভা নিৰ্বাচনত উঃপূঃৰ এজনো কংগ্ৰেছী সাংসদ জয়ী হ'ব নোৱাৰে !

২০২৪ চনত লোকসভা নিৰ্বাচনত উত্তৰ পূৰ্বাঞ্চলৰ পৰা এজনো কংগ্ৰেছ সাংসদ যাতে বিজয়ী হ'ব নোৱাৰে, তাৰ বাবে বিজেপি দল সংকল্পবদ্ধ বুলি উল্লেখ কৰিলে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই(MLA Diganta Kalita criticizes Congress)। দেওবাৰে কমলপুৰ সমষ্টিৰ ৰাইজৰ সৈতে মত-বিনিময় কৰি বিধায়কগৰাকীয়ে কয় যে কংগ্ৰেছে এতিয়া দল বচাও অভিযানহে কৰিব লাগে ।

Rurban mission in Bihpuria: মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দেওবাৰে ৰুৰবান মিচনৰ আচঁনিৰ অধীনত বিহপুৰীয়া সমষ্টিৰ পথালিপাহাৰত এটা কৃষি সেৱা আৰু সংসাধন কেন্দ্ৰৰ লগতে এটা পশুপালন প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্ধোধন কৰে (Minister Ranjeet Kumar Dass inaugurates rurban mission) ৷ একেটা দিনতে খোলাগুৰিত সূঁতা আৰু লাট ভঁৰাল কেন্দ্ৰ এটাৰো শুভ উদ্ধোধন কৰাৰ লগতে খোলাগুৰি কৃষ্টি বিকাশ কেন্দ্ৰত এখনি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷

Death of meritorious student: পুত্ৰৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি টিংখাঙৰ এটা পৰিয়ালৰ আৰ্তনাদ

এজন মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি হাহাকাৰ কৰিছে টিংখাঙৰ এটা দুৰ্ভগীয়া পৰিয়ালে । হোজাই মাৰকাজ একাডেমী ইংলিছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অধ্যয়নৰত টিংখাঙৰ দশম শ্ৰেণীৰ এজন ছাত্ৰৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্য়ৰ(Death of meritorious student in Hojai)। দেওবাৰে এই পৰিয়ালটোৰ গৃহত উপস্থিত হৈ ন্যায় প্ৰদানৰ ক্ষেত্ৰত সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস মন্ত্ৰী বিমল বড়াৰ ।

ছলমান খানক ইনষ্টাগ্ৰামত আনফ’ল’ কৰিলে শ্বেহনাজ গীলে

ছলমান খানৰ বহু প্ৰত্যাশিত ছবি কভী ঈদ কভী দিৱালীৰ পৰা বাদ দিয়া হৈছে শ্বেহনাজ গীলক (Shehnaaz Gill kabhi eid kabhi diwali) । এই ছবিখনৰ জৰিয়তে শ্বেহনাজে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ ওলাইছিল ।

Man Kasturi Re: তেজস্বী প্ৰকাশৰ প্ৰথমখন মাৰাঠী ছবি

তেজস্বী প্ৰকাশে ছ’চিয়েল মিডিয়াত নিজৰ প্ৰথম ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰিছে ৷ ‘মন কস্তুৰী ৰে’ শীৰ্ষক এইখন এখন মাৰাঠী ছবি । Snaket Mane ই পৰিচালনা কৰা ছবিখনৰ জৰিয়তে ডাঙৰ পৰ্দাত অভিষেক ঘটাব তেজস্বীয়ে ৷ জানো আহকচোন কোনজন অভিনেতাৰ বিপৰীতে স্ক্ৰীণ শ্বেয়াৰ কৰিব তেজস্বীয়ে-

Youth went missing in Beki River: নৈত গা ধুবলৈ গৈ এজন যুৱক সন্ধানহীন; কথমপি প্ৰাণ ৰক্ষা আন চাৰি যুৱকৰ

কোবাল সোঁতে উটুৱাই নিয়ে বেঁকী নৈত গা ধুবলৈ যোৱা এজন যুৱকক (Youth went missing in Beki River) ৷ আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰে চাৰি যুৱকৰ ৷ যুৱককেইজনৰ ঘৰ বৰপেটাৰোড চহৰৰ ১ নম্বৰ ৱাৰ্ডৰ শাখাৰীপাৰাত বুলি জানিব পৰা গৈছে ৷

Jharkhand MLAs cash seizure: হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ব্যৱসায়ী অশোক ধানুকাক চিআইডিৰ তলব

ঝাৰখণ্ডৰ তিনিজন বিধায়কৰ গাড়ীত লাখে লাখে টকা উদ্ধাৰ হোৱা ঘটনাৰ লগত সাঙোৰ খালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ব্যৱসায়ী অশোক ধানুকাৰ নাম । পশ্চিমবংগৰ চি আই ডিয়ে ব্যৱসায়ীজনৰ গুৱাহাটীৰ আঠগাঁওস্থিত বাসভৱনলৈ গৈ তদন্ত কৰাৰ লগতে কাইলৈ জেৰাৰ বাবে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ চমন জাৰি কৰিছে (CID summons businessman Ashok Dhanuka)।

Shah rukh khan viral video: শ্বাহৰুখৰ প্ৰতিৰক্ষাত নামিল পুত্ৰ আৰিয়ান খান

দেওবাৰে মুম্বাই বিমানবন্দৰত শ্বাহৰুখ খানক দেখা গ’ল তেওঁৰ দুই পুত্ৰ আৰিয়ান আৰু আব্ৰাম খানৰ সৈতে । বিমানবন্দৰত তেওঁৰ উপস্থিতিৰ উমান পাই বাদশ্বাহ অনুৰাগীসকলক উত্তেজিত হৈ পৰে ৷ তাৰ পিছতেই সংঘটিত হয় এক অপ্ৰীতিকৰ পৰিস্থিতিৰ য’ত আৰিয়ান ততাতৈয়াকৈ নামি পৰে পিতৃৰ সুৰক্ষাত ৷ ঘটনাটো সম্পূৰ্ণকৈ জানিবলৈ আগলৈ পঢ়ক-

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.