ধাবাত খুৱাবলৈ আনি ধৰ্ষণ যুৱতীক

author img

By

Published : Sep 22, 2022, 6:06 PM IST

girl rape inside a dhaba in Bongaigaon

অসৎ কাৰ্যৰ যেন কেন্দ্ৰস্থল হৈ পৰিছে পথৰ কাষত গঢ়ি উঠা একাংশ ধাবা ৷ বঙাইগাঁৱৰ সৃষ্টি ধাবাত ধৰ্ষণৰ বলি হ’ল যুৱতী (Girl raped in Bongaigaon) ৷ চিনাকী যুৱকে খুৱাবলৈ আনি ভয়-ভাবুকিৰে ধৰ্ষণ কৰে যুৱতীগৰাকীক ৷

বঙাইগাঁও, 22 ছেপ্টেম্বৰ : ৰাজ্যত পুনৰ ধৰ্ষণৰ বলি এগৰাকী যুৱতী (Rape case in Assam) ৷ ধাবাত খুৱাবলৈ নি যুৱতীৰ সৈতে অসৎকাৰ্য চৰিতাৰ্থ কৰিলে এজন যুৱকে ৷ এই কথা কাকো নকবলৈ যুৱতীক ভয়-ভাবুকিও প্ৰদান কৰে যুৱকজনে ৷ এই জঘন্য কাণ্ড সংঘটিত হৈছে বঙাইগাঁও জিলাৰ গেৰৰুকাবাৰীত (Bongaigaon rape case) ৷

যোৱা 18 ছেপ্টেম্বৰত পিতৃৰ সৈতে বঙাইগাঁৱৰ কিষাণ বজাৰলৈ গৈছিল হাপাচৰা শিবিৰৰ এগৰাকী যুৱতী ৷ ইটা ভাটাত শ্ৰমিক হিচাপে নিয়োজিত যুৱতীগৰাকীক বজাৰৰ পৰাই ঘৰত থৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাইকত উঠাই লৈ যায় পূৰ্বৰ চিনাকী ছবিয়াল ইছলাম নামৰ যুৱকজনে ৷ আধাবাটত কিবা এটা খাবলৈ বুলি যুৱতীগৰাকীক লগত লৈ গেৰুকাবাৰীৰ সৃষ্টি নামৰ ধাবাখনত সোমাই ছবিয়াল ৷

ধাবাৰ ভিতৰত গৈ যুৱতীগৰাকীক শ্লীলতা হানিৰ চেষ্টা কৰে যুৱকজনে (Girl molested inside Dhaba)৷ কিন্তু যুৱতীগৰাকীয়ে বাধা প্ৰদান কৰাত বিভিন্ন ধৰণে ভয়-ভাবুকি দি ধৰ্ষণ যৌন আতিশায্য চলায় যুৱক ছাবিয়ালে ৷ এই কথা কাৰো আগত নকবলৈ ভুক্তভোগী যুৱতীগৰাকীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে যুৱকজনে (Death threat to rape victim) ৷

লগতে পঢ়ক: খুমটাইত সোপাধৰাৰ সন্দেহত ৰাইজৰ ৰোষত পৰিল আন এজন যুৱক

পৰৱৰ্তী সময়ত ঘৰলৈ আহি যুৱতীগৰাকীয়ে নিজৰ অভিভাৱকক ব্যক্ত কৰে সকলো কথা ৷ তাৰ পাচতেই যুৱতীগৰাকীৰ পিতৃয়ে স্থানীয় কেইজনমান মাতব্বৰক এই বিষয়ে অৱগত কৰি উচিত বিচাৰৰ বাবে আহ্বান জনায় ৷ মাতব্বৰ কেইজনে বিচাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও কোনো বিচাৰ নকৰিলে যোৱা দুদিনত ৷ তাৰোপৰি আৰক্ষীৰ কাষ নাচাপিবলৈও যুৱতীগৰাকীৰ পিতৃক নিৰ্দেশ দিয়ে মাতব্বৰ কেইজনে ৷

কিন্তু ন্যায় বঞ্চিত হৈ যুৱতীগৰাকীৰ পিতৃ বৃহস্পতিবাৰে কাষ চাপিল আৰক্ষীৰ ৷ ভুক্তভোগী যুৱতীগৰাকীৰ পিতৃয়ে কৰা অভিযোগ অনুসৰি গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে প্ৰথমতে গোচৰটো গ্ৰহণ কৰিব খোজা নাছিল যদিও পৰৱৰ্তী সময়ত এজাহাৰখন গ্ৰহণ কৰি এটা গোচৰ ৰুজু কৰে (Rape cases registered in Assam) ৷

ইফালে এই ঘটনা সংঘটিত হোৱা ধাবাখনৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে ৷ কিন্তু যুৱতীগৰাকীয়ে কৰা অভিযোগ মতে, ঘটনাটো সংঘটিত হোৱাৰ দিনা ধাবাত সোমায়েই এজন কৰ্মচাৰীক ধন দি সকলো মেনেজ কৰি লৈছিল অভিযুক্ত ছাবিয়ালে ৷ সংবাদ মাধ্যমৰ যোগেদি এই ঘটনাৰ ন্যায় দাবী কৰিছে যুৱতীগৰাকী আৰু পৰিয়ালে ৷

লগতে পঢ়ক: খুমটাইত সোপাধৰাৰ সন্দেহত ৰাইজৰ ৰোষত পৰিল আন এজন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.