নকল চাৰ্টিফিকেট প্ৰস্তুত কৰি আৰক্ষীৰ জালত 2 জন

author img

By

Published : Sep 3, 2021, 2:13 PM IST

2-duplicate-certificate-creater-arrested-at-manikpur

মাণিকপুৰৰ পাতিলাদহাত নকল চাৰ্টিফিকেট বনোৱা চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । দুজনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ ।

বঙাইগাঁও, 3 চেপ্টেম্বৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহাত বুধবাৰে সন্ধিয়া জাল চাৰ্টিফিকেট বনোৱা এটা বৃহৎ চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় আৰক্ষীয়ে ৷ এই অভিযানত দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে নকল চাৰ্টিফিকেটো জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ।

বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক লুনা সোণোৱালৰ নেতৃত্বত মাণিকপুৰ আৰক্ষী থানাৰ (Manikpur Police Station) উপ আৰক্ষী পৰিদৰ্শক দেৱব্ৰত ফুকনৰ সহযোগত আৰক্ষীৰ এটা দলে অভিযান চলায় ৷ আৰক্ষীয়ে জাল চাৰ্টিফিকেট প্ৰস্তুত কৰা পৰিমল ৰায় আৰু ওচমান আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে দীৰ্ঘদিন ধৰি বৃহত্তৰ পাতিলাদহা অঞ্চলটোত বৃহৎ জাল চাৰ্টিফিকেট প্ৰস্তুত কৰা চক্ৰ এটাই বিভিন্ন বিভাগৰ চহী জাল কৰি চাৰ্টিফিকেটৰ বেহা অব্যাহত ৰাখিছিল । বুধবাৰে সন্ধিয়া আৰক্ষীয়ে চক্ৰটোৰ বিৰুদ্ধে অভিযান চলায় লোক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত সচেতন ৰাইজে সন্তষ্টি লাভ কৰিছে । আটকাধীন দুয়ো ব্যক্তিকে বৃহস্পতিবাৰে আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : গোলাঘাট জিলা প্ৰশাসনেৰে পৰ্যালোচনা সভা মন্ত্ৰী কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.