11 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Oct 18, 2021, 10:59 AM IST

top10 news

দিনৰ 11 বজাৰ দহটা শীৰ্ষ বাতৰি...

11 বজাৰ দহটা শীৰ্ষ বাতৰি-

মাজুলীত কাতি বিহুক লৈ ব্যাপক প্ৰস্তুতি

অসমৰ জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ কাতি বিহু পালনৰ বাবে ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি ৷ আহিনৰ শেষ দিনটো অসমীয়া সমাজে আলোকৰ উৎসৱ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে । এই বিহুৰ লগত সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি ।

চিৰাঙৰ লক্ষ্মী মন্দিৰত উদ্ধাৰ গো-মাংস

এক ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা কথমপি ৰক্ষা পৰিল চিৰাং জিলা । লক্ষ্মী মন্দিৰৰ চৌহদত গো-মাংস ৰাখি ধৰা পৰিল যুৱক ৷

মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান অবড়ো সুৰক্ষা সমিতিৰ

দেওবাৰে বিয়লি পাঠশালাত অবড়ো সুৰক্ষা সমিতি(Abodo Suraksha Samiti)ৰ সংবাদমেল সম্বোধন ৷ উপ-নিৰ্বাচন(By Election)ত মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদান কৰিবলৈ বিটিআৰ(BTR)ৰ অন্তৰ্গত অবড়ো ভোটাৰ(Abodo Voters)সকলক আহ্বান অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বৰ ৷

কোৱাইকটা সত্ৰৰ বেদখলকৃত ভূমি সত্ৰক অৰ্পণ সংখ্যালঘু ৰাইজৰ

ঐতিহাসিক কোৱাইকটা সত্ৰ(Kowaikata Satra)ৰ বেদখলকৃত ভূমি সত্ৰ পৰিচালনা সমিতিক অৰ্পণ স্থানীয় সংখ্যালঘু ৰাইজৰ ৷ দেওবাৰে স্থানীয় বিধায়িকা শিৱামণি বৰা(Sibamoni Bora)ই সংখ্যালঘুসকলৰ সিদ্ধান্তমৰ্মে অসম সত্ৰ মহাসভাৰ প্ৰতিনিধিৰ উপস্থিতিত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে এই ভূমি ৷

কেন্দ্ৰই MSP গেৰাণ্টি প্ৰদান কৰি কৃষক আন্দোলন সমাধান কৰিব পাৰে : মেঘালয়ৰ ৰাজ্যপাল

কেন্দ্ৰীয় চৰকাৰক কৃষকসকলক নিম্নতম সমৰ্থন মূল্যৰ নিশ্চিতি প্ৰদান কৰি কৃষক আন্দোলনৰ সমাধান কৰিবলৈ আহ্বান মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকৰ ৷

আজিৰে পৰা 100 শতাংশ যাত্ৰীৰে চলিব সকলো ঘৰুৱা বিমান

সোমবাৰৰ পৰা অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ঘৰুৱা বিমানসমূহ 100 শতাংশ যাত্ৰীৰে চলাচলৰ অনুমতি প্ৰদান কৰিছে ৷ ইয়াৰ লগতে মন্ত্ৰালয়ে দেশৰ এয়াৰলাইনছ তথা বিমান বন্দৰসমূহত সেইসমূহ প্ৰট’কল পালনৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে, যাৰ দ্বাৰা সাংসদসকলক বিশেষ অধিকাৰ প্ৰদান কৰা হয় ৷

পাঞ্জাবাৰীৰ শিশু গৃহৰ পৰা কিশোৰ নিৰুদ্দেশ

পাঞ্জাবাৰীৰ এটি শিশু গৃহৰ পৰা আকস্মিকভাৱে নিৰুদ্দেশ চাৰিজনকৈ কিশোৰ ৷ আটাইকেইজনৰে বয়স 11-15 ভিতৰত বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে আটাইকেইজনকে ৷

দেশজুৰি ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সংযুক্ত কিষাণ মৰ্চাৰ

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনি(Ajay Mishra Teni)ক অপসাৰণ কৰাৰ আৰু গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সংযুক্ত কিষাণ মৰ্চাৰ । দেশজুৰি ৬ ঘণ্টীয়া ৰে'ল অৱৰোধ কাৰ্যসূচীৰ আহ্বান জনাইছে সংগঠনটোৱে । উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী(Lakhimpur Kheri)ৰ ঘটনাক লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সংযুক্ত কিষাণ মৰ্চাই ।

গৰুখুটিৰ ঘটনাৰ পোটক তুলিব পাৰে ISI-এ : অসম আৰক্ষীৰ ৰেড এলাৰ্ট

আই এছ আই (ISI) আৰু সন্ত্ৰাসবাদী সংগঠন অল-কায়েদাই অসমত যিকোনো সময়তে ভয়ংকৰ কূটাঘাট সংঘটিত কৰিব পাৰে বুলি আশংকা কৰিছে অসম আৰক্ষীয়ে । প্ৰতিখন জিলাৰে আৰক্ষী অধীক্ষক সকলক অধিক সতৰ্কতামূলক ব্যৱস্থা হাতত ল’বলৈ নিৰ্দেশ দিয়া হৈছে ।

গ্ৰেপ্তাৰ কৰা হ’ল ক্ৰিকেটাৰ যুৱৰাজ সিং !

অনুসূচীত জাতিৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ এক গোচৰত গ্ৰেপ্তাৰ হৈছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিং ৷ সবিশেষ জানো আহক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.