Daily Horoscope For 2nd January: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jan 2, 2023, 5:07 AM IST

DAILY HOROSCOPE FOR 2ND DECEMBER 2023

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

মেষৰাশি: গণেশৰ কৃপাত এই দিনটো শুভ আৰু আনন্দময় হ’ব৷ বিভিন্ন ক্ষেত্ৰত অহা সমস্যাবোৰ আপুনি সহজে সমাধান কৰিব পাৰিব ৷ ব্যৱসায় আৰু খেলৰ ক্ষেত্ৰত লাভজনক ফল লাভ কৰিব৷ ঘৰুৱা পৰিৱেশ সুন্দৰ হ’ব আৰু যি আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্যৰ উন্নতি কৰিব ৷ পিতৃৰ পৰা ভাল খবৰ লাভ কৰিব, সেই খবৰ আপোনাৰ পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত হ’ব পাৰে ৷ ঘৰলৈ অহা অতিথিৰ পৰা দামি উপহাৰ লাভ কৰিব ৷ পত্নীৰ লগত আনন্দময় সময় পাৰ কৰিব৷

বৃষৰাশি: আজি আপুনি কোনো সিদ্ধান্ত গ্ৰহণৰ কৰাৰ দহবাৰ ভাবি ল’ব ৷ ভাবি নোলোৱা সিদ্ধান্তই বিপদত পেলাব ৷ পত্নীৰ লগত আলোচনা নকৰাৰ ফলত বুজাবুজিৰ অভাবে দেখা দিব৷ মানসিক অশান্তিয়ে শাৰিৰিক সমস্যাৰ আৰম্ভনি কৰিব ৷ কামৰ ওপৰত তাৰ প্ৰভাব পৰিব আৰু আৰু আপুনি পাব লগা পুৰস্কাৰ নাপাব পাৰে ৷ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব, যিয়ে আপোনাৰ খং বঢ়াব ৷ পত্নী আৰু ব্যবসায়ৰ সহযোগীসকলৰ লগত বুজা পৰা কৰি সমস্যা সমাধান কৰক ৷

মিথুনৰাশি: গণেশৰ কৃপাত দিনটো মিশ্ৰ ফলদায়ক হ’ব৷ জেষ্ঠজনৰ পৰা উপদেশমূলক বাৰ্তা পাব৷ সন্তানৰ পৰা ভাল খবৰ পাব ৷ পুত্ৰৰ ডাঙৰ ফাৰ্মত চাকৰি হোৱা খবৰে আপুনাক সুখী কৰিব ৷ আপোনাৰ পত্নীয়ে আপুনাক নোকোৱাকৈ ষ্টকত পয়চা লগাব পাৰে ৷ চিন্তা কৰিব নালাগে, তেওঁৰ মুখত আপুনি দেখা পোৱা আনন্দই আপোনাকো ভাল ফল প্ৰদান কৰিব ৷ জীৱনসংগী লাভৰ উত্তম সময়, প্ৰথম সাধাৰণকৈ লগ পোৱা সংগীৰ লগত প্ৰথমে বন্ধুত্ব আৰু তাৰ পাচত প্ৰেম হ’ব ৷

ককৰ্ট ৰাশি: আপোনাৰ ব্যবসায় আৰু কৰ্মক্ষেত্ৰত ভাগ্যৰ প্ৰভাব পৰিব আৰু আপুনি জীৱনত সুৰক্ষিত অনুভৱ কৰিব ৷ কামত সফলতা আৰু উন্নতি লাভ কৰিব ৷ উচ্চপদস্থ বিষয়াসকলে তেওলোকৰ বিশ্বাস আপোনাৰ ওপৰত দেখুৱাব আৰু আপুনি জিলিকি উঠিব ৷ ঘৰুৱা পৰিৱেশোত আপোনাৰ বুদ্ধি কামত লগাব পাৰিব ৷ ঘৰ সজোৱাৰ ক্ষেত্ৰত আপুনাৰ প্ৰিয়জনৰ লগত আপুনি আপোনাৰ দক্ষতা দেখুৱাব পাৰিব ৷ শৰীৰ ভালে যাব আৰু বৈবাহিক সুখ লাভ কৰিব ৷

সিংহৰাশি: আপুনি আজি সকলোৰে লগত ন্যায় কৰিব পাৰিব আৰু সমগ্ৰ দিনটো সেইটোৱেই আপোনাৰ লক্ষ্য হ’ব ৷ জমা কৰি থোৱা কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ আপুনি কৰিব বিচৰা সকলো কামৰ ফল লাভজনক হ’ব, মাত্ৰ আপুনি আপোনাৰ খঙৰ ওপৰত ধৈৰ্য্য ৰাখক কাৰণ আপোনাৰ বচৰ লগত হোৱা তৰ্কই আপোনাৰ কামত প্ৰভাব পেলাব ৷ ধৰ্মীয় কাম কিছুমান কৰিব পাৰে অথবা ধৰ্ম স্থান পৰিভ্ৰমণ কৰিব পাৰে ৷ যিয়ে আপোনাক শান্ত ৰখাত সহায়ক হ’ব ৷

কন্যাৰাশি: খং আৰু আপুনি কোৱা কথাৰ ওপৰত চোকা দৃস্তি ৰাখক ৷ সোনকালে খং উঠাসকলৰ বাবে ভাল সময় নহয় ৷ নতুন কাম আৰম্ভ কৰাৰ সময় নহয় ৷ আনকি মেৰামতি কৰাও ফলদায়ক নহয়৷ তৰ্ক বিতৰ্ক বহুত বেছি হ’ব আৰু আপোনাৰ ওপৰত মিছা অপবাদ দিয়া হ’ব পাৰে , যি আপোনাৰ মানসিক শান্তি ব্যাহত কৰিব আৰু নিজকে অপমানিত বোধ কৰিব ৷ ব্যবসায়ীক প্ৰতিদ্বন্দীসকলে আপোনাক বিপদত পেলাব ৷ এনে একো নকৰিব ,যাৰ বাবে আপুনি পিছত পস্তাব লাগে ৷ ভ্ৰমন এৰাই চলক ৷

তুলাৰাশি: এটি সুন্দৰ, হাহিঁৰে ভৰা দিন ৷ পুৰণি বন্ধুক লগ কৰিব পাৰে ৷ আপুনাৰ ফাললৈ অহা বিপৰীত চিন্তাবোৰ আতৰি যাব ৷ আপুনি অংশ লোৱা সকলো কামত আপুনি আনন্দ লাভ কৰিব ৷ প্ৰিয়জনৰ লগত বজাৰ যাব পাৰে ৷ দামি অলংকাৰ কিনিব পাৰে ৷ সমাজত আপোনাৰ সন্মান বৃদ্ধি হ’ব ৷

বৃশ্চিকৰাশি: ভাল সময় চলি থাকিব, গ্ৰহৰ প্ৰভাৱত ৰ’মাণ্টিক সম্পৰ্ক উন্নত হ’ব ৷ প্ৰেমত পৰা আৰু বিবাহৰ উত্তম যোগ৷ প্ৰেমত বা বিবাহত অলপ সময় লোৱাৰ দৰকাৰ ৷ আপুনি বহুত দিনৰ পাচত মহিলা বন্ধুক লগ পাব আৰু বিষযটো বহুত আগ্ৰহপূৰ্ণ হ’ব ৷ কামৰ ক্ষেত্ৰত সকলো আগতকৈ ভাললৈ আহিব ৷ ধনৰ ক্ষেত্ৰটো সহকৰ্মীসকলৰ সন্মান লাভ কৰিব ৷ নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত ভাগ্যই আপোনাক লগ দিব ৷ বিৰোধীসকল আচৰিত ধৰণে সহায় কৰ্তা হয় ৰৈ যোৱা কাম শেষ হ’ব আৰু শৰিৰ ভাল হৈ থাকিব ৷

ধনুৰাশি: সফলতা নোপোৱালৈকে যুজি থাকক ৷ আশা বাদ নিদিব৷ আজিৰ দিনটো বৰ সহজ নহয়, আশা কৰা ধৰণৰ ফল লাভ নকৰিব পাৰে ৷ আপোনাক দিয়া কাম শেষ হওতে অনাহকত পলম হ’ব যি আপোনাক অতিষ্ঠ কৰি তুলিব ৷ সহযোগিতাৰ অভাব অনুভব কৰিব ৷ খং কৰাৰ দৰকাৰ নাই, এই সময়ো পাৰ হৈ যাব ৷ আপোনাৰ প্ৰিয়জন বা পত্নীৰ বাবেও চিন্তিত হৈ পৰিব ৷ ভ্ৰমণৰ চিন্তা সদ্যহতে বাদ দিয়ক ৷

মকৰৰাশি: আজিৰ দিনটো বৰ সুন্দৰ নহয়৷ চিন্তাৰ বাবেই আপুনি ভাগৰুৱা আৰু এলাহ অনুভব কৰিব ৷ নিদ্ৰাহীনতাই আপোনাক অসুবিধাত পেলাব ৷ শান্ত হওক আৰু পাৰিলে এদিনৰ বাবে কামৰ পৰা চুটি লওক৷ ভাল চিন্তা কৰক আৰু বিপৰীতমুখী লোক বিশেষকৈ মহিলাৰ পৰা আতৰি থাকক ৷ যোগ আৰু ধ্যান নিদ্ৰাহীনতাৰ ভাল ঔষধ ৷ প্ৰিয়জনৰ লগত কথা পাতক আৰু হাঁহিবলৈ চেষ্টা কৰক ৷ নিজে ৰন্ধাবঢ়া কৰক বা আপুনি ভালপোৱা খাদ্য কিনি আনক ৷

কুম্ভৰাশি: বেয়া সপোন বা আপোনাৰ চাৰিওফালে ঘটি থকা ঘটনাই আপোনাৰ মনত ক্ৰিয়া কৰি থাকিব ৷ আপোনাৰ মনোযোগ ভংগ কৰাত ই সহায়ক হ’ব ৷ দুপৰিয়ালৈ গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনৰ অবস্থাৰ পৰিবৰ্তন হ’ব আৰু আপুনি আপোনাৰ বিচনাৰ পৰা উঠিব পাৰিব ৷ পত্নী বা ভাতৃ ভগ্নীৰ লগত সময় কটাওক ৷ মনৰ পৰিবৰ্তনৰ বাবে লুডু বা আন খেল খেলক ৷ ওচৰতে কৰবালৈ ফূৰিবলৈ যাওক, ভাল লাগিব ৷

মীনৰাশি: কথা পাতোতে কি কথা পাতিছে বা কাৰ লগত পাতিছে মন কৰক ৷ ভুল বুজা বুজি আৰু কাজিয়া হ’ব পাৰে ৷ কামত সম্পূৰ্ন চকু ৰাখক৷ খৰচ কমোৱাৰ চেষ্ঠা কৰক ৷ কাৰো পৰা ধাৰ নল’ব আৰু কাকো ধাৰ নিদিবও ৷ স্বাস্থ্য প্ৰতি যত্ন লওক ৷ খোজকঢ়া , দৌৰা বা আন ব্যায়াম আপোনাৰ বাবে লাভজনক হ’ব ৷ আপুনি কি লাভ কৰিলে তাক মন দিয়ক আৰু নিজৰ কাৰণে খাদ্য বস্তু বনাওক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.