বঙাইগাঁৱত আমছুৱে দাহ কৰিলে শিক্ষামন্ত্ৰীৰ পুত্তলিকা

author img

By

Published : Sep 19, 2021, 12:28 PM IST

aamsu-protest-at-bongaigaon

ৰাজ্যৰ 7 খন জিলাত টেট পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা নকৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যহত আছে প্ৰতিবাদ ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি বঙাইগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ আমছুৰ ।

বঙাইগাঁও, 19 ছেপ্টেম্বৰ : নামনি অসমৰ ৭ খন জিলাত টেট পৰীক্ষা কেন্দ্ৰ স্থাপন নকৰাক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে শনিবাৰে বঙাইগাঁও জিলাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে বঙাইগাঁও জিলাৰ ৩১নং (খ) ৰাষ্ট্ৰীয় ঘাইপথত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে ।

বঙাইগাঁৱত আমছুৱে দাহ কৰিলে শিক্ষামন্ত্ৰীৰ পুত্তলিকা

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে ২০২১ বৰ্ষত অনুষ্ঠিত কৰিবলগীয়া টেট পৰীক্ষা সম্পৰ্কে বৃহস্পতিবাৰে এখন জাননী প্ৰকাশ কৰে ৷ এই জাননী অনুযায়ী অসমৰ ২৭ খন জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ স্থাপনৰ বিপৰীতে বজালী, বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ স্থাপন কৰা নাই শিক্ষা বিভাগে ।

দ্বিতীয়তে, এইবাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অভিলেখ সংখ্যাক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বাবে হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত আৰু স্নাতক প্ৰথম ষাণ্মাসিকত নামভৰ্তি কৰিব পৰা নাই । আমছুৰ দাবী এই দুয়োটা সমস্যাই অসমৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে ক্ষতি কৰিব ।

সেয়ে উপৰোক্ত সমস্যা দুটা সমাধানৰ দাবীৰে আমছুৱে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে অসমৰ অন্যান্য জিলা সমিতিৰ লগতে উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যাগত যোগীঘোপা তিনিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক : 6 খন জিলাত টেট পৰীক্ষা কেন্দ্ৰ নিদিয়াক লৈ আমছু উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.