11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jul 31, 2022, 11:03 AM IST

top-10-at-11am

11 বজাৰ শীৰ্ষ দহটা বাতৰি

ED raid at Mumbai : সঞ্জয় ৰাউটৰ বাসগৃহত EDৰ অভিযান

দেওবাৰে পুৱাই শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ বাসগৃহত অভিযান চলায় ED য়ে (ED raid at residence of Sanjay Raut)। মুম্বাইৰ Correspondence গোচৰ সন্দৰ্ভত এই অভিযান EDৰ । ED য়ে পূৰ্বে দুবাৰকৈ সঞ্জয় ৰাউটৰ বিৰুদ্ধে চমন জাৰি কৰিছিল । ৰাউট গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে ।

Nirmala Mishra passes away: ‘‘কি নাম দি মাতিম’’ বুলি সুধিবলৈ গায়িকা নিৰ্মলা মিশ্ৰ আৰু নাই

বিশিষ্ট সংগীত শিল্পী নিৰ্মলা মিশ্ৰ আৰু নাই (Nirmala Mishra passes away)৷ হৃদ ৰোগত আক্ৰান্ত হৈ শনিবাৰে নিশা শিল্পীগৰাকীৰ মৃত্যু হয় ৷ ওড়িয়া, বাংলা ছবিৰ লগতে বহুকেইখন অসমীয়া ছবিত গীত গাইছিল তেওঁ (Nirmala Mishra Assamese songs)।

Cannabis seized at Kaliabor: কলিয়াবৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজনক আটক

শনিবাৰে নিশা জখলাবন্ধা আৰক্ষীয়ে চলোৱা এক তালাচীত ‘তনুজ’ নামৰ এখন নৈশ বাছত গাঞ্জা জব্দ কৰে (Cannabis seized at Kaliabor) ৷ গুৱাহাটীৰ পৰা জাগুন অভিমুখী বাছখনৰ পৰা জব্দ কৰা গাঞ্জাখিনিৰ ওজন ১৬ কেজি ৫৪০ গ্ৰাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

Angoorlata Deka controversy: উজনিত নিষিদ্ধ ঘোষণা আঙুৰলতা ডেকাক

তিতাবৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ (ATASU protest at Titabor) ৷ বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীসকলে (Angoorlata Deka effigy burn at Amguri)। আহোম জাতিৰ প্ৰতি মুৰ্দাবাদ ধ্বনি দিয়াৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰে সন্থাটোৱে ৷

Drugs Disposal at Sonari: সোণাৰিত আৰক্ষীয়ে দাহ কৰিলে লক্ষাধিক টকাৰ নিচাজাতীয় দ্ৰব্য

সমগ্ৰ দেশজুৰি শনিবাৰে দাহন কৰা হয় NCB (Narcotics Control Bureau) তথা আৰক্ষীয়ে বিভিন্ন সময়ত জব্দ কৰা ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী (Seized Drugs burnt all over India) । দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে সোণাৰিতো দাহ কৰা হয় বিভিন্ন সময়ত জব্দ কৰা ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী(Drugs Disposal at Sonari) । দাহ কৰিলে প্ৰায় লক্ষাধিক টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী ।

CWG 2022 : ভাৰতলৈ প্ৰথমটো সোণৰ পদক আনিলে মীৰাবায়ে

কমনৱেলথ গেমছত ভাৰতে লাভ কৰিলে প্ৰথমটো সোণৰ পদক (India's first Gold in 2022 edition of the Commonwealth Games) ৷ 49 কেজি ভাৰোত্তোলনত মীৰাবাঈ চানুৱে লাভ কৰিছে এই সোণৰ পদক (Mirabai Chanu clinches gold medal in womens 49kg final) ৷

Pijush Hazarika criticizes Aminul Islam : আমিনুল ইছলাম ভাৰত বিৰোধী মানুহ: পীযুষ হাজৰিকা

‘‘আমিনুল ইছলাম ভাৰত বিৰোধী মানুহ ৷ ভাৰত বিৰোধী ব্যক্তিসকলক ধৰিলে আমিনুল ইছলামহতঁৰ ফৰফৰনি উঠে । ভূপেন বৰাই নিজে ওস্তাদি মাৰি নিজেই ফচিছে । দিল্লীত চাগৈ সুধিছে প্ৰমাণ কি আছে দিয়া তেতিয়া চুপ হৈ গ’ল ।’’ বঙাইগাঁৱত দুই বিৰোধীক এইদৰে কঠোৰ সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika calls MLA Aminul Islam anti Indian) ৷

Har Ghar Tiranga Mission: ত্ৰিৰংগা প্ৰস্তুত কৰাত ব্যস্ত মাজুলীৰ এদল মহিলা

অসমত "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি (Har Ghar Tiranga mission in Assam)। সমান্তৰালকৈ সত্ৰ নগৰী মাজুলীতো পতাকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে এদল মহিলা ৷

Militant killed in encounter: বাৰামুল্লাত নিৰাপত্তাৰক্ষী বাহিনীৰ গুলীত নিহত সন্ত্ৰাসবাদী

বাৰামুল্লা জিলাত নিৰাপত্তাৰক্ষী বাহিনীৰ গুলীত নিহত লস্কৰ ই তৈবা গোটৰ সন্ত্ৰাসবাদী (LeT militant killed in Kashmir) ৷ মৃত সন্ত্ৰাসবাদীটোক বাৰামুলাৰ পাট্টনৰ ইৰছাদ আহমেদ ভাট বুলি চিনাক্ত কৰা হৈছে ৷ এই সংঘৰ্ষত আহত হৈছে দুজন সেনা জোৱান আৰু এজন আৰক্ষী জোৱান ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.