New auditorium inauguration: মাণিকপুৰত ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ প্ৰেক্ষাগৃহ

New auditorium inauguration: মাণিকপুৰত ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ প্ৰেক্ষাগৃহ
মাণিকপুৰত মুকলি হ'ল ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত বীৰ চিলাৰায় প্ৰেক্ষাগৃহ । মাণিকপুৰ খণ্ড উন্নয়ন বিষয়া মঞ্জু ঘোষে আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰেক্ষাগৃহটো (Manikpur BDO inaugurates auditorium)। প্ৰেক্ষাগৃহ মুকলিৰ লগে লগে আনন্দিত স্থানীয় ৰাইজ ।
মাণিকপুৰ,২ আগষ্ট : বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ঝাউবাৰী গাওঁ পঞ্চায়তত ৫০ লাখ টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা হৈছে এক বিশাল প্ৰেক্ষাগৃহ (Auditorium inauguration in Manikpur at a cost of Rs 50 lakh)। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই বীৰ চিলাৰায় প্ৰেক্ষাগৃহটো মঙলবাৰে মুকলি কৰা হয় । মাণিকপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মঞ্জু ঘোষে আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰেক্ষাগৃহটো (Manikpur BDO inaugurates auditorium)।
প্ৰেক্ষাগৃহ মুকলিৰ লগত সংগতি ৰাখি এক বিশেষ সভাৰো আয়োজন কৰা হয় । সভাত সভাপতিত্ব কৰে ঝাউবাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী হৈম্য পাটগিৰিয়ে । সভাত খণ্ড উন্নয়ন বিষয়াৰ লগতে পঞ্চায়ত সভানেত্ৰী হৈম্য পাটগিৰি, পঞ্চায়ত সচিব, আঞ্চলিক পঞ্চায়তৰ সদস্যসহ পঞ্চায়ত সদস্য-সদস্যাৰ লগতে ভালেসংখ্যক স্থানীয় লোক উপস্থিত থাকে ।
জিলাখনৰ ভিতৰত বৃহত্তম প্ৰেক্ষাগৃহত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ বিভিন্ন সভা সমিতি অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে । ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাত যথেষ্ট আনন্দিত বিষয়াগৰাকী । সমান্তৰালকৈ প্ৰেক্ষাগৃহটো পৰিষ্কাৰ কৰি ৰাখিবলৈ বিষয়াগৰাকীয়ে ৰাইজক আহ্বান জনায় ।
ইফালে প্ৰেক্ষাগৃহটো মুকলি হোৱাৰ লগে লগে আনন্দিত হৈ উঠিছে অঞ্চলটোৰ বিভিন্ন দল-সংগঠন আৰু স্থানীয় লোকসকল । অঞ্চলটোৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱা বুলিও স্বীকাৰ কৰে উপস্থিত ৰাইজে ।
