11 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Sep 17, 2021, 11:04 AM IST

top10 news

11 বজাৰ দহটা শীৰ্ষ বাতৰি

11 বজাৰ দহটা শীৰ্ষ বাতৰি-

প্ৰধানমন্ত্ৰী মোডীৰ শাসনকালৰ মাইলৰ খুঁটিসমূহৰ চমু আভাষ...

আজি 71 বছৰত ভৰি দিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(Prime Minister Narendra Modi) ৷ তেওঁৰ জন্মদিনটো ঐতিহাসিকৰূপে পালন কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে বিজেপিয়ে(BJP) । বিজেপিৰ লক্ষ্য অনুসৰি, প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনত দেশবাসীক সৰ্বাধিক ক’ভিড ভেকচিন(Covid Vaccine) প্ৰদান কৰা হ’ব ৷ লগতে 21 দিনীয়া ‘সেৱা আৰু সমৰ্পণ’ অভিযানো আৰম্ভ কৰিব বিজেপিয়ে ৷

পৃথক বড়োলেণ্ডৰ দাবীৰে নতুন উগ্ৰপন্থী সংগঠন ULBৰ আত্মপ্ৰকাশ

ডিভাইড আছাম 50/50 দাবীৰে নতুন উগ্ৰপন্থী(Militant) সংগঠন ইউনাইটেড লিবাৰেশ্যন ফ’ৰ বড়োলেণ্ড (ULB)ৰ আত্মপ্ৰকাশ ৷ পৃথক বড়োলেণ্ড গঠনৰ দাবীত 15 ছেপ্তেম্বৰত বিবৃতিযোগে আত্মপ্ৰকাশ কৰে উগ্ৰপন্থী সংগঠনটোৱে ৷

বিশ্বকাপৰ পাছত ৰোহিত শৰ্মা হ'ব টি-২০ দলৰ অধিনায়ক: বিনোদ কাম্বলী

অহা অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হ'ব টি-২০ বিশ্বকাপ ক্ৰিকেট । ইয়াৰ পূৰ্বে বিৰাট কোহলীয়ে ঘোষণা কৰিছে বিশ্বকাপৰ পাছত তেওঁ টি-২০ ফৰ্মেটত অধিনায়কৰ দায়িত্ব এৰিব । তেওঁৰ এই ঘোষণাৰ পাছত প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

থলুৱা নিবনুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দাবীৰে নুমলীগড়ত প্ৰতিবাদ

নুমলীগড় তেল শোধনাগাৰৰ(Numaligarh Refinery Limited) মুখ্যদ্বাৰত কাৰিকৰী নিবনুৱাসকলৰ উত্তাল প্ৰতিবাদ । ত্ৰুটিপূৰ্ণ নিয়োগ নীতি বাতিল কৰি অতিৰিক্ত পদ মুকলিৰে থলুৱা নিবনুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে নিৱনুৱাসকলে ৷ ইয়াৰোপৰি প্ৰতিবাদকাৰীসকলে থলুৱা শ্ৰমিক-ঠিকাদাৰক প্ৰহাৰ কৰা দোষীক শাস্তিৰ দাবী জনায় ।

কৰ্তব্যৰত বিষয়াক ভাবুকি দি মুকলোৱাৰ চেষ্টা চোৰাং কাঠ ভৰ্তি ট্ৰাক

বৃহস্পতিবাৰে বৰপেটাৰ হাউলীত জিলা পৰিবহন বিভাগৰ এনফ'ৰ্চমেণ্ট বিষয়াৰ নেতৃত্বত নিয়মীয়া চালাচীৰ সময়তে জব্দ কৰা হৈছিল এখন অবৈধ কাঠ ভৰ্তি ট্ৰাক ৷ কিন্তু ট্ৰাকখন আগে আগে এখন ব্যক্তিগত বাহনত আহি থকা যুৱকৰ এটা দলে কৰ্তব্যৰত বিষয়াক ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন হৈছে ৷

নতুনকৈ টেট অনুষ্ঠিত কৰাৰ বিৰোধীতা পূৰ্বৰ টেট উত্তীৰ্ণৰ

ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া এক লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তৎপৰ হৈ পৰিছে । বিভিন্ন বিভাগত চাকৰি দিয়াৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে । ৰাজ্যৰ শিক্ষাখণ্ডতো নিযুক্তি প্ৰদানৰ বাবে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰক্ৰিয়া । শিক্ষাখণ্ডৰ ৫০ হাজাৰ খালী পদৰ বিপৰীতে দহ হাজাৰ পদৰ বাবে ইতিমধ্যেই টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে ।

পঞ্জাৱৰ ভাৰত-পাক সীমান্তত ড্ৰোণ প্ৰত্যক্ষ কৰাৰ পাছতে সতৰ্কতা জাৰি

বৃহস্পতিবাৰে পুনৰ পঞ্জাৱ(Punjab)ৰ ভাৰত-পাকিস্তান সীমান্তত উৰিল ড্ৰোণ(Drone) । উক্ত ড্ৰোণখনলৈ লক্ষ্য কৰি গুলীচালনা কৰে সীমান্ত সুৰক্ষা বল(BSF)ৰ জোৱানে । কিন্ত ড্ৰোণখনলৈ পাকিস্তানলৈ উভতি যায় ।

Delhi riots : পাঁচ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু

দিল্লীত সংঘটিত সংঘৰ্ষত জড়িতৰ অভিযোগত পাঁচজন লোকৰ বিৰুদ্ধে গোচৰ দাখিল ৷ হত্যাৰ অভিযোগ উঠিছে পাঁচোজনৰ বিৰুদ্ধে ৷

লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত অব্যাহত আছে চীনৰ নিৰ্মাণ কাৰ্য

ভাৰতৰ সৰ্বোচ্চ বিমানক্ষেত্ৰ দৌলত বেগ ওল্ডিৰ পৰা মাত্ৰ ২৪ কিল’মিটাৰ দূৰত পুনৰ উত্তেজনা বৃদ্ধি ৷ ভাৰত আৰু চীনৰ মাজত বিভিন্ন পৰ্যায়ত আলোচনা চলি থকাৰ মাজতে বিবাদপূৰ্ণ অঞ্চলত চীনা সেনাই অব্যাহত ৰাখিছে নিৰ্মাণ কাৰ্য । ৰঙা চীনৰ প্ৰকৃত চৰিত্ৰ পোহৰলৈ অহাৰ লগে লগে এতিয়া দেশজুৰি বিষয়টোৱে চৰ্চা লাভ কৰিছে ।

গুজৰাট উপকূলৰ সমীপত জব্দ পাকিস্তানী নাও

মঙলবাৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাট উপকূলৰ ওচৰত জব্দ কৰে এখন পাকিস্তানী নাও । লগতে আটক কৰে ১২ জন কৰ্মচাৰীক । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে বুধবাৰে এক বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.