অসমক কাশ্মীৰ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব আৰ এছ এছে : মুখ্যমন্ত্ৰী

author img

By

Published : Sep 21, 2021, 8:48 PM IST

Updated : Sep 22, 2021, 8:41 AM IST

Assam on way to becoming next Kashmir: Himanta Biswa Sarma

অসম পৰৱৰ্তী কাশ্মীৰ হোৱাৰ দিশে অগ্ৰসৰ হৈছে নেকি ? আৰ এছ এছে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে এই সমস্যা ? জানো আহক কি ক’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

নিউজ ডেস্ক, 21 ছেপ্টেম্বৰ : শেহতীয়া বৰাক ভ্ৰমণত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, যদিহে জৰুৰী পদক্ষেপ লোৱা নহয় তেন্তে ৰাজ্যখন পৰৱৰ্তী কাশ্মীৰ হোৱাৰ পথত অৱতীৰ্ণ হৈছে । দুদিনীয়া বৰাক ভ্ৰমণত আৰ এছ এছৰ কাছাৰ জিলাৰ সাংগঠনিক মুখ্য কাৰ্যালয় কেশৱ নিকেতনত এখন বৈঠকত শৰ্মাই কয়, অসম আন এখন কাশ্মীৰ হোৱাৰ দিশত অৱতীৰ্ণ হৈছে । একাংশ মানুহৰ আগ্ৰাসনৰ বাবে সত্ৰবোৰ সম্প্ৰতি বিপদত আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে তেওঁ ।

একে সময়তে, ৰাজ্যখনৰ চাহ বেল্ট আৰু সীমান্ত অঞ্চলত বাস কৰা হিন্দুসকলো এনে আগ্ৰাসনৰ বাবে বিলুপ্তিৰ পথত থকাৰো অভিযোগ কৰে তেওঁ ৷ এই সম্পৰ্কত আৰ এছ এছৰ দৃষ্টিগোচৰ কৰি তেওঁ কয়, ''মই আৰ এছ এছ কৰ্মীসকলক এনে অঞ্চলসমূহলৈ যাবলৈ আৰু প্ৰতিষ্ঠানসমূহক বিপদৰ পৰা ৰক্ষা কৰিবলৈ হিন্দুসকলক একত্ৰিত কৰিবলৈ অনুৰোধ জনাইছো । আৰ এছ এছে এইটো কৰিব পাৰে কিয়নো আৰ এছ এছৰ তৃণমূল পৰ্যায়ত সংগঠন আছে আৰু দূৰৱৰ্তী এলেকাত সাধাৰণ লোকৰ সৈতে শক্তিশালী সম্পৰ্ক আছে । মই সংঘক এই দিশত চৰকাৰক সহায় কৰিবলৈ অনুৰোধ জনাইছো ।"

কেশৱ নিকেতনৰ বৈঠকত মুখ্যমন্ত্ৰীয়ে লগতে কয়, "এয়া সঁচা যে, ৰাজ্যখনৰ একাংশ লোক কা আৰু এন আৰ চিৰ কট্টৰ বিৰোধী । অৱশ্যে, পৰিস্থিতি সলনি হ'বলৈ আৰম্ভ কৰিছে । আমি তেওঁলোকক বুজাবলৈ চেষ্টা কৰি আছো যে, কা আৰু এন আৰ চি অসম আৰু অসমবাসীৰ স্বাৰ্থৰ বিৰোধী নহয় । অসমৰ মানুহে এতিয়া বাস্তৱিকতা উপলব্ধি কৰিছে ।"

উল্লেখযোগ্য যে, 2011 চনৰ লোকপিয়ল অনুসৰি অসমত মুছলমান জনসংখ্যা 34.2% হৈছে, আৰু ৰাজ্যখনৰ হিন্দু জনসংখ্যাতকৈ যথেষ্ট দ্ৰুতগতিত বৃদ্ধি হৈ আহিছে এই জনসংখ্যা । অৱশ্যে কেৱল উচ্চ মুছলমান সমাজত জন্মৰ বৃদ্ধিয়েই ইয়াৰ একমাত্ৰ কাৰণ নহয় । বাংলাদেশী মুছলমানসকলৰ দ্বাৰা অবৈধ প্ৰব্ৰজনেও এই অস্বাভাৱিক জনগাঁথনিগত বৃদ্ধিত প্ৰভাৱ পেলাইছে ৷

লগতে পঢ়ক : চৰ-চাপৰিৰ লোকৰ বাবে OBC ৰ মৰ্যদা : সাংসদ আব্দুল খালেকৰ প্ৰস্তাৱ প্ৰত্যাখ্যান মুখ্যমন্ত্রীৰ

Last Updated :Sep 22, 2021, 8:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.