শিলচৰৰ ৰংপুৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

author img

By

Published : Sep 2, 2021, 5:35 PM IST

Large quantity of ganja seized at Rangpur in Silchar

শিলচৰত যোৱা নিশা জব্দ হয় বৃহৎ পৰিমাণৰ গাঞ্জা ৷ শুল্ক বিভাগ আৰু কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা সংস্থাৰ যৌথ অভিযানত জব্দ হয় গাঞ্জাখিনি ৷

শিলচৰ, 2 ছেপ্টেম্বৰ : ৰাজ্যত এতিয়াও অব্যাহত আছে নিচা জাতীয় সমাগ্ৰীৰ অবাধ বেহা ৷ কিয়নো শিলচৰত যোৱা নিশা জব্দ হয় বৃহৎ পৰিমাণৰ গাঞ্জা ৷ শুল্ক বিভাগ আৰু কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা সংস্থাৰ যৌথ অভিযানত জব্দ হয় গাঞ্জাখিনি ৷

বিভাগীয় এক সূত্ৰই সদৰি কৰা মতে, PB-12T-8629 নম্বৰৰ এখন ট্ৰাকত লৈ অহা হৈছিল গাঞ্জাখিনি ৷ নিশা শিলচৰ ৰংপুৰত ট্ৰাকখনত তালাচী চলাই জব্দ কৰা হয় ৬০ পেকেট গাঞ্জা ৷ ট্ৰাকখনৰ সৈতে চালক শুক্কুৰ আলী নামৰ লোকজনকো আটক কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : বিষাক্ত সাপৰ বিষেৰে সম্ভৱ কৰ’ণা ভাইৰাছৰ চিকিৎসা !

লক্ষণীয় বিষয়টো হৈছে, অতি কৌশলেৰে ট্ৰাকখনৰ বডিৰ চাৰিওফালে গোপন বাকচ নিৰ্মাণ কৰি লৈ অহা হৈছিল গাঞ্জাখিনি ৷ ট্ৰাকখন আগৰতলাৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ৷ ট্ৰাকখনত গাঞ্জা কঢ়িয়াই অনাৰ তথ্য এক গোপন সূত্ৰৰ পৰা লাভ কৰিছিল শুল্ক বিভাগ আৰু কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা সংস্থাই ৷

Large quantity of ganja seized at Rangpur in Silchar
শিলচৰৰ ৰংপুৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

লগতে পঢ়ক: পবিতৰা অভয়াৰণ্যৰ 98% এলেকা বানত প্লাৱিত

গোপন সূত্ৰৰ তথ্য অনুসৰি অভিযান আৰম্ভ কৰিছিল শুল্ক বিভাগ আৰু কেন্দ্ৰীয় ৰাজহ চোৰাং চোৱা সংস্থাৰ এটা দলে ৷ প্ৰথমে কাছাৰ জিলাৰ বিহাৰাত ট্ৰাকখনক আবদ্ধ কৰিবলৈ চেষ্টা চলাইছিল যদিও সফল হোৱা নাছিল অভিযানকাৰী দলটো ৷

পৰৱৰ্তী সময়ত শিলচৰৰ ৰংপুৰত ট্ৰাকখনক আবদ্ধ কৰে অভিযানকাৰী দলটোৱে ৷ দলটোৱে জব্দ কৰা ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য কেইবালাখ টকা হ'ব বুলি সন্দেহ প্ৰকাশ কৰিছে শুল্ক আৰু ডি.আৰ.আইৰ দলটোৱে ৷

লগতে পঢ়ক: অসমত চলিব কেৱল অসমীয়াগিৰি; বঙালী ফেডাৰেশ্বনৰ বিৰুদ্ধে প্ৰতিবাদ বীৰ লাচিত সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.