বিবাহিত মহিলাই প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাত শ্বাহজামালে ল’লে প্ৰতিশোধ

author img

By

Published : Sep 13, 2021, 7:48 PM IST

six-people-of-a-family-got-seriously-injured-on-attack

একেখন গাঁৱৰ এগৰাকী বিবাহিত মহিলাক বিবাহৰ প্ৰস্তাৱ দিছিল শ্বাহজামাল আলী নামৰ বিবাহিত লোকজনে ৷ মহিলা গৰাকীয়ে প্ৰত্যাখ্যান কৰিছিল শ্বাহজামালৰ প্ৰস্তাৱ ৷ ইয়াৰ পিছতে প্ৰতিশোধ ল’লে শ্বাহজামালে ৷ সবিশেষ জানো আহক ৷

মাণিকপুৰ, 13 ছেপ্টেম্বৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং জাৰাগুৰীত এগৰাকী বিবাহিতা মহিলাসহ একে পৰিয়ালৰে ৬ জনকৈ লোকক দুষ্কৃতিকাৰীয়ে শুকুৰবাৰে নিশা চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে ৷ এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় পৰিয়ালটো । উল্লেখ্য যে ৩ নং জাৰাগুৰী গাঁৱৰ জনৈক হক উপাধিৰ লোক এজনৰ পত্নীক একেখন গাঁৱৰে শ্বাহজামাল আলী নামৰ বিবাহিত পুৰুষ এজনে দীৰ্ঘদিনৰে পৰা বিবাহৰ প্ৰস্তাৱ দি অহা বুলি উত্থাপিত হৈছে অভিযোগ ।

অৱশ্যে, দুটাকৈ সন্তানৰ মাতৃ মহিলা গৰাকীয়ে শ্বাহজামাল নামৰ লোকজনৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে । পিছে এই প্ৰত্যাখ্যান যেন সহজে গ্ৰহণ কৰিব পৰা নাছিল শ্বাহজামালে ৷ অভিযোগ অনুসৰি শুকুৰবাৰে নিশা আলীৰ নেতৃত্বত দুষ্কৃতিকাৰীৰ দল এটাই হকৰ বাসভৱনত প্ৰৱেশ কৰি পত্নীসহ মুঠ ৬ জনকৈ লোকক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে ৷

এই আক্ৰমণত সম্প্ৰতি গুৰুতৰভাৱে আহত হৈছে মহিলা গৰাকীৰ পৰিয়াল ৷ ইয়াৰোপৰি দুষ্কৃতিকাৰীৰ দলটোৱে মহিলা গৰাকীৰ পতিক আই নৈত পেলাই দিয়াৰো এক অভিযোগ উত্থাপন হৈছে । শুকুৰবাৰে নিশাই মাছমৰীয়া এগৰাকীয়ে পতি গৰাকীক নৈখনৰ পাৰত একপ্ৰকাৰ মৃতপ্ৰায় অৱস্থাত উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত ভুক্তভোগী পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ।

লগতে পঢ়ক : "মা-কমলা" ফেৰীৰ মালিক পানীৰাম কলিতাক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.