5 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Sep 14, 2022, 5:02 PM IST

top-10-at-5-pm

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

অখিল গগৈৰ বিৰুদ্ধে কিয় সৰৱ হ'ল ৰূপজ্যোতি কুৰ্মী

ৰ'দে বৰষুণে কাম কৰা জবকাৰ্ডৰ শ্ৰমিক সকলক উৎসাহ জনোৱাৰ বিপৰীতে অখিল গগৈয়ে তেওঁলোকক অপমান কৰিছে । অখিল গগৈৰ এনে অপমান সহ্য কৰা নহ'ব বুলি সকীয়াই দিয়ে ৰূপজ্যোতি কুৰ্মীয়ে । তেওঁ কয় যে বাৰে বাৰে বিধানসভাত অপমানসূচক মন্তব্য কৰি অসমবাসীক অপমান কৰিছে অখিল গগৈয়ে ।

কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

১৯৫৮ চনতে স্থাপন হোৱা স্বাস্থ‍্যকেন্দ্ৰটো মুঠ ১৬ কোটি ২৫ লাখ টকাৰ ব‍্যয় সাপেক্ষে উন্নীত কৰা হৈছে । যিখন চিকিৎসালয়ে কলিয়াবৰৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব ।

লাহে লাহে উন্মোচন হৈছে জলসম্পদ বিভাগৰ নিযুক্তি কেলেংকাৰীৰ তথ্য

জলসম্পদ বিভাগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই ইজনৰ পাছত সিজনক গ্ৰেপ্তাৰ কৰিছে (Broker arrested by Dispur Police)। এইবাৰ সংশ্লিষ্ট বিভাগটোৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী আৰু এজন সাংবাদিক গ্ৰেপ্তাৰ । দালাল চক্ৰৰ লগত এই দুয়োজনে প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ আৰক্ষীৰ ।

বিধানসভা অধিবেশনৰ তৃতীয়দিনা কংগ্ৰছৰ সদন ত্যাগ

পৰিপূৰক প্ৰশ্নৰ সন্দৰ্ভত কংগ্ৰেছৰ বিধায়কসকলে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে (Congress MLAs protest over supplementary questions) । পিছত কংগ্ৰেছৰ বিধায়কসকলে অধিবেশন চলি থকাৰ মাজতে সদন ত্যাগ কৰে (Congress walk out from Assam Assembly) ।

মুকালমুৱাত কিশোৰীৰ ৰহস্যজনক মৃত্যু, পৰিকল্পিত হত্যাৰ অভিযোগ পৰিয়ালৰ

যোৱা ৮ ছেপ্টেম্বৰত ঘৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী ছাত্ৰীৰ মৃতদেহ (Student suicide case at Nalbari)। কিশোৰীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ কৰিছে মাতৃ আৰু পৰিয়ালে । হত্যাকাৰীক ফাঁচীৰ দাবী তীব্ৰ প্ৰতিবাদ পৰিয়াল আৰু স্থানীয় লোকৰ ।

প্ৰসংগ জয়মালা : তামিলনাডু চৰকাৰে উচিত কাম কৰা নাই !

সংবাদ মাধ্যমৰ আগত জয়মালাৰ প্ৰসংগত ক'লে প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এম কে যাদৱে (PCCF MK Jadav reaction on Jaymala issue) । জয়মালাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বন বিভাগ । ন্যায়ালয়লৰ ৰায়ৰ অপেক্ষাত বন বিভাগ । অসমৰ পৰা যোৱা চাৰিজনীয়া দলটোৱে জয়মালাক উভতাই অনাটো দূৰৈৰে কথা, প্ৰত্যক্ষ কৰিবলৈও সক্ষম হোৱা নাই । বিধানসভাত জয়মালাৰ প্ৰসংগ উত্থাপন কৰিলে আশ্ৰাফুল হুছেইনে (MLA Asraful Hussain raised Jaymala issue in Assembly) ।

টিংখাঙৰ এখন প্ৰাথমিক বিদ্যালয়ৰ এখন বিশেষ আবেদন লৈ হৈছে চৰ্চা

টিংখাঙৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ এখন বিশেষ আবেদনক লৈ চলিছে চৰ্চ্চা ৷ আপোন পঢ়াশালিখনৰ প্ৰতি থকা ভালপোৱা আবেদনৰ জৰিয়তে প্ৰধান শিক্ষকক জনালে ছাত্ৰ-ছাত্ৰীয়ে ৷

প্ৰধানমন্ত্ৰী আবাস যোজনা ৰূপায়নত ব্যৰ্থ ৰাজ্য চৰকাৰ

প্ৰধানমন্ত্ৰী আবাস যোজনা ৰূপায়নত ব্যৰ্থ ৰাজ্য চৰকাৰ ৷ অসম বিধানসভাৰ অধিৱেশনত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ তথ্যত প্ৰকাশ পালে এই কথা(Assam assembly session 2022) ৷ ৰাজ্যত এতিয়াও 72.57 শতাংশ গৃহ নিৰ্মাণ কৰিবলৈ বাকী ৷

পুঞ্চ চিকিৎসালয়ত উপস্থিত লেফটেনেণ্ট জেনেৰেল মনোজ সিনহা

জম্মু-কাশ্মীৰৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকললৈ ৫ লাখ টকা সাহায্য প্ৰদানৰ কথা ঘোষণা লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাৰ (5 lakhs compensation to killed in punch accident) । আনহাতে, জম্মু-কাশ্মীৰ ৰাজ্যপাল প্ৰশাসনে আহত লোকসকলক ১ লাখ টকাকৈ প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰে ।

মৰাণত দোকানৰ ভিতৰতে ব্যৱসায়ীয়ে কৰিলে আত্মহত্যা

মৰাণত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা ৷ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানতে আত্মহত্যা কৰিলে এজন ব্যৱসায়ীয়ে (Suicide case at Moran) ৷ মৃত ব্যৱসায়ীগৰাকী ফনীন্দ্ৰ গগৈ বুলি জানিব পৰা গৈছে (Businessman committed suicide) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.