আজি আক্ৰাছুৰ 24 ঘণ্টীয়া অসম বন্ধ, ৰাজপথত টায়াৰ জ্বলাই সমৰ্থকৰ প্ৰতিবাদ

author img

By

Published : Sep 23, 2022, 11:28 AM IST

AKRSU calls for 24 hour Assam Bandha

আজিৰে পৰা সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আহ্বান জনোৱা 24 ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে বঙাইগাঁও (AKRSU calls for 24 hour Assam Bandha) ৷ ৰাষ্ট্ৰীয় পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধ সমৰ্থকসকলে ৷

বঙাইগাঁও, 23 ছেপ্টেম্বৰ: অসমক বাদ দি ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্য ক্ৰমে তামিলনাডু, উত্তৰ প্ৰদেশ, কৰ্ণাটক, হিমাচল প্ৰদেশ আৰু ছত্তীশগড়ৰ মুঠ বাৰটা জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি দিবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লোৱাৰ পিছতেই অসমত পুণৰ ক্ষোভ আৰু প্ৰতিবাদৰ উদ্গীৰণ ঘটিছে ৷ কাৰণ কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তৰ তালিকাত নাই অসমৰ ছয় জনগোষ্ঠীৰ নাম (Union Cabinet granted ST) ।

তাৰ পিছতেই ৰাজ্যজুৰি কেন্দ্ৰীয় চৰকাৰে অসমৰ ৬ জনগোষ্ঠীক (Six community of Assam) বঞ্চনা কৰাৰ বাবে সাব্যস্ত হৈছে প্ৰতিবাদ (Protest for ST status in Assam) ৷ অকল প্ৰতিবাদেই নহয় কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দাবীত আক্ৰাছুৱে শুকুৰবাৰৰ পৰা ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে (AKRSU calls for 24 hour Assam Bandha) ৷

আজি আক্ৰাছুৰ 24 ঘণ্টীয়া অসম বন্ধ, ৰাজপথত টায়াৰ জ্বলাই সমৰ্থকৰ প্ৰতিবাদ

বন্ধ সমৰ্থকসকলে ৰাষ্ট্ৰীয় পথতে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । বন্ধৰ ফলত বঙাইগাঁও জিলাত বন্ধৰ প্ৰভাৱ পৰাত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে ৷ ৰাতিপুৱাৰ পৰা যান-বাহনৰ চলাচলো বন্ধ হৈ আছে । উল্লেখযোগ্য যে, কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লগতে আন পাঁচটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আক্ৰাছুয়ে (All Koch Rajbongshi Students' Union) 24 ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে ।

লগতে পঢ়ক: খানাপাৰাত দ্বিতীয়টো বৃহৎ নিযুক্তি পত্র বিতৰণ অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.