Assam worker missing in Arunachal: ২০ দিনৰ পাছত ঘৰ পালেহি আব্দুল আমিন

author img

By

Published : Jul 31, 2022, 10:52 PM IST

Assam worker missing in Arunachal

অৰুণাচল প্ৰদেশৰ কুৰুং কুৰ্মে জিলাৰ ভাৰত-চীন সীমান্তৰ দামীনত BROৰ অধীনত কাম কৰিবলৈ গৈ নিৰুদ্দেশ হৈ আছিল 19 জনকৈ শ্ৰমিক ৷ ইয়াৰে দুজন শ্ৰমিক আছিল বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলগাগৰিৰ । ইয়াৰে আব্দুল আমিন নামৰ শ্ৰমিকজন দেওবাৰে জীৱিত অৱস্থাত আহি নিজ গৃহত উপস্থিত হয়(Assam worker missing in Arunachal reached Home)৷

মাণিকপুৰ, 31 জুলাই: অৰুণাচলত নিৰুদ্দেশ হোৱা 19 জন শ্ৰমিকৰ(Assam 19 workers missing in Arunachal Pradesh) ভিতৰত বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলগাগৰিৰ দুজন শ্ৰমিক আছিল । ইয়াৰে ওৱাজেদ আলী নামৰ শ্ৰমিকজনৰ মৃত্যু হয় যদিও আব্দুল আমিন নামৰ শ্ৰমিকজন জীৱিত অৱস্থাত ঘৰলৈ উভতি আহিছে(Assam worker missing in Arunachal reached Home) । আব্দুল আমিনে বিগত ২০ দিন কেনেদৰে ঘন জংঘলত পাৰ কৰিলে সকলো বৰ্ণনা কৰিলে কেমেৰাৰ আগত ।

২০ দিনৰ পাছত ঘৰ পালেহি আব্দুল আমিন

আব্দুল আমিনে নিজৰ সতীৰ্থসকলক কেনেকৈ হেৰুৱাইছে সেয়াও বৰ্ণনা কৰিলে কেমেৰাৰ আগত । চিনেমাৰ কাহিনীৰ দৰে ঘটনা সংঘটিত হৈছিল ঘন জংঘলত । নিৰুদিষ্ট শ্ৰমিকজনৰ ঘৰত উপস্থিত হয় আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ । অৰুণাচলত নিৰুদ্দেশ হৈ মৃত্যু লোকসকলক এককালীন সাহাৰ্য প্ৰদান কৰাৰ লগতে জীৱিত সকলক সুচিকিৎসা প্ৰদান কৰাৰ বাবে অসম আৰু অৰুণাচল চৰকাৰক দাবী জনাইছে আমছুৰ সভাপতিজনে ।

লগতে পঢ়ক : Worker missing in Arunachal Pradesh: অৰুণাচলত কাম কৰিবলৈ গৈ সন্ধানহীন মাণিকপুৰৰ শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.