1 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Sep 19, 2021, 1:01 PM IST

top10 news

1 বজাৰ দহটা শীৰ্ষ বাতৰি

1 বজাৰ দহটা শীৰ্ষ বাতৰি-

বিশিষ্ট অধিবক্তা নিলয় দত্তৰ আকস্মিক বিয়োগ

জ্যেষ্ঠ আইনজীৱী নিলয় দত্তৰ আকস্মিক বিয়োগ ৷ কৰ্ণাটকৰ কুৰ্গত শনিবাৰে নিশা প্ৰায় ২ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অধিবক্তাগৰাকীয়ে । অধিবক্তাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

নিলয় দত্তৰ মৃত্যুত সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ শোক প্ৰকাশ

বিশিষ্ট অধিবক্তা নিলয় দত্তৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই ৷ আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে দেওবাৰে নলবাৰীত উপস্থিত হৈ বিশিষ্ট আইনজ্ঞগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ।

গুৱাহাটীৰ পৰা মাজুলী পালেহি দুখনকৈ অত্যাধুনিক জাহাজ

শনিবাৰে গুৱাহাটীৰ পৰা মাজুলী পালেহি দুখনকৈ জাহাজ(Ship) ৷ 8 ছেপ্টেম্বৰত নিমাতীঘাটত সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ(Ferry Accidenr) পাচত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma) এটা ইঞ্জিনযুক্ত ফেৰীসমূহ বন্ধ কৰি দিয়াৰ নিৰ্দেশ দিছিল ৷

ইউৰিয়া সাৰৰ নাটনিয়ে বিপাঙত পেলাইছে কৃষকক

ওদালগুৰিত ব্যাপক নাটনি হৈছে ইউৰিয়া সাৰ(Urea Fertiliser) ৷ সাৰ বিচাৰি হাহাকাৰ কৰিছে কৃষকসকলে ৷ ঠন ধৰি উঠা শালিধানৰ বতৰত এতিয়া ধাননিডৰাত ইউৰিয়া সাৰ ছটিওৱাৰ সময় ।

বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সন্থাৰ চৰকাৰক সুদৃষ্টি প্ৰদানৰ আহ্বান

ধেমাজি প্ৰেছ ক্লাবত বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সন্থাৰ সংবাদমেল সম্বোধন ৷ শীঘ্ৰে প্ৰাপ্য প্ৰদানৰ দাবী চৰকাৰক ৷

বঙাইগাঁৱত আমছুৱে দাহ কৰিলে শিক্ষামন্ত্ৰীৰ পুত্তলিকা

ৰাজ্যৰ 7 খন জিলাত টেট পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা নকৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যহত আছে প্ৰতিবাদ ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি বঙাইগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ আমছুৰ ।

এদিনৰ উপায়ুক্ত ফ্লোৰা আছোদিয়া...

ব্ৰেইন টিউমাৰৰ দৰে জটিল ৰোগত আক্ৰান্ত আহমেদাবাদৰ ফ্লোৰা আছোদিয়া নামৰ ১১ বছৰীয়া কিশোৰীগৰাকী । শেহতীয়াকৈ অস্ত্ৰোপচাৰ হৈছে যদিও স্বাস্থ্যৰ অৱনতি ঘটিছে কিশোৰীগৰাকীৰ । কিন্তু ইয়াৰ মাজতে তেওঁৰ এক সপোন পূৰণ কৰিলে আহমেদাবাদ প্ৰশাসনে । কি সপোন আছিল ফ্লোৰাৰ ?

ৰাহুল গান্ধীক AICCৰ সভাপতি হোৱাটো বিচাৰে দলৰ সামাজিক মাধ্যম বিভাগে

কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি কোন হ'ব, তাক লৈ এতিয়া দেশজুৰি জল্পনা কল্পনা চলিছে । তাৰ মাজতে দলৰ একাংশই ৰাহুল গান্ধীক সভাপতি হিচাপে বিচাৰে । আৰু কোনে কোনে ৰাহুল গান্ধীক দলৰ সভাপতি হোৱাটো বিচাৰে ?

চাৰ ধাম যাত্ৰাৰ বাবে IRCTC ৰ বিশেষ ৰে’ল

ঘৰুৱা পৰ্যটনৰ প্ৰচাৰৰ বাবে ভাৰত চৰকাৰৰ উদ্যোগত 'দেখো অপনা দেশ'ৰ সৈতে সংগতি ৰাখি এখন বিশেষ পৰ্যটন ৰে’ল মুকলি কৰিছে IRCTC য়ে । ইয়াৰ পূৰ্বে সফলতাৰে শ্ৰী ৰামায়ণ যাত্ৰা (Shri Ramayana Yatra) নামেৰে বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছিল ভাৰতীয় ৰে’ল বিভাগে ।

ক্ৰমাৎ সুস্থ হৈ উঠিছে কিংবদন্তী খেলুৱৈ পেলে

বৰ্তমান সুস্থিৰ হৈছে ব্ৰাজিলৰ প্ৰখ্যাত ফুটবল খেলুৱৈ পেলে(Pele)ৰ স্বাস্থ্যৰ অৱস্থা । উশাহ-নিশাহত অসুবিধা হোৱাৰ পিছতে শুকুৰবাৰে খেলুৱৈগৰাকীক এলবাৰ্ট আইনষ্টাইন চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল । বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা পূৰ্বতকৈ সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসালয় কৰ্তৃপক্ষই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.