বৰাকৰ মোষ্ট ৱান্টেড ডকাইত ৰাজুৰ আত্মসমৰ্পণ

author img

By

Published : Sep 6, 2021, 10:22 PM IST

most-wanted-dacait-of-barak-surrenders-infront-of-police

আৰক্ষীৰ মোষ্ট ৱান্টেড ডকাইত ৰাজুৰ আত্মসমৰ্পন ৷ দীৰ্ঘদিন ধৰি সমগ্ৰ বৰাকত ত্ৰাসৰ সৃষ্টি কৰি অহা ডকাইতটোৱে নিজেই আৰক্ষীৰ ওচৰলৈ গৈ কৰিলে আত্মসমৰ্পন ৷ সবিশেষ জানিবলৈ পঢ়ক আমাৰ বিশেষ প্ৰতিবেদন ৷

শিলচৰ, 6 ছেপ্টেম্বৰ : সমগ্ৰ বৰাকজুৰি সন্ত্ৰাস সৃষ্টি কৰা এটা দুৰ্ধৰ্ষ ডকাইতে অৱশেষত শালচাপড়া আউট পোষ্টত সোমবাৰে আত্মসমৰ্পণ কৰে । শেহতীয়াকৈ একাধিক ডকাইতিৰ সৈতে জড়িত ৰাজু বৰভূঞা নামৰ ডকাইতটো আছিল আৰক্ষীৰ মোষ্ট ৱান্টেডৰ তালিকাত । কুখ্যাৎ ডকাইতটোৰ ঘৰ আলগাপুৰ বিধানসভা সমষ্টিৰ বৰ্ণিব্ৰীজ গাঁও পঞ্চায়তৰ কুৰিয়া বস্তিত বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, ৰাজুৱে দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলি দি কেইবাটাও চলাই আহিছে ডকাইতি । সোমবাৰৰ দিনটোতে, শালচাপড়া গাঁও পঞ্চায়তৰ প্ৰতিনিধি আতাউৰ ৰহমান বৰভূঞা আৰু শালচাপৰা আউটপোষ্টৰ ভিডিপি কৰ্মীসকলৰ ওচৰত আত্মসমৰ্পণৰ ইচ্ছা প্ৰকাশ কৰে ৷ ইয়াৰ পিছত ভিডিপি আৰু শালচাপড়া পঞ্চায়তৰ প্ৰতিনিধি গৰাকীয়ে আৰক্ষীৰ লগত ডকাইতটোৰ এই ইচ্ছাৰ সম্পৰ্কে কথা পাতে ।

বৰাকৰ মোষ্ট ওৱান্টেড ডকাইত ৰাজুৰ আত্মসমৰ্পণ

পিছত ডকাইত ৰাজুৱে স্বেচ্ছাই বন্দুক আৰু চাৰি ৰাউণ্ড গুলী সহিতে আত্মসমৰ্পণ কৰে । স্বাভাৱিকভাৱে ডকাইত ৰাজুৰ এই আত্মসমৰ্পণকলৈ এতিয়া স্বস্তিৰ নিস্বাস পেলাইছে ৰাইজ তথা আৰক্ষী প্ৰশাসনেও ৷ ইয়াৰোপৰি, সচেতন মহলে ইয়াক আৰক্ষী প্ৰশাসনৰ শেহতীয়া তৎপৰতাৰ প্ৰভাৱ বুলিও শলাগ লোৱা দেখা গৈছে ৷

লগতে পঢ়ক : ৮ ছেপ্তেম্বৰত NFR মজদুৰ ইউনিয়নে পালন কৰিব সকিয়নী দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.