75th Independence Day: দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মাণিকপুৰ ব্লক কংগ্ৰেছৰ শোভাযাত্ৰা

author img

By

Published : Aug 9, 2022, 10:51 PM IST

block-congress-rally-in-bongaigaon-to-mark-upcoming-75th-independence-day-of-india

সমাগত ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বঙাইগাঁৱৰ মাণিকপুৰ ব্লক কংগ্ৰেছৰ শোভাযাত্ৰা (Block Congress rally in Bongaigaon) ৷ যথেষ্ট সংখ্যক কংগ্ৰেছ কৰ্মীৰ লগতে এই শোভাযাত্ৰাত উপস্থিত থাকে উত্তৰ অভয়াপুৰী সমষ্টিৰ কংগ্ৰেছী বিধায়ক আব্দুল বাতিন খন্দকাৰ ।

মাণিকপুৰ, 8 আগষ্ট: দেশৰ আগন্তুক ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে (75th Year of Independence Day of India) মঙলবাৰে উত্তৰ অভয়াপুৰী সমষ্টি ভিত্তিত মাণিকপুৰ ব্লক কংগ্ৰেছ উদ্যোগত আৰু যুৱ, মহিলা কংগ্ৰেছৰ সহযোগত হাতে-হাতে ত্ৰিৰংগা পতাকা লৈ এক সজাগতামূলক এক শোভাযাত্ৰা বাহিৰ কৰে ।

মাণিকপুৰৰ পৰা এই শোভাযাত্ৰা আৰম্ভ কৰি নোৱাগাঁৱত অন্ত পৰে । উত্তৰ অভয়াপুৰী সমষ্টিৰ কংগ্ৰেছী বিধায়ক আব্দুল বাতিন খন্দকাৰৰ(North Abhayapuri MLA)নেতৃত্বত উলিওৱা এই শুভযাত্ৰাত যথেষ্ট সংখ্যক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে (Block Congress rally in Bongaigaon) ।

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মাণিকপুৰ ব্লক কংগ্ৰেছৰ শোভাযাত্ৰা

উক্ত শোভাযাত্ৰাত অংশ লৈ বিধায়কগৰাকীয়ে কয় যে, বিজেপি চৰকাৰৰ পূৰ্ব পুৰুষ স্বাধীনতাৰ বিৰোধী আছিল যাৰ বাবে জাতিৰ পিতা মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰা নাথুৰাম গডছেক বিজেপিয়ে দেৱতাৰ ৰূপত পূজা কৰে আৰু তেওঁৰ নামত মন্দিৰ নিৰ্মাণ কৰিছে । এই শোভাযাত্ৰা আজিৰ পৰা ১৪ আগষ্টলৈকে চলিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

আনহাতে, শোভাযাত্ৰা আৰম্ভ হোৱাৰ আগমূহুৰ্তত মাণিকপুৰ ৰাজীৱ ভৱনত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । সভাখনত বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি আবুল কাশেম, উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰ মাণিকপুৰ ব্লক কংগ্ৰেছৰ সভানেত্ৰী অনুৰূপা ৰাজবংশীৰ লগতে বহু সংখ্যক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক : Har ghar tiranga: মায়ং উন্নয়ণ খণ্ডত 'হৰ ঘৰ ত্ৰিৰংগা' অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.