মাণিকপুৰত ক'ভিড যোদ্ধাক সম্বৰ্ধনা আছুৰ

author img

By

Published : Sep 11, 2021, 11:30 AM IST

MANIKPUR AASU FELICITATED COVID WARRIOR

বিগত বৰ্ষৰ পৰাই নিজৰ জীৱন তুচ্ছ কৰি ক'ভিড ৰোগীক সেৱা আগবঢ়াই আহিছে স্বাস্থ্যকৰ্মীসকলে । ক'ভিড যোদ্ধাসকলৰ এই সেৱাৰ প্ৰতি সন্মান জনাই শুকুৰবাৰে মাণিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে । মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আৰু মহকুমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ক'ভিড যোদ্ধাসকলক সম্বৰ্ধনা জনায় সংগঠনটোৱে ।

বঙাইগাঁও, ১১ ছেপ্টেম্বৰ : ২০২০ চনৰ পৰাই সমগ্ৰ দেশতে ক'ভিড-১৯ মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে । মহামাৰীৰ কবলত পৰি দেশত লাখ লাখ লোকে প্ৰাণ হেৰুৱাইছে । নিজৰ জীৱন তুচ্ছ কৰি ক'ভিড ৰোগীক সেৱা আগবঢ়াই বহু স্বাস্থ্য কৰ্মীয়েও প্ৰাণ হেৰুৱাবলগীয়া হৈছে । তথাপিও স্বাস্থ্য কৰ্মীসকল হতাশ হোৱা নাই । নিস্বাৰ্থভাৱে ক'ভিড আক্ৰান্ত ৰোগীক সেৱা আগবঢ়াই সুস্থ কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে ।

সেয়ে, ক'ভিড যোদ্ধাসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকক উৎসাহ যোগোৱাৰ উদ্দেশ্যে শুকুৰবাৰে মাণিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে । বঙাইগাঁও জিলাৰ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আৰু মহকুমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সকলো ক'ভিড যোদ্ধাক মাণিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এই সম্বৰ্ধনা অনুষ্ঠানত ক'ভিড যোদ্ধাসকলক ফুলাম গামোচা, কলম আৰু মানপত্ৰৰে সন্মানিত কৰে ছাত্ৰ সংগঠনটোৱে ।

এই সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতিত্ব কৰে আঞ্চলিক সমিতিৰ সভাপতি আপ্তাবুল হুছেইনে । এই সম্বৰ্ধনা অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিৰণ্য কুমাৰ ৰায়, কাৰ্য নিৰ্বাহক সদস্য নিৰোৎপল চক্ৰবৰ্তী, বঙাইগাওঁ জিলা সমিতিৰ সাধাৰণ সম্পাদক জ্যোতিশংকৰ চৌধৰী আৰু বঙাইগাঁও জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ছফিয়ৰ আলী, ব্ৰজেন ৰায়ৰ লগতে আন সদস্যসকল উপস্থিত থাকে । মাণিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এই কাৰ্যৰ শলাগ লৈছে স্থানীয় ৰাইজৰ লগতে মাণিকপুৰ মহকুমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মুৰব্বী ডাঃ দেবানন্দ বনিক্যই ।

লগতে পঢ়ক:পৰীমিতা দাসলৈ শ্ৰদ্ধাঞ্জলি নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.