বিছনাৰ পৰাই পানী কেঁচুৱা চুৰি কৰি পেলাই থৈ গ’ল পানী যুঁৱলিত ?

author img

By

Published : Sep 10, 2021, 9:02 PM IST

stolen-baby-of-bongaigaon-found-dead-near-a-pond

বৃহস্পতিবাৰে বঙাইগাঁৱৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নানকাৰগাঁৱত নিশা শুই থকা মাতৃৰ বুকুৰ পৰা এটা ১৮ দিনীয়া নিষ্পাপ শিশুক অপহৰণ কৰা হৈছিল ৷ ঘৰৰ সমীপৰে পুখুৰীৰ পৰা উদ্ধাৰ হৈছে শিশুটিৰ মৃতদেহ ।

বঙাইগাঁও, 10 ছেপ্টেম্বৰ : এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বঙাইগাঁৱত ৷ বৃহস্পতিবাৰে নিশা শোৱা বিছনাৰ পৰাই এটা পানী কেঁচুৱাক অপহৰণ কৰি নিছিল কোনো অচিনাক্ত দুৰ্বৃত্তই ৷ অৱশেষত, শুকুৰবাৰে উদ্ধাৰ হ’ল সন্ধানহীন কণমানিটিৰ মৃতদেহ । এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নানকাৰগাঁৱত ৷

বিছনাৰ পৰাই পানী কেঁচুৱা চুৰি কৰি কোনে পেলাই থৈ গ’ল পানী যুৱলিত ?

বৃহস্পতিবাৰে, নিশা মাতৃৰ বুকুত শুই থকা অৱস্থাৰ পৰাই অন্তৰ্ধান হৈছিল এটি পানীকেঁচুৱা ৷ নানকাৰগাঁৱৰ বিনয় সুত্ৰধৰৰ ১৮ দিনীয়া সন্তানটিক নিশা ১২ মান বজাত কোনোবা দুৰ্বৃত্তই লৈ যায় বিচনাৰ পৰাই ৷ উল্লেখ্য যে, ঘৰৰ দৰ্জা বন্ধ থকাৰ পিছতো কোনে কেনেকৈ ঘৰৰ ভিতৰত সোমাই কেঁচুৱা সন্তানটিক চুৰ কৰি লৈ যায় তাকলৈ ৰহস্যজনক পৰিস্থিতিৰ উদ্ভৱ হৈছিল ৷

সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নেতৃত্বত বিদ্যাপুৰ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখাৰ মাজতে দুপৰীয়া প্ৰায় দুই মান বজাত ঘৰৰ পৰা মাত্ৰ ৫০ মিটাৰ নিলগৰ এটি পুখুৰীৰ পানী যুঁৱলিত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাত ঘটনাটো অধিক ৰহস্যময় হৈ পৰা পৰিলক্ষিত হৈছে ।

আনহাতে, আৰক্ষীয়ে শিশুটিৰ মৃতদেহটো উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । আনহাতে, ঘটনাৰ পিছতেই পৰিয়ালটোৰ কেবাজনো সদস্য অসুস্থ হৈ পৰাত ১০৮ ৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । এতিয়া প্ৰশ্ন হয়, কোনে সংঘটিত কৰিলে এই অমানৱীয় কাণ্ড ? কোন জড়িত এই শিশু চুৰি তথা হত্যাকাণ্ডৰ সৈতে, ইয়াকলৈ উত্থাপিত হৈছে বহু প্ৰশ্নৰ ৷ আৰক্ষীৰ তদন্ততহে সমগ্ৰ তথ্য পোহৰলৈ আহিব যদিও স্থানীয় ৰাইজে শীঘ্ৰে দোষীক কৰায়ত্ব কৰাৰ বাবে দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক : আকৰ্ষণীয় হৈছে তামুলপুৰ সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰেক্ষাপট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.