বিহালীৰ নাচবৰত বন্যহস্তীৰ ত্ৰাস

author img

By

Published : Oct 7, 2021, 5:13 PM IST

Wild elephant terror at Bihali

ৰাজ্যজুৰি ৬৮ তম বন্যপ্ৰাণী সপ্তাহ চলি থকা সময়তে বিহালীত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস । বৃহস্পতিবাৰে পুৱা প্ৰায় বিহালীৰ নাচবৰত প্ৰায় ৪০/৫০ জনীয়া এটা বন্যহস্তীৰ জাকে অৱস্থান কৰি স্থানীয় লোকৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰে ৷

বিশ্বনাথ, 7 অক্টোবৰ : বিশ্বনাথৰ বিহালীৰ নাচবৰত বৃহস্পতিবাৰে পুৱা বনৰীয়া হাতীৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ পৰে গঞা । বিহালী নাচবৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বৃহস্পতিবাৰে পুৱাৰ পৰা ৪০/৫০ জনীয়া এটা বন্যহস্তীৰ জাকে অৱস্থান কৰি থকাক লৈ চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ । বনৰীয়া হাতীৰ জাকটোৱে বিহালীৰ দক্ষিণ দিশত থকা কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহাৰ সন্দেহ কৰা হৈছে ৷

বিহালীৰ নাচবৰত বন্যহস্তীৰ সন্ত্ৰাস

ইতিমধ্যে, বন বিভাগৰ লোক আৰু স্থানীয় লোকে উক্ত স্থানত উপস্থিত হৈ হাতীৰ জাকটোক কাজিৰঙালৈ খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও বিফল হৈছে । উল্লেখ্য যে, বিগত সময়তো বিহালীৰ বিভিন্ন অঞ্চলত এই দৰে বন্যহস্তীৰ জাক আহি স্থানীয় ৰাইজৰ খেতি-বাতি তহিলং কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি বহুজনৰ প্ৰাণ পৰ্যন্ত কাঢ়ি নিছে । এই সমস্যাৰ অতি শীঘ্ৰে স্থায়ী সমাধান নকৰিলে পুনৰ বনৰীয়া হাতীৰ পৰা বিহালী অঞ্চলৰ লোক ক্ষতি হোৱাতো প্ৰায় নিশ্চিত ।

লগতে পঢ়ক : সোণাৰিত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.