ছাগলীক কেন্দ্ৰ কৰি দুই ফৈদৰ প্ৰচণ্ড মাৰপিট

author img

By

Published : Sep 18, 2022, 10:02 PM IST

clash between two groups in bongaigaon

ছাগলীক কেন্দ্ৰ কৰি বঙাইগাঁৱত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা(Heavy fighting between the two parties) । মাৰপিটত মহিলাসহ চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত(4 people injured in clash at Bongaigaon) । আহত চাৰিওকে চিকিৎসালয়লৈ প্ৰেৰণ ।

বঙাইগাঁও,১৮ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত শৌলমাৰী বজাৰত এটা ছাগলীক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা(Heavy fighting between the two parties) । ঘটনাত গুৰুতৰভাৱে আহত মহিলাসহ চাৰিজনকৈ লোক(4 people injured in clash at Bongaigaon) ।

জানিব পৰা মতে খাইৰুল ইছলামৰ কন্যাই পথাৰৰ পৰা ছাগলী লৈ আহোতে ছুলেমান হুছেইনে আক্ৰমণ কৰে । আক্ৰমণৰ গোচৰ দিবলৈ বজাৰত আহি পোৱাৰ লগে লগে ছুলেমান হুছেইন,শহিদুল ইছলাম,ৰফিকুল ইছলাম আৰু পৰিয়ালৰ লোকে শৌলমাৰী বজাৰত ৰড,বাটামৰে পুনৰ আক্ৰমণ কৰে খাইৰুল ইছলামৰ পৰিয়ালক ।

ছাগলীক কেন্দ্ৰ কৰি দুই ফৈদৰ প্ৰচণ্ড মাৰপিট

মাৰপিটত এটা ফৈদৰ খাইৰুল ইছলাম,আৰজিনা খাতুন আৰু জায়েদা খাতুন আৰু আনটো ফৈদৰ ছবিয়া খাতুন গুৰুতৰভাৱে আহত হয়(Clash between two groups in Bongaigaon) । আহত চাৰিওজনকে কলগাছিয়াৰ অসামৰিক চিকিৎসালয়লৈ ১০৮ ৰে প্ৰেৰণ কৰে ।

লগতে পঢ়ক: বৰপথাৰ আৰক্ষীৰ জালত চাৰি নাৰী সৰবৰাহকাৰী

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.