কেনেকৈ হঠাৎ খোল খালে Covid Protocol ভংগ কৰা বিশাল মেগা মাৰ্ট ?

author img

By

Published : Oct 13, 2021, 5:28 PM IST

vishal mega mart

ক'ভিড প্ৰট'কল ভংগ কৰাৰ অভিযোগত সোমবাৰে প্ৰশাসনে তলা লগাইছিল বিশ্বনাথৰ বিশাল মেগা মাৰ্টত । কিন্তু মাত্ৰ এটা দিনৰ পাছতে কোনো লিখিত অনুমতি নোহোৱাকৈ কেনেকৈ পুনৰ খুলিল শ্বপিং মলটো ? জিলাখনত ব্যাপক প্ৰতিক্ৰিয়া ।

বিশ্বনাথ,১৩ অক্টোবৰ : শাৰদীয় বতৰত বিশ্বনাথ জিলাৰ এটা শ্বপিং মলক (Shoping mall) লৈ সম্প্ৰতি জিলাখনত ব্যাপক চৰ্চা চলিছে । ক'ভিড বিধি উলংঘনৰ বাবে শ্বপিং মলটো প্ৰশাসনে বন্ধ কৰি দিছিল । কিন্তু হঠাৎ কোনো লিখিত অনুমতি নোহোৱাকৈ বুধবাৰৰ পৰা মলটো খোলাত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জিলাখনত ।

উল্লেখ্য যে ক'ভিড প্ৰট'কল (Covid protocol) ভংগ কৰাৰ অভিযোগত বিশ্বনাথ জিলা উপায়ুক্তৰ নিৰ্দেশনা অনুসৰি যোৱা ১১ অক্টোবৰত তলা লগোৱা হৈছিল বিশ্বনাথ চাৰিআলিৰ বিশাল মেগামাৰ্টত ৷ পৰৱৰ্তী নিৰ্দেশনা নহালৈকে মলটো বন্ধ ৰখাৰ নিৰ্দেশ দিছিল প্ৰশাসনে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ৰ u/s ৩০ ৰ অধীনত বন্ধ কৰা হৈছিল বিশাল মেগা মাৰ্ট (Vishal Mega Mart) ৷

vishal mega mart
কেনেকৈ হঠাৎ খোল খালে Covid Protocol ভংগ কৰা বিশাল মেগা মাৰ্ট

দিনৰ ভাগত গ্ৰাহকৰ অত্যাধিক ভিৰ হোৱাৰ লগতে ক'ভিড বিধি উলংঘনৰ অভিযোগত বিশাল মেগা মাৰ্টত তলা লগাইছিল প্ৰশাসনে ৷ কিন্তু বুধবাৰে পুনৰ খোলা হ'ল শ্বপিং মলটো ।

ইটিভি ভাৰত অসমৰ তৰফৰ পৰা বিশ্বনাথ ৰাজহ চক্ৰ বিষয়াৰ সৈতে যোগাযোগ কৰাত ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে সাংবাদিকক অৱগত কৰে যে জিলা উপায়ুক্তই বিশাল মেগা মাৰ্টক ক'ভিড নীতি নিয়ম সম্পূৰ্ণ ভাৱে পালন কৰি মৌখিকভাৱে খুলিবলৈ অনুমতি প্ৰদান কৰিছে । আনহাতে বিশালৰ কৰ্মচাৰীৰ পৰা লাভ কৰা তথ্য অনুসৰি তেওঁলোকক প্ৰশাসনৰ তৰফৰ পৰা কোনো লিখিত অনুমতি বৰ্তমানলৈকে দিয়া নাই । কেৱল জিলা উপায়ুক্তই মৌখিক অনুমতিহে দিয়া বুলি প্ৰকাশ কৰে কৰ্মচাৰীসকলে ।

কিন্তু শ্বপিং মলটোৰ বিৰুদ্ধে প্ৰশাসনে আইনী ব্যৱস্থা গ্ৰহণ কৰিলে নে জৰিমণা বিহা হ'ল শ্বপিং মল কতৃপক্ষৰ পৰা ? নে প্ৰভাৱশালী হোৱাৰ বাবেই প্ৰশাসনে সহজতে ৰেহাই দিলে বিশাল মেগা মাৰ্ট কতৃপক্ষক ? এনেবোৰ প্ৰশ্ন এতিয়া একাংশ সচেতন নাগৰিকৰ মনত ।

লগতে পঢ়ক :অগণন ভক্তই ভিৰ কৰিলে মা কল্যাণী দেৱালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.