অভয়াপুৰীত ভূমিকেন্দ্ৰিক কাজিয়াত আহত বৃদ্ধা

author img

By

Published : Sep 14, 2022, 4:22 PM IST

Bongaigaon

বঙাইগাঁৱৰ অভয়াপুৰীত ভূমিকেন্দ্ৰিক সংঘাতত আহত বৃদ্ধা (Woman injured in land related conflict)। আক্ৰমণকাৰীৰ বিৰুদ্ধে এজাহাৰ । এজাহাৰ দাখিলৰ তিনি দিনৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ।

মাণিকপুৰ,১৪ ছেপ্টেম্বৰ : বঙাইগাঁৱৰ অভয়াপুৰীত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি (Land related conflict in Bongaigaon)। অভয়াপুৰী আৰক্ষী থানাৰ অন্তৰ্গত গনবিন্নাত দুই পক্ষৰ সংঘাতৰ পাছত আহত হয় বৃদ্ধা । জানিব পৰা মতে এটা পথেৰে চাৰিচকীয়া বাহন লৈ যোৱাক কেন্দ্ৰ কৰি প্ৰথমে কাজিয়াৰ সূত্ৰপাত হয় ।

শ্বহিদুল ইছলাম নামৰ এজন যুৱকে বৃদ্ধ মহিলাক আক্ৰমণ কৰি আহত কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে (Woman injured in land related fight)। আহত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পৰৱৰ্তী সময়ত শ্বহিদুল ইছলামৰ বিৰুদ্ধে অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে । কিন্তু এজাহাৰ দাখিল কৰাৰ তিনিদিনৰ পাছতো আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।

অভয়াপুৰীত ভূমিকেন্দ্ৰিক কাজিয়াত আহত বৃদ্ধা

ইফালে শ্বহিদুল ইছলামৰ পিতৃয়ে ঘটনাটো সম্পূৰ্ণ নস্যাৎ কৰি কয় যে তেওঁলোকৰ ঘৰলৈ যোৱা পথটো বন্ধ কৰি দিছিল বৃদ্ধাগৰাকীৰ পৰিয়ালে । পথ বন্ধ কৰি নিজৰ মাটিত ৰাস্তা নিৰ্মাণ কৰি অহা যোৱা কৰিবলৈ কোৱাত শ্বহিদুলক আক্ৰমণ কৰে বৃ্দ্ধাগৰাকীৰ পৰিয়ালৰ লোকে । পিছলৈ শ্বহিদুলৰ হেঁচাত বৃদ্ধাগৰাকী মাটিত বাগৰি পৰে আৰু আহত হয় ।

লক্ষণীয়ভাৱে শ্বহিদুল পেচাত এগৰাকী এছএছবি জোৱান বুলি জানিব পৰা গৈছে । ইফালে দীৰ্ঘদিনীয়া ভূমিকেন্দ্ৰিক সংঘাত নিস্পত্তি কৰিবলৈ আৰক্ষীৰ নিৰপেক্ষ তদন্ত জৰুৰী বুলিও সচেতন মহলে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :দিন দুপৰতে টীয়কত চোৰৰ চফাই অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.