বিশ্বনাথত বহৎ পৰিমানৰ অবৈধ অৰুণাচলী সুৰা জব্দ

author img

By

Published : Sep 3, 2021, 9:46 PM IST

truck-loaded-with-illegal-arunachali-liquor-seized-in-bishwanath

বিশ্বনাথ মহকুমা আবকাৰী বিভাগে অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰা বিৰোধী অভিযান ৷ বিভাগৰ শেহতীয়া অভিযানত জব্দ হৈছ 250 কাৰ্টুন অৰুণাচলী সুৰাভৰ্তি ট্ৰাক ৷

বিশ্বনাথ, 3 ছেপ্টেম্বৰ: অসমত নিচাজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ বন্ধ কৰিবলৈ নাচোৰবান্দা মুখ্যমন্ত্ৰী ৷ সমান্তৰালকৈ তৎপৰ হৈছে অসম আৰক্ষীয়ো ৷ কিন্তু ইয়াৰ পিছতো প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈছে বৃহৎ বৃহৎ পৰিমাণৰ অবৈধ নিচাজাতীয় সামগ্ৰী ৷ ইয়াৰ মাজতে বিশ্বনাথ মহকুমা আবকাৰী বিভাগৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমানৰ অবৈধ অৰুণাচলী সুৰা ৷ আৱকাৰী বিভাগে অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান।

উল্লেখ্য যে, আবকাৰী দলটোৱে বৃহস্পতিবাৰে পুৱা প্ৰায় 5 বজাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ গহপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখী গৈ থকা অৱস্থাত AS 25 CC8900 নম্বৰৰ ট্ৰাক খনৰ পৰা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা উদ্ধাৰ কৰে । অৰুণাচলৰ পৰা তেজপুৰ অভিমুখী এই ট্ৰাক খনত অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছিল আৱকাৰী বিভাগে ৷ উক্ত তথ্যৰ ভিত্তিতে অভিযান চলাই সুৰা সমূহ জব্দ কৰে আবকাৰী বিভাগৰ দলটোৱে ৷

বিশ্বনাথত অবৈধ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ

বিভাগে জনোৱা মতে, বিশ্বনাথ চাৰিআলিৰ প্ৰতাপগড় চাহ বাগিচাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকখন এৰি চালক জনে পলায়ন কৰে ৷ যাৰ বাবে তেওক আটক কৰিব পৰা নগল ৷ ইফালে জব্দ কৰা ট্ৰাক খনৰ পৰা বিভিন্ন বেণ্ডৰ 250 কাৰ্টুন অৰুণাচলী সুৰা জব্দ কৰা হৈছে বুলি জনাইছে আবকাৰী বিভাগে । অভিযানৰ সময়ত উপস্থিত থাকে বিশ্বনাথ মহকুমা আবকাৰী বিভাগৰ উপ অধীক্ষক দ্বীপেন বৰা, বিশ্বনাথ মহকুমা আবকাৰী পৰিদৰ্শক শৰৎ তিমুং আৰু চতিয়া চাৰ্কোলৰ সহ পৰিদৰ্শক জয়ন্ত বৰা ।

মন কৰিবলগীয়া যে, অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিয়েই ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা নিচাজাতীয় সামগ্ৰী নিৰ্মূল কৰিবলৈ সংকল্পবদ্ধ হৈছিল ৷ কিছুদিন পূৰ্বে এই অভিযানক উৎসাহিত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কেইবাখনো জিলাত ড্ৰাগছ দহন কাৰ্যসূচীতো অংশ লৈছিল ৷ কিন্তু অসম আৰক্ষী আৰু আবকাৰী বিভাগৰ তীক্ষ্ণ দৃষ্টিৰ মাজতো একাংশ মাফিয়াই নিৰ্বিঘ্নে চলাই গৈছে নিজৰ ক’লা ব্যৱসায় ৷

এই ছবিয়ে যেন পুনৰ প্ৰমাণ কৰিছে অসম ক্ৰমাৎ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ৰ ঘাটিলৈ পৰিণত হৈ পৰিছে ৷ এই ক্ষেত্ৰত চৰকাৰ, আৰক্ষীৰ লগতে সাধাৰণ ৰাইজো আৰু অধিক সচেতন হোৱাৰ প্ৰয়োজনীয়তা বৰ্তমানে আহি পৰিছে ৷

লগতে পঢ়ক: ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান নুনমাটি আৰক্ষীৰ; ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.