পাঁচ টকাত এসাঁজ ভাত ক’ত পাই ?

author img

By

Published : Sep 7, 2021, 10:09 PM IST

rice

পাতিলাদহাত পোন প্ৰথমবাৰৰ বাবে ৫ টকাত এসাঁজ ভাতৰ ব্যৱস্থা ৷ FRANKLY নামৰ এটা স্বেচ্ছাসেৱক সংস্থাই ব্যৱস্থা কৰিছে এই পাঁচ টকীয়া ভাতৰ ৷

বঙাইগাঁও, 7 ছেপ্টেম্বৰ : যি সময়ছোৱাত মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সমগ্ৰ দেশক, ঠিক একে সময়ছোৱাত বিজনীৰ FRANKLY নামৰ স্বেচ্ছাসেৱক সংস্থাই ৫ টকাৰ বিনিময়ত এসাঁজ ভাতৰ ব্যৱস্থা কৰি সকলো ৰাইজক আচৰিত কৰি তুলিছে । ক’ভিডে ৰাইজক জুৰুলা কৰা সময়ছোৱাত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ মুখত বেচৰকাৰী সংস্থাটোৱে ৫ টকাৰ বিনিময়ত এসাঁজ ভাতৰ যোগান ধৰে পাতিলাদহা সাপ্তাহিক বজাৰত ।

উক্ত অনুষ্ঠান আঁত ধৰে FRANKLY ৰ সভাপতি অনিৰ্বাণ সেনে ৷ লগতে উপস্থিত থাকে পাতিলাদহা বজাৰ কমিটিৰ সভাপতি বিদ্যুত ৰায়, সম্পাদক অমৰেন্দ্ৰ চন্দ্ৰ ৰায়, পাতিলাদহা আঞ্চলিক আক্ৰাছু সভাপতি ভাস্কৰজ্যোতি ৰায়ক ধৰি বহু সমল ব্যক্তি । উপস্থিত সমল ব্যক্তি সকলক ফুলাম গামোচাৰে আদৰাৰ পিছত ৫টকাত এসাঁজ ভাত বিতৰণৰ কাৰ্যসূচীত আৰম্ভ কৰা হয় ।

পাঁচ টকাত এসাঁজ ভাত ক’ত পাই ?

FRANKLY NGO ৱে প্ৰতি মাহত বজাৰৰ দিনত বিজনী, পানবাৰীত আৰু পাতিলাদহাত এই কাৰ্যসূচী অনুষ্ঠিত কৰে । এই প্ৰচেষ্টাৰ বাবে পাতিলাদহাবাসীয়ে FRANKLY ক ভূয়সী প্ৰশংসা কৰে ।

উল্লেখ্য যে, প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰৰ দিনত তদানীন্তন খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী নীলমণি সেন ডেকাই আঢ়ৈ টকাত এসাঁজ ভাত আগবঢ়োৱাৰ কথা কৈ চৰ্চিত হৈ পৰিছিল ৷ সকলোৱে মন্ত্ৰীগৰাকীক আঢ়ৈ টকীয়া মন্ত্ৰী হিচাপেও আখ্যা দিছিল ৷ কিন্তু মূল্যবৃদ্ধিৰ এই যুগত বেচৰকাৰী সংস্থাটোৱে পাঁচ টকাত এসাঁজ ভাত আগবঢ়াই অসম্ভৱকো যেন সম্ভৱ কৰি তুলিছে ৷

লগতে পঢ়ক : নীতিন গাডকাৰীৰ বাহনত ঢোল-তবলাৰ হৰ্ণ লগোৱাৰ আহ্বান জুবিন গাৰ্গৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.