বঙাইগাঁৱত আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ পৰিবহণ বিভাগ

author img

By

Published : Sep 29, 2022, 1:32 PM IST

অভয়াপুৰীত বঙাইগাঁও পৰিবহণ বিভাগে এক অভিযান চলাই আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয় (Bongaigaon transport department operation) ।

বঙাইগাঁও, ২৯ ছেপ্টেম্বৰ : আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ (State transport department strict on law breakers) । দুৰ্গা পূজাৰ প্ৰাকক্ষণত যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে আৰক্ষী তথা পৰিবহণ বিভাগ ।

আজি অভয়াপুৰীত বঙাইগাঁও পৰিবহণ বিভাগে এক অভিযান চলাই আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয় (Bongaigaon transport department operation) । বাহনৰ গৰাকী, মটৰচাইকেলৰ চালক তথা আৰোহীয়ে হেলমেট পৰিধান নকৰাৰ বাবে আৰু চাৰিচকীয়া বাহনত ছীটবেল্ট নলগোৱাৰ বাবে জৰিমনা বিহা হয় ।

বঙাইগাঁৱত আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ পৰিবহণ বিভাগ

আনহাতে, ৰাইজক আইন ভংগ কৰি আৰু মদ্যপান কৰি গাড়ী নচলাবলৈ আহ্বান জনায় বঙাইগাঁও পৰিবহণ বিভাগৰ বিষয়াই (MVI Bongaigaon strict against law breaker) । লগতে গাড়ী, মটৰচাইকেল নিম্নতম গতিৰে চলাবলৈও অনুৰোধ কৰে পৰিবহণ বিষয়াগৰাকীয়ে । দুৰ্গা পূজাৰ প্ৰাকক্ষণত দুৰ্ঘটনা ৰোধৰ বাবে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে বঙাইগাঁও পৰিবহণ বিভাগৰ বিষয়াই ।

উল্লেখ্য যে দুৰ্ঘটনা ৰোধৰ বাবে পৰিবহণ বিভগে লোৱা এই কঠোৰ পদক্ষেপক প্ৰশংসাৰে উপচাই পেলাইছে সচেতন মহলে ।

লগতে পঢ়ক :হোজাইৰ উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তক নিলম্বন

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.