জনজাতিকৰণ: ২৪ ঘন্টীয়া বঙাইগাঁও জিলা বন্ধৰ আহ্বান

author img

By

Published : Sep 16, 2022, 1:29 PM IST

Bongaigaon district bandh called

আজি ২৪ ঘন্টীয়া বঙাইগাঁও জিলা বন্ধৰ আহ্বান কোঁচ ৰাজবংশীয়সকলৰ(Bongaigaon district bandh called) ৷ অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত পুনৰ প্ৰতাৰণা কৰাক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে অসমৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহ (protest against cental govt decision)৷

বঙাইগাঁও,16 ছেপ্টেম্বৰ: কেন্দ্ৰীয় চৰকাৰে বুধবাৰে অনুষ্ঠিত কেবিনেটত ভাৰতৰ পাঁচখন ৰাজ্যৰ বাৰটাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ ঘোষণা কৰাৰ পিছতে জাঙুৰ খাই উঠিছে অসমৰ জনগোষ্ঠীয় সংগঠনসমূহ ৷ তামিলনাডু, উত্তৰ প্ৰদেশ, কৰ্ণাটক, হিমাচল প্ৰদেশ আৰু ছত্তীশগড়ৰ বাৰটাকৈ জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে বুধবাৰে প্ৰদান কৰিছে জনজাতিকৰণৰ মৰ্যাদা(Union Cabinet granted ST) ।

ইয়াৰ পিছতে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে অসমৰ জনগোষ্ঠীসমূহ ৷ বছৰ বছৰ ধৰি জনগোষ্ঠীকৰণৰ দাবী উত্থাপন কৰি অহা অসমৰ ছয়টা জনগোষ্ঠীৰ জনগোষ্ঠীকৰণ বিষয়টোত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰি অহা নিৰ্লিপ্ত ভূমিকাত ক্ষুণ্ণতা প্ৰকাশ কৰিছে অসমৰ বিভিন্ন দল-সংগঠনে ৷ যাৰবাবে আজি ২৪ ঘন্টীয়া বঙাইগাঁও জিলা বন্ধৰ আহ্বান জনাইছে কোঁচ ৰাজবংশীয়সকলে(Bongaigaon district bandh called) ৷

পাঁচখন ৰাজ্যৰ বাৰটাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ পাছতে জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবী কৰি অহা অসমৰ জনগোষ্ঠীসমূহে ঠায়ে ঠায়ে বিৰূপ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ জনগোষ্ঠীয় ৰাইজে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে(Protest against state and central Govt) ৷

অসম কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি মহিধৰ ৰায়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে অসমক বাৰাম্বাৰ মাহী আইৰ দৰে ব্যৱহাৰ কৰি আহিছে(Krishak mukti sangram samitee) । কোচঁ ৰাজবংশী জনগোষ্ঠীৰ লগতে আৰু পাঁচটা জনগোষ্ঠী পুনৰ জনজাতিকৰণৰ পৰা বঞ্চিত হ'ল বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতিগৰাকীয়ে ৷

জনজাতিকৰণ: ২৪ ঘন্টীয়া বঙাইগাঁও জিলা বন্ধৰ আহ্বান

সভাপতিগৰাকীয়ে পুনৰ কয় যে পূৰ্বৰ কেইবাৰৰ দৰে এইবাৰো অসমৰ ছয় জনগোষ্ঠী পুনৰ বঞ্চিত হ'ল জনজাতিকৰণৰ মৰ্যাদা লাভৰ পৰা ৷ কোঁচ ৰাজবংশী জনগোষ্ঠীয়ে কেইবা দশক ধৰি আন্দোলন কৰাৰ ফলত স্বায়ত্ত্ব শাসিত পৰিষদৰ মৰ্যাদা প্ৰদান কৰে যদিও আজি পৰ্যন্ত কোনো কাম-কাজ আৰম্ভ নহ'ল ৷ লগতে হৈ নুঠিল সীমা নিৰ্ধাৰণ ।

কোচঁ ৰাজবংশী জনগোষ্ঠী ৰাইজ প্ৰাপ্য অধিকাৰৰ দাবীত ৰাজপথলৈ ওলাই আহিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ কেন্দ্ৰীয় কেবিনেটৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জিলাখনত উত্তাল প্ৰতিবাদ সাব্যস্ত হোৱা পৰিলক্ষিত হোৱাৰ লগতে বিজেপি চৰকাৰখনৰ সমালোচনাত মুখৰ হৈ পৰিছে ৰাজ্যৰ দল-সংগঠনসমূহ ৷

লগতে পঢ়ক: অসমক ঘূৰাই দিয়া নহ’ব জয়মালা কিম্বা অন্য হাতীকেইটাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.