সংবাদমেলত কিয় উচুপি উঠিল সুস্মিতা দেৱে ?

author img

By

Published : Aug 20, 2021, 10:35 PM IST

sushmita dev

শুকুৰবাৰে শিলচৰত সংবাদমেল সম্বোধন সুস্মিতা দেৱৰ ৷ তৃণমূল কংগ্ৰেছৰ নীতি-নিয়মৰ মাজেৰে বৰাত দলটোৰ ভেটি শক্তিশালী কৰাৰ কথা জানিবলৈ দিয়ে সুস্মিতা দেৱে ৷ অসমত এতিয়া কোনে কাৰ হৈ ৰাজনীতি কৰিছে তাৰ নিৰ্দিষ্টতা নাই বুলি উল্লেখ কৰে সুস্মিতা দেৱে ৷

শিলচৰ, 20 আগষ্ট : ‘‘তৃণমূল কংগ্ৰেছত যোগদানৰ সিদ্ধান্ত আছিল কঠিন ৷ অতি গোপনীয়তাৰে আগবাঢ়ি তৃণমূলত যোগ দিয়া হ’ল ৷ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব বুলি জানিও যোগ দিলোঁ তৃণমূল কংগ্ৰেছত ৷’’ শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি আবেগিকভাৱে এই মন্তব্য আগবঢ়াই প্ৰাক্তন কংগ্ৰেছ সাংসদ তথা বৰ্তমানৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে ৷

সংবাদমেলত সুস্মিতা দেৱে কয় য়ে, ৰাজ্যত বৰ্তমান একপক্ষীয় ৰাজনীতি চলিছে ৷ চৰকাৰৰ বিৰোধী পক্ষত ঠিয় দিয়া বহুতেই আজি হিমন্ত বিশ্ব শৰ্মাৰ গুণ গায় ৷ এসময়ত গুজৰাটৰ পানীৰ পাইপেৰে মুচলমানৰ তেজ বয় বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা আজি নৰেন্দ্ৰ মোডীৰ শিবিৰত ৷ গতিকে অসমত এতিয়া কোনে কাৰ হৈ ৰাজনীতি কৰিছে তাৰ নিৰ্দিষ্টতা নাই বুলি উল্লেখ কৰে সুস্মিতা দেৱে ৷

সংবাদমেলত কিয় উচুপি উঠিল সুস্মিতা দেৱে ?

ভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুস্মিতা দেৱে বিজেপিত যোগ দিব বুলি বিধায়ক কৌশিক ৰায়ে কৰা মন্তব্যক খণ্ডন কৰে নেত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে, কৌশিক ৰায়ে এই কথাৰ প্ৰমাণ দিব পাৰিলে ৰাজনীতি ত্যাগ কৰিব সুস্মিতাই ৷

লগতে পঢ়ক : Khela Hobe : শিলচৰত উপস্থিত হৈয়েই ক’লে সুস্মিতা দেৱে

তৃণমূল কংগ্ৰেছৰ নীতি-নিয়মৰ মাজেৰে বৰাত দলটোৰ ভেটি শক্তিশালী কৰাৰ কথা জানিবলৈ দিয়ে সুস্মিতা দেৱে ৷ দেখা গৈছে যে, ইতিমধ্যে সুস্মিতা দেৱৰ একাংশ সমৰ্থকে ইতিমধ্যেই তেওঁৰ এই সিদ্ধান্তক আদৰণি জনাইছে ৷ বৃহস্পতিবাৰে কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হোৱাৰ পৰত সমৰ্থকে সুস্মিতা দেৱক জনোৱা উষ্ম আদৰণিৰ পৰাই এই কতা পৰিষ্কাৰ হৈ পৰিছে ৷

উল্লেখ্য যে, 15 আগষ্টৰ নিশাই সুস্মিতাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল ছোনিয়া গান্ধীলৈ ৷ 16 আগষ্টৰ বিয়লিলৈ তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক অভিষেক বেনাৰ্জী আৰু ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ব্ৰেইনে তৃণমূল কংগ্ৰেছলৈ আদৰণি জনায় সুস্মিতা দেৱক ৷ ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা সুস্মিতাৰ পদত্যাগ পত্ৰত উল্লেখ নাছিল কোনো বিশেষ কাৰণ ৷

লগতে পঢ়ক : তৃণমূলত সুস্মিতাৰ যোগদানে খহাইছে বৰাকত কংগ্ৰেছৰ ভেঁটি

সুস্মিতা দেৱৰ তৃণমূল গমনে বৰাকত কংগ্ৰেছৰ ভেটিত কম্পন সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ কিয়নো, স্বতঃস্ফূৰ্তভাৱে সুস্মিতা দেৱক সমৰ্থন কৰা দেখা গৈছে তেওঁৰেই পূৰ্বৰ একাংশ সমৰ্থকে ৷ তাৰে সৰহ সংখ্যক বৰ্তমানেও কংগ্ৰেছৰ ছাতিৰ তলতেই আছে ৷ কিন্তু লাহে লাহে সেই সকল লোক যে তৃণমূললৈ গতি কৰিব ই ধূৰূপ ৷ কাৰণ ইতিমধ্যে তৃণমূলত যোগ দিয়া সুস্মিতাই নিজৰ ভেটি শক্তিশালী কৰিবলৈ সমৰ্থকসকলক নিশ্চয় তৃণমূললৈ আমন্ত্ৰণ জনাব ৷ গতিকে কংগ্ৰেছৰ বাবে বৰাকত পৰৱৰ্তী নিৰ্বাচন সমূহত সুস্মিতা দেৱ প্ৰাসংগিক হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷
লগতে পঢ়ক : তৃণমূল কংগ্ৰেছত যোগদান সুস্মিতা দেবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.