বৰঘোলা-কাহিবাৰী পাৰঘাটত বিপদসংকুল যাত্ৰা অঞ্চলবাসীৰ

author img

By

Published : Sep 11, 2021, 12:55 PM IST

Dangerous journey in Barghola-Kahibari parghat

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ পাছত মুখ্যমন্ত্ৰীয়ে লুইতৰ বুকুত এটা ইঞ্জিনযুক্ত নাৱৰ চলাচল বন্ধ ঘোষণা কৰে ৷ কিন্তু মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনা কেৱল যোৰহাট মাজুলীৰ মাজতে আৱদ্ধ থাকিব নে আন আন পাৰাঘাটসমূহতো বলৱৎ কৰা হ’ব এই নিৰ্দেশনা ?

বঙাইগাঁও, 11 ছেপ্টেম্বৰ : নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পিছত বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ বৰঘোলা-কাহিবাৰী পাৰঘাটত বিপদসংকুলভাৱে যাত্ৰী পাৰাপাৰ হ’বলগীয়া হোৱাত আতংকিত হৈ পৰিছে অঞ্চলবাসী । স্বাধীনতাৰ পিছৰ পৰাই প্ৰায় লক্ষাধিক লোকে নিতৌ এইদৰে ভূটভূটী নাৱেৰে বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে অঞ্চলটোত । আনহাতে, এই নাওসমূহতো নাই যাত্ৰীৰ বাবে সুৰক্ষাৰ কোনো ব্যৱস্থা ৷

বৰঘোলা-কাহিবাৰী পাৰঘাটত বিপদসংকুল যাত্ৰা অঞ্চলবাসীৰ

ইফালে নৈখন পাৰ কৰাৰ বাবে লেছীয়ে অত্যাধিক ভাড়া লোৱাৰ অভিযোগ উত্থাপন হৈছে । ২০১৮ চনতে প্ৰায় ৪১ কোটিটকীয়া দলঙৰ কাম সম্পূৰ্ণ হয় যদিও আইনদীৰ গৰাখহনীয়া পূৱদিশে আৰম্ভ হোৱাত দলঙখন নদীৰ মাজভাগতে ভাঙি পৰে । প্ৰশাসনে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ লগতে পূৱদিশত কেইজনমান লোকে মাটি এৰি নিদিয়াত বৰ্তমান ভালুকৰ সাঙীত পৰিণত হৈছে ৪১ কোটিটকীয়া দলঙখন ।

স্থানীয় লোকে এইক্ষেত্ৰত চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি পূৱে পথ নিৰ্মাণ কৰি এই বিপদসংকুল যাত্ৰাৰ পৰা ৰক্ষা কৰাৰ আহ্বান জনায় ৷ অন্যথা এই পাৰঘাটতো পুনৰ নিমাতী কাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ শংকাই বিৰাজ কৰিছে ৷

লগতে পঢ়ক : মৰাণৰ পাণধোৱা পাৰঘাটত বিপদসংকুল নৌকা যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.