Daily Horoscope For 3rd January: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jan 3, 2023, 5:06 AM IST

DAILY HOROSCOPE FOR 3RD DECEMBER 2023

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

মেষৰাশি: অত্যধিক খৰচ হোৱাৰ সম্ভাৱনা আছে ৷ খৰচ বেছি হ’বলৈ নিদিব । বিত্তীয় দিশত সাৱধানে হওক ৷ কাজিয়া বিবাদ হ’ব পাৰে । সংঘাত আৰু বিৰোধৰ পৰা দূৰত থাকক । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপুনি সহজতে মিলিব নোৱাৰিব । স্বাস্থ্যৰ সমস্যাকো নুই কৰিব নোৱাৰি । আজিৰ দিনটো হতাশজনক হৈ থাকিব যেন লাগিব ।

বৃষৰাশি: আজিৰ দিনটো আপোনাৰ ঘটনাবহুল আৰু ফলদায়ক হ’ব । আপুনি অত্যধিক সৃজনশীল আৰু উদ্ভাৱনীমূলক হৈ থাকিব পাৰে । আজি গোটেই দিনটো আপোনাৰ মন সুদৃঢ় হৈ থাকিব আৰু স্পষ্ট চিন্তা বিৰাজ কৰিব । আপুনি নিজৰ কৰ্মৰ প্ৰতি প্ৰবল আগ্ৰহী হৈ থাকিব আৰু প্ৰত্যেক মুহূৰ্তক উপভোগ কৰিব । আপুনি আৰ্থিক বাধা-বিপত্তিৰ মুখত পৰিব পাৰে আৰু ভৱিষ্যত্ পৰিকল্পনাও কৰিব পাৰে । বিলাসবহুল আৰু আৰামদায়ক বস্তুৰ ক্ৰয়ৰ বাবে খৰচ হোৱাৰ সম্ভাৱনা আছে ।

মিথুনৰাশি: আজিৰ দিনটো আপোনাৰ বাবে কঠিন হ’ব গতিকে সাৱধান । আজি প্ৰিয়জন বা পুত্ৰৰ সৈতে আপোনাৰ কাজিয়া হ’ব পাৰে । আজি আপুনি বিৰক্ত হৈ থাকিব আৰু আপোনাৰ খং উঠি থাকিব, কি কাৰণত এনেকুৱা হ’ব, সেয়া কেৱল আপুনিহে জানিব । নিজক নিয়ন্ত্ৰণ কৰক, নহ’লে আপুনি নিজৰ প্ৰিয়জনৰ মনত আঘাত দি দিব পাৰে । আজি আপোনাৰ চকু বা কাণৰ বিষ হ’ব পাৰে । দীঘলীয়া এক উশাহ লৈ নিজক শান্ত কৰক । কিন্তু মনত খং ভাৱ লৈ মুখত হাঁহি বিৰিঙাই ফুৰি থকাৰ প্ৰয়োজন নাই । এয়া ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে । মুঠতে, প্ৰয়োজন হ’লে পৰিস্থিতিৰ মোকাবিলা কৰিব ।

ককৰ্ট ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সমৃদ্ধিশালী আৰু আনন্দদায়ক হ’ব । ব্যাপক আয়বৃদ্ধিৰ সম্ভাৱনা আছে । অন্যান্য উৎসৰ পৰাও লাভ হ’ব পাৰে । বন্ধু-বান্ধৱীৰ লগত সময় কটালে আনন্দ লাভ কৰিব লগতে উপকৃতও হ’ব । পত্নীৰ পৰা স্বামীয়ে উপহাৰ পাব পাৰে । ব্যৱসায়ত উন্নতি হ’ব পাৰে । আপুনি যদি অবিবাহিত তেন্তে আজি নিজৰ জীৱনসংগীক লগ পাব পাৰে । সন্তানসকলৰ সৈতে থাকি সময়টো উপভোগ কৰিব । আজি গোটেই দিনটো আপুনি উত্সাহ-উদ্দীপনাৰে থাকিব । দুশ্চিন্তা আৰু উদ্বেগ আপোনাৰ পৰা দূৰত থাকিব । বাহিৰত ফুৰিবলৈ যাব পাৰে, ভাল খাদ্য উপভোগ কৰিব পাৰে ।

সিংহৰাশি: ব্যৱসায়াৰ দিশত আজিৰ দিনটো অসাধাৰণ হ’ব । আজি সকলো কাম নিখুঁতভাৱে হৈ থকাৰ সম্ভাৱনা আছে । ক্ষমতাশালী আৰু প্ৰভাৱশালী ব্যক্তিৰ পৰা অনুকূল সহযোগিতা লাভ কৰিব । মান-সন্মান বৃদ্ধিৰ যোগ আছে । পিতৃৰ পৰা লাভ আৰু উপকাৰ হ’ব পাৰে । কাৰ্যালয়ৰ লেন-দেনত সুফল পাব । স্বাস্থ্য সম্পূৰ্ণ ৰূপত ভালকৈ থাকিব । ঘৰোৱা শান্তি নিশ্চিত । স্থায়ী সম্পত্তিৰ দিশত আপুনি লাভবান হোৱাৰ সম্ভাৱনা আছে ।

কন্যাৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ হ’ব । ঘনিষ্ঠ আত্মীয়ৰ সৈতে ফুৰিবলৈ গৈ আনন্দ পাব । কোনো মহিলাৰ পৰা উপহাৰ পাব পাৰে । ধৰ্মীয় ক্ৰিয়া-কলাপ অথবা মন্দিৰ দৰ্শন কৰিব পাৰে । দূৰ দেশৰ পৰা সু-সংবাদ পাব পাৰে । ককায়েক আৰু বন্ধুৰ পৰা উপকাৰ আৰু লাভ হ’ভ । আৰ্থিক লাভ নিশ্চিত ।

তুলাৰাশি: নতুন প্ৰকল্প আৰু নতুন কাম হাত লোৱাৰ ক্ষেত্ৰত আজিৰ দিনটো অনুকূল । গাম্ভীৰ্যপূৰ্ণ আচৰণে আপোনাৰ সৌভাগ্য বৃদ্ধি কৰিব । অফিচৰ বিষয়াসকলে বেয়া পাব পৰা এনেকুৱা কোনো কাম নকৰিব । শত্ৰুৰপৰা সাৱধান হওক । স্বাস্থ্য ভালে থাকিব বুলি ধৰি নথ’ব । আপুনি আজি ৰহস্যময় বিষয় আৰু গুপ্তবিদ্যাৰ প্ৰতি আকৃষ্ট হ’ব পাৰে । ধ্যান কৰিলে বহুত ভাল পাব আৰু আপুনি অভূতপূৰ্ব লাভ পাব । মহিলা, বিশেষকৈ নিজৰ পত্নীৰ পৰা দূৰত থাকক । গভীৰ আত্ম চিন্তন আৰু আত্মানুসন্ধানে আপোনাক শান্তি আৰু পৰিতৃপ্তি প্ৰদান কৰিব ।

বৃশ্চিকৰাশি: দায়িত্বৰ বোজা টো ঘৰত বা আলমাৰিৰ ভিতৰত ভৰাই থওক ! আপোনাৰ বাবে এয়া আনন্দৰ আৰু ফুৰ্তিৰ সময় ৷ ঘৰৰ বাহিৰ হওক আৰু আৰু বন্ধুৰ লগত চিনেমা চাবলৈ বা দূঃসাহসিক ভ্ৰমণত যাব পাৰে ৷ যদিহে আপুনি সামাজিকভাবে আৰু আগবাঢ়িব বিচাৰিছে তেন্তে এই সময় অতি উপযুক্ত ৷ আপুনি এতিয়া কাৰো বাবে ৰৈ থকাৰ কাৰণ নাই, আগবাঢ়ক ! ভগবান আপুনাৰ লগত আছে ৷

ধনুৰাশি: আজিৰ দিনটো আৰ্থিক লাভ হ’ব । ঘৰৰ পৰিৱেশ উজ্জ্বল আৰু উত্সাহপূৰ্ণ হৈ থাকিব ৷ আজি আপুনি সুখী আৰু আনন্দিত হৈ থাকিব । বৃত্তিধাৰী আৰু চাকৰীয়ালসকলৰ কাৰণে পদোন্নতি, দৰমহাবৃদ্ধি, প্ৰশংসা আৰু স্বীকৃতিৰ যোগ আছে। আপোনাৰ অধস্তনসকলে আপোনাক সহযোগিতা কৰিব আৰু আপোনাৰ ইচ্ছা অনুসৰি কাম কৰি যাব । আপোনাৰ নিজ বাসভূমিৰ পৰা ভাল খবৰ পোৱাৰ যোগ আছে । প্ৰতিযোগী আৰু শত্ৰুসকল আপোনাৰ পৰা দূৰত থাকিব । সকলোৰে প্ৰতি বিনম্ৰ আৰু দয়াশীল হৈ থাকক । বান্ধৱীসকলৰ সৈতে সাক্ষাতৰ প্ৰবল সম্ভাৱনা আছে । আজি গোটেই দিনটো আপুনি তজবজীয়া আৰু প্ৰাণৱন্ত হৈ থাকিব পাৰে ।

মকৰৰাশি: আজিৰ দিনটো আপুনি মানসিক চিন্তা আৰু সমস্যাত জৰ্জৰ হৈ থাকিব । আপোনাৰ দৈনন্দিন কামৰ প্ৰতি আপুনি মুঠেও মনোযোগ দিব নোৱাৰা হ’ব । কোনো বিশেষ আৰু গুৰুত্বপূৰ্ণ কাম হাতত নল’ব । কোনো কাম আপোনাৰ ইচ্ছা অনুসৰি নহ’ব । আপোনাৰ সন্তান আৰু সিহঁতৰ আচৰণ আপোনাক দুশ্চিন্তাত পেলাব । পৰিয়ালৰ বয়সস্থ ব্যক্তিৰ স্বাস্থ্য বেয়া হোৱাৰ ইংগিত আছে । আপোনাৰ ঊৰ্ধ্বতনসকলে আপোনাৰ প্ৰতি অসন্তুষ্ট হ’ব পাৰে । অনাৱশ্যক ব্যয়ৰ কথাক নুই কৰিব নোৱাৰি ।

কুম্ভৰাশি: আজি দিনটো আপোনাৰ বাবে প্ৰেম আৰু আন্তিৰকতাৰে পৰিপূৰ্ণ হৈ থাকিব । আজি আপোনাৰ মন চঞ্চল হৈ থাকিব, যাৰ ফলত আপুনি অস্থিৰ আৰু বিভ্ৰান্ত হৈ থাকিব । বিত্তীয় বিষয়ক লৈ আলাপ-আলোচনা হোৱাৰ প্ৰবল সম্ভাৱনা আছে । মহিলাসকলে টকা খৰছ কৰাৰ মেজাজত থাকিব, বিলাসিতা আৰু সৌন্দৰ্যৰ উপকৰণ ক্ৰয় কৰিব । মাতৃসকলে উপকৃত আৰু লাভবান হ’ব। অসহিষ্ণুতা আৰু অনমনীয়তাই আপোনাৰ দিনটোক বেয়া কৰি পেলাব । সাৱধানে থাকক ।

মীনৰাশি: এটা মন্ত্ৰ সদায় মনত ৰখা দৰকাৰ, কামত কষ্টৰ ফল সদায় মিঠা ৷ ভাগ্যই আপোনাক লগ দিব আৰু আপুনি আপোনাৰ দক্ষতা দেখুৱাত সফল হ’ব ৷ যাওক আৰু আপোনাৰ সু চিন্তা আৰু কৰ্মদক্ষতাৰে আপোনাক দিয়া কামত সফলতা পাওক ৷ আপোনাৰ বন্ধু আৰু ভাতৃ ভগ্নীৰ লগত দুঃসাহসিক ভ্ৰমণত উলাব পাৰে ,আনন্দ লাভ কৰিব ৷ সামাজিকভাবে নিজকে প্ৰতিষ্ঠা কৰাত সফল হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.