Manas river erosion : গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত অভয়াপুৰীত নৈপৰীয়া ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Aug 2, 2022, 10:26 AM IST

Manas river erosion

খহনীয়াৰ কৱলত বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লতিবাৰী অঞ্চল (Erosion in Bongaigaon)। ঘৰ-বাৰী, কৃষিভূমি জাহ গৈছে মানাহ নৈৰ বুকুত । খহনীয়া প্ৰতিৰোধৰ দাবীত নৈপৰীয়া ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ।

বঙাইগাঁও,২ আগষ্ট : বছৰৰ দ্বিতীয়টো বানৰ পৰা ৰাজ্যবাসীয়ে সকাহ পাইছিল যদিও কোনো কোনো জিলাত পুনৰ নৈ-উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হৈছে (Flood situation in Assam)। বাঢ়নি পানীয়ে পুনৰ বুৰাই পেলাইছে বিভিন্ন অঞ্চল । কিন্তু ইয়াতকৈও ভয়ংকৰ সমস্যাটো হৈছে গৰাখহনীয়া (Erosion affects Assam)। গৰাখহনীয়াই বহু অঞ্চললৈ বিপদ মাতি আনিছে ।

এইবাৰ বঙাইগাঁও জিলাৰ মানাহ নৈৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ লোৱা দেখা গৈছে । গৰাখহনীয়াৰ কৱলত পৰিছে অভয়াপুৰীৰ লতিবাৰীৰ বিস্তীৰ্ণ অঞ্চলত । গৰাখহনীয়াৰ বাবে কেইবাখনো গাঁৱলৈ সংকট নামি আহিছে ।

গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত অভয়াপুৰীত নৈপৰীয়া ৰাইজৰ প্ৰতিবাদ

উল্লেখ্য যে শেহতীয়াকৈ দুদিনমানৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ লতিবাৰী তৃতীয় খণ্ড চৰপাৰা গাঁৱত আৰম্ভ হৈছে মানাহ নৈৰ তীব্ৰ খহনীয়া । ঘৰ-দুৱাৰ, মাটি-সম্পত্তি হেৰুৱাই হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে শতাধিক লোক । ইতিমধ্যে মানাহ নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি লতিবাৰী তৃতীয় খণ্ড চৰপাৰা গাঁৱৰ অধিকাংশ অঞ্চল উটুৱাই নিছে । এই সমস্যা আজিৰ নহয় ।

বছৰ বছৰ ধৰি মানাহ নৈৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাৰ ফলত বহুলোকে ঘৰ-বাৰী এৰি আন ঠাইলৈও যাবলগীয়া হৈছে । কিন্তু এতিয়ালৈকে চৰকাৰ তথা কোনো জনপ্ৰতিনিধিয়েই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা হাতত লোৱা নাই । যাৰ পৰিপ্ৰেক্ষিতত তীব্ৰ আশংকাত ভূগিছে অঞ্চলটোৰ ৰাইজ । সেয়ে গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ওলাই আহিছে নৈপৰীয়া ৰাইজ (Protest in Bongaigaon demanding prevention of erosion)। চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় লোকসকলে । প্ৰতিবাদৰ জৰিয়তে অনতিপলমে গৰা‌খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ।

লগতে পঢ়ক :KNCA 63rd foundation day : কাৰ্বি আংলঙত উদযাপন KNCAৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.