গহপুৰৰ হেলেমত ভাং সহ আটক মহিলা

author img

By

Published : Oct 18, 2021, 1:57 PM IST

Woman arrested with bhang at Gahpur

ড্ৰাগছ, ভাং, অবৈধ অৰুণাচলী সুৰাৰে ভৰি পৰিছে গহপুৰৰ হেলেমৰ বিভিন্ন অঞ্চল । যাৰ পৰিপ্ৰেক্ষিতত অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে নৱ প্ৰজন্ম । কুম্ভকৰ্ণ নিদ্ৰাত আবকাৰী বিভাগ ।

বিশ্বনাথ, ১৮ অক্টোবৰ : গহপুৰ হেলেমৰ কাৰিবিলত দেওবাৰে নিশা হেলেম আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ভাং সহ এগৰাকী মহিলাক আটক কৰে ৷ আটকাধীন মহিলাগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে হেলেম আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ ৷ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলাইছিল এই অভিযান ৷

আৰক্ষী বিষয়াৰ ভাষ্য

হেলেম আৰক্ষীয়ে অভিযানৰ সময়ত প্ৰায় ১.৫০ কিল’গ্ৰাম ভাং জব্দ কৰে ৷ হীমা দেৱী দুলাল নামৰ মহিলাগৰাকীৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে এই ভাংখিনি জব্দ কৰিবলৈ সক্ষম হয় । ভাং খিনিৰ আনুমানিক বজাৰ মূল্য পাঁচ হাজাৰ টকা ৷

হীমা দেৱী দুলালক আটক কৰি হেলেম আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে ৪৯/২০২১ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ২০/বিএ ধাৰাত গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে । উল্লেখ্য যে, উক্ত মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি ভাঙৰ ব্যৱসায় চলাই আহিছে বুলি জানিব পৰা হৈছে ।

লগতে পঢ়ক : নলবাৰীত যুৱতীৰ ৰহস্যজনক আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.