Over bridge construction: উৰণীয়া সেতু নিৰ্মাণ স্থলীত পথ দুৰ্ঘটনা ৰোধৰ দাবী ৰাইজৰ
Published: May 23, 2023, 8:16 PM


Over bridge construction: উৰণীয়া সেতু নিৰ্মাণ স্থলীত পথ দুৰ্ঘটনা ৰোধৰ দাবী ৰাইজৰ
Published: May 23, 2023, 8:16 PM
উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি থকাৰ পৰা অঞ্চলটোত প্ৰতিদিনে সৰু সৰু দুৰ্ঘটনা সংঘটিত হ’বলৈ আৰম্ভ হৈছে- বঙাইগাঁও জিলাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানিকপুৰ তিনিআলি চকত নিৰ্মাণৰত উৰণীয়া সেতুৰ বাবে যমৰ-যাতনা ভুগিব লগীয়া হৈছে ৰাইজে (over bridge construction at Manikpur) ৷
বঙাইগাঁও, 23 মে’: বঙাইগাঁও জিলাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানিকপুৰ তিনিআলি চকত দ্ৰুত গতিত চলি আছে উৰণীয়া সেতু নিৰ্মাণৰ কাম ৷ কিন্তু এই উৰণীয়া সেতু নিৰ্মাণৰ কামে স্থানীয় ৰাইজক আহুকালত পেলোৱা বুলি অভিযোগ উঠিছে ৷ অভাৰব্ৰীজ নিৰ্মাণৰ কাম চলি থকাৰ পৰা অঞ্চলটোত প্ৰতিদিনে সৰু-সুৰা দুৰ্ঘটনা সংঘটিত হ’বলৈ আৰম্ভ হৈছে বুলি অভিযোগ উত্তাপন কৰে স্থানীয় লোকে ৷ ইফালে অভাৰবীজ নিৰ্মাণৰ কামত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কিছু গাফিলতি থকাও দৃষ্টিগোচৰ হোৱা বুলি জানিবলৈ দিয়ে স্থানীয় লোকে (Flyover construction at Manikpur) ৷
উল্লেখ্য যে, অভাৰব্ৰীজখন নিৰ্মাণ কৰি থকা এই তিনি আলিটোৰ গাতেই লাগি আছে, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, মানিকপুৰ আৰক্ষী থানা, মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় আৰু দুটাকৈ বেংকৰ শাখা । গতিকে পুৱাৰ পৰা সন্ধিয়ালৈকে হাজাৰ হাজাৰ মানুহ, গাড়ী ইপাৰ সিপাৰ হয় এই পথেৰেই (Manikpur Flyover construction news) ৷
তাৰোপৰি 31 নং ৰাষ্ট্ৰীয় ঘাইপথটো এই ঠাইত One way হোৱাৰ বাবে লোকসকলে পাৰ হওঁতে যমৰ যাতনা ভুগিবলগীয়া হৈছে ৷ পথ পাৰ হওঁতে পথচাৰীয়ে কেতিয়াবা দহ মিনিট পৰ্যন্ত অপেক্ষা কৰিব লগা হয় ।
আনফালে, ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা বৰবিলা গাঁওখনৰ লোকসকলে গৰু, ছাগলী পাৰ কৰিবলৈ হ’লেও আধা মাইল দূৰেৰে ঘূৰি আহিব লগীয়া হৈছে ৷ লগতে ওচৰৰে দহ বাৰখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী এই ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰে । বিশেষকৈ স্বাস্থ্য বিভাগৰ 108, 102 মৃতুঞ্জয় গাড়ীৰে অহা বিভিন্ন ধৰণৰ বেমাৰীও সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ।
পথটোত সঘনাই পথদুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত সচেতন লোকসকলে এই দুৰ্ঘটনা ৰোধ কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৷ ৰাইজে যাতে সহজে পথ পাৰ হ’ব পাৰে তাৰ বাবে গাড়ীৰ গতি ৰোধ কৰাৰ কাৰণে স্প্ৰীডবেকাৰ, বেৰিকেড, লগোৱাৰ উপৰিও ট্ৰেফিক পুলিচৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নেশ্যনেল হাইৱে’ পৰিচালনা বিভাগ আৰু বঙাইগাঁও জিলা প্ৰশাসনক দাবী উত্থাপন কৰিছে ৷ এতিয়া বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷
লগতে পঢ়ক: HSLC result 2023: অসুস্থ শৰীৰে পৰীক্ষা দিবলৈ গৈছিল দশম স্থানপ্ৰাপ্ত বিপাঞ্চী
