9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 25, 2022, 9:04 AM IST

top-10-at-9-am

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

আছুক ওফৰাই আপৰ দখলত টিংখাং মহাবিদ্যালয়

ছাত্ৰ ৰাজনীতিত আপৰ উত্থান ৷ পোনপ্ৰথম বাৰৰ বাবে মহাবিদ্যালয় ৰাজনীতিত আছুক ওফৰাই আপৰ দখলত টিংখাং মহাবিদ্যালয় ৷ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত 'আপ'ৰ ভাতৃ সংগঠন "ছাত্ৰ যুৱ সংগ্ৰাম সমিতি(Chatra Yuva Sangram Samiti)"ৰ ৯ গৰাকীকৈ প্ৰাৰ্থী বিজয়ী হ'বলৈ সক্ষম হৈছে ৷

আজি মহালয়া; লোকে লোকাৰণ্য মৰাণৰ ৰাজপথ

আজি মৰ্তলৈ আগমন ঘটিছে মহিষ মৰ্দিনী দেৱী দুৰ্গাৰ ৷ মহালয়াৰ পুৱাই মৰাণৰ ৰাজপথ হৈ পৰিল লোকে লোকাৰণ্য ৷ ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি মহালয়া উপলক্ষ্যে পুৱাই ৰাজপথলৈ ওলাই আহিছে মৰাণৰ ৰাইজ (People celebrates Mahalaya at Moran) ৷

আজি মহালয়া: ধৰালৈ আগমন দেৱী দুৰ্গাৰ

আজি মহালয়া (Mahalaya celebrated in Jorhat) । ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ আজি আগমন ঘটিছে ধৰাৰ বুকুলৈ । ধৰালৈ দেৱী আগমনৰ মুহূৰ্তৰ সাক্ষী হ’বলৈ ৰাইজ ওলোৱা অহা পৰম্পৰা বিগত দিন ধৰি চলি আহিছে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাটতো পৰম্পৰা ৰক্ষা কৰি মহালয়া উপলক্ষে পুৱাই ৰাজপথলৈ ওলাই আহিছে অসংখ্য লোক ৷ যাৰবাবে পুৱাৰে পৰা এক নান্দনিক পৰিবেশে বিৰাজ কৰিছে যোৰহাট নগৰৰ গড়আলিত ।

প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বাসগৃহত জি এছ টি ইন্টেলিজেন্সৰ অভিযান

কৰ ফাঁকিৰ অভিযোগত জিলাখনৰ প্ৰতিষ্ঠিত ব্যৱসায়ী মাখন গাট্ৰানিৰ বাসগৃহত ডাইৰেক্টৰত জেনেৰেল অফ জি এছ টি ইন্টেলিজেন্সৰ দলৰ অভিযান (Raids on Makhan Gattranis residences )৷

মুখ্যমন্ত্ৰীক কাষত লৈ জীপ চলালে সদগুৰুৱে, দৰ্শকৰ বাবে মুকলি কৰিলে কাজিৰঙা

2022-2023 বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিলে সদগুৰু জগদীশ বাসুদেৱ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি জীপ চাফাৰীও কৰে সদগুৰুৱে (Spiritual guru Sadhguru in Kaziranga)৷

চিৰাঙৰ আমটেকাৰত উদ্ধাৰ প্ৰায় এমহীয়া এটা হাতীৰ পোৱালী

শনিবাৰে বিয়লি চিৰাঙৰ আমটেকাৰত উদ্ধাৰ হয় এটা এমহীয়া হাতীৰ পোৱালী ৷ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমটেকা বনাঞ্চলৰ অন্তৰ্গত বান্ধুগুৰী গাঁৱৰ পৰা উদ্ধাৰ কৰা হয় হাতীৰ পোৱালিটোক (Elephant Calf Rescued in Chirang) ৷ চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীৰে উল্লেখ কৰা অনুসৰি, উদ্ধাৰ হোৱা হাতীৰ পোৱালিটোৰ বয়স প্ৰায় এমাহ ৷ তথ্য অনুসৰি, শনিবাৰে বিয়লি প্ৰায় দুই বজাত ভূটান সীমান্তৰ বান্ধুগুৰী গাঁৱৰ ৰাইজে টাকলাই নৈৰ পানীত উটি যোৱা অৱস্থাত প্ৰত্যক্ষ কৰে হাতী পোৱালিটোক ৷

সমাপ্ত হ’ল 74 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল; বিজয় অইল ইণ্ডিয়া দুলিয়াজান

নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত সমাপ্ত হয় 74 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল ৷ এই ফুটবল খেলখনত অসম ৰাইফলছক পৰাস্ত কৰি দুলীয়াজানৰ অ’ইল ইণ্ডিয়া ফুটবল ক্লাৱে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে (Oil India Duliajan win Independence Cup football) ।

ব্যক্তিগত খণ্ডলৈ পৌৰ নিগমৰ কৰ সংগ্ৰহৰ দায়িত্ব: মুকলি সমৰ্থন মেয়ৰ মৃগেন শৰণীয়াৰ

পৌৰ নিগমৰ কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত প্রতিষ্ঠানক গতাবলৈ লোৱা সিদ্ধান্তৰ প্ৰতি মুকলি সমৰ্থন মেয়ৰ মৃগেন শৰণীয়াৰ(Property tax collection on private institution) । মন্ত্রী অশোক সিংঘালে একনায়কত্ববাদ চলোৱাৰ অভিযোগ উত্থাপন পূব-গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ । তিনি বিধায়কৰে আলোচনাৰ পাছতহে চূড়ান্ত সিদ্ধান্ত লোৱাৰ ইংগিত মন্ত্ৰী সিংঘালৰ ।

দিল্লীত বাহৰ পাতি গেৰুৱা হোৱাৰ প্ৰস্তুতি কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘাটোৱাৰৰ !

প্ৰায়েই চৰ্চালৈ আহে পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰৰ(Congress leader Pranjal Ghatowar) বিজেপিত যোগদানৰ প্ৰসংগ ৷ এই কথাই পুনৰ চৰ্চা লাভ কৰিছে ৰাজনৈতিক মহলত ৷ কংগ্ৰেছ নেতাগৰাকীয়ে দিল্লীত বাহৰ পাতি বিজেপিত যোগদানৰ কুচকাৱাজ আৰম্ভ কৰা বুলিয়েই এইবাৰ খবৰ ওলাইছে ৷

মাঞ্জাত ধনদাবীৰ গোচৰত এজনক আটক

ধনদাবী কৰি ৰঙাঘৰৰ আলহী হ'ল এজন(Man arrested in Manja for extortion case) । ২২ ছেপ্টেম্বৰত নিশাৰ ভাগত মাঞ্জাৰ ৰংপ্লিমপ্লামত এগৰাকী ব্যক্তিৰ ঘৰত সোমাই ধনদাবী কৰিছিল ধৃত লোকজনসহ তিনি চাৰিজনীয়া এটা দলে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.