সুৰাৰ নিচাত পত্নীক হত্যাৰ চেষ্টা পাষাণ স্বামীৰ

author img

By

Published : Sep 21, 2022, 4:02 PM IST

Husband tries to kill wife at Manikpur

সুৰাৰ নিচাত পত্নীক হত্যাৰ চেষ্টা চলালে পাষাণ স্বামীয়ে (Husband tries to kill wife)৷ ৰেজিনাই চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া লোক উপস্থিত হৈ পাষাণ স্বামীৰ হাতৰ পৰা কোনোমতে ৰেজিনাক ৰক্ষা কৰে ৷ হাবুলৰ এই কাণ্ড দেখি স্থানীয় লোকে হাবুলক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি আৰক্ষীক গতাই দিয়ে(Police arrested accused husband) ৷

বঙাইগাঁও, 21 ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ মানিকপুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Attempt to murder case in Bongaigaon)৷ সুৰাৰ নিচাত পত্নীক হত্যাৰ চেষ্টা চলালে পাষাণ স্বামীয়ে (Husband tries to kill wife)৷ বঙাইগাঁও আৰু বৰপেটা জিলাৰ সীমামূৰীয়া সৰভোগৰ ২নং বগুলামাৰীত এই ঘটনা সংঘটিত হয় ৷

জানিব পৰামতে মদাহি স্বামী হাবুল আলীয়ে প্ৰতিদিনে নিচা কৰি আহি পত্নী ৰেজিনা বেগমক শাৰীৰিক অত্যাচাৰ কৰিছিল (Physical torture to wife)৷ অইন দিনাৰ দৰে মঙলবাৰে হাবুলে নিচা কৰি আহি পুনৰ পত্নীক মাৰ ধৰ কৰাৰ লগতে হত্যা কৰাৰ চেষ্টা কৰে (Attempt to murder case at Manikpur)৷

অৱস্থা বিষম দেখি লগে লগে ৰেজিনাই চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া লোক উপস্থিত হৈ পাষাণ স্বামীৰ হাতৰ পৰা কোনোমতে ৰেজিনাক ৰক্ষা কৰে ৷ স্থানীয়ে লোকে গুৰুতৰ অৱস্থাত ৰেজিনাক চিকিৎসালয়ত ভৰ্তি কৰে ৷ লগতে আৰক্ষীক এই ঘটনাৰ সন্দৰ্ভত অৱগত কৰে (Police arrested accused husband)৷

খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰক্ষীয়ে ঘটনাৰ বুজ লয় ৷ ইফালে হাবুলৰ এই কাণ্ড দেখি স্থানীয় লোকে হাবুলক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি আৰক্ষীক গতাই দিয়ে ৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি ৰেজিনাক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল হাবুলে ৷ স্থানীয়ে ৰাইজে সুৰাপায়ী হাবুলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: বটদ্ৰৱা কাণ্ডৰ আন এক অভিযুক্ত আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.