অভয়াপুৰীত বানাক্ৰান্তৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ

author img

By

Published : Sep 11, 2021, 2:17 PM IST

Distribution of food items in Abhayapuri in flood affected people

ৰাজ্যত বান পৰিস্থিতি এতিয়া ক্ৰমাৎ উন্নত হৈছে ৷ কিন্তু ইয়াৰ লগতে বাঢ়িছে বানাক্ৰান্তৰ দুৰ্ভোগ ৷ বিভিন্ন বান শিৱিৰত প্ৰশাসনৰ তৰফৰ পৰা সাহাৰ্য নোপোৱাৰ অভিযোগ বানাক্ৰান্তৰ ৷

বঙাইগাওঁ, 11 ছেপ্তেম্বৰ : বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ গৰাখহনীয়াত জাহ যোৱা বালাপেটৰ শতাধিক পৰিয়ালক শুকুৰবাৰে গুণ জঞ্জন এন জি অ’ই Smile Education and Charitable Trust ৰ সহযোগত বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে । এন জি অ’ই বালাপেট তেলিপাৰা প্ৰাথমিক বিদ্যালয়ত থকা শতাধিক পৰিয়ালক চাউল, দালি, নিমখ, মিঠাতেল, বুট, চাবোন, নেপথলিনসহ বহু সামগ্ৰী প্ৰদান কৰে ৷

অভয়াপুৰীত বানাক্ৰান্তৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ

উল্লেখ্য যে, বালাপেট শিৱিৰত থকা ঠাইৰ অভাৱৰ লগতে নাই খোৱাপানী, শৌচালয়ৰ ব্যৱস্থা । ত্ৰিপালৰ তলত নিশা কটাবলগীয়া হৈছে বানাক্ৰান্তই । শিৱিৰত প্ৰায় শতাধিক শিশু আছে যদিও চৰকাৰী প্ৰদান কৰা নাই শিশু খাদ্য । প্ৰায় এমাহ ধৰি পশুধনেৰে একেলগে সহবাস কৰি আছে এইসকল লোকে ।

উল্লেখ্য যে, যোৱা ১৪ আগষ্টত ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াত বানৰ সৃষ্টি হয় । বানৰ ফলত মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বাশবাৰী গাঁৱৰ শ শ পৰিয়াল আৰু কৃষি গৰাখহনীয়াৰ কৱলত পৰি নদীত জাহ গৈছে । বঙাইগাঁও জিলাৰ মানচিত্ৰৰ পৰা ২ নং বাশবাৰী আৰু বালাৰপেট গাঁও একপ্ৰকাৰে নোহোৱা হৈছে ।

Distribution of food items in Abhayapuri in flood affected people
অভয়াপুৰীত বানাক্ৰান্তৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ

এই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক তেলিপাৰা প্ৰাথমিক বিদ্যালয়ত অস্থায়ী শিৱিৰ পাতি জিলা প্ৰশাসনে ৰাখিছে যদিও উপযুক্ত সা-সুবিধা প্ৰদান নকৰাৰ অভিযোগ তুলিছে বানাক্ৰান্তই । শিৱিৰত প্ৰায় শতাধিক কণ কণ শিশু আৰু ল’ৰা-ছোৱালী আছে । জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কোনো চিকিৎসাৰ ব্যৱস্থা নকৰাৰ ফলত এই শিশু তথা ল’ৰা ছোৱালীবিলাক নানান ধৰণৰ বেমাৰত আক্ৰান্ত হৈছে । এই ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক : নিমাতীৰ বিননি: বিশ্বনাথত উদ্ধাৰ জান বৰুৱাৰ নিথৰ দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.