1 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Oct 18, 2021, 1:00 PM IST

top10 news

1 বজাৰ দহটা শীৰ্ষ সংবাদ

1 বজাৰ দহটা শীৰ্ষ সংবাদ-

নাৰায়ণপুৰত ভয়ংকৰ অগ্নিকাণ্ড

অৰূপ দত্ত নামৰ এগৰাকী লোকৰ বাসগৃহত দেওবাৰে সংঘটিত হয় এক অগ্নিকাণ্ড ৷ প্ৰায় লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায় ৷

ক’ভেক্সিনৰ জৰুৰীকালীন ব্যৱহাৰৰ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ বৈঠক

বিশ্বত কৰ’ণা মহামাৰীৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও ইয়াৰ ভয়াৱহতাৰ কথা এতিয়াও নুই কৰিব নোৱাৰি ৷ তদুপৰি ঠাই বিশেষে অব্যাহত আছে কৰ’ণাৰ সংক্ৰমণ ৷ এনে সময়ত বিশ্ব স্বাস্থ্য সন্থাই ক’ভিডৰ জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড ভেকচিনৰ উপলব্ধতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে ৷

অনাবৃষ্টি : বঢ়মপুৰৰ কৃষকৰ মনত নাই কাতি বিহুৰ উছাহ

আজি কাতি বিহু ৷ সোণোৱালী ধানে পথাৰ উপচি পৰাৰ আশাৰে চহা ৰাইজে কাতি বিহুৰ সন্ধিয়া খেতিপথাৰত চাকি এগছি আগবঢ়োৱাৰ পৰম্পৰা অতীজৰে পৰা প্ৰচলিত ৷ কিন্তু এইবেলি যেন খৰাং বতৰে সৰগ খহাইছে কামপুৰৰ কৃষকৰ মূৰত ৷ যোৱা কেইটামান দিনত ৰাজ্যত অত্যাধিক বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ ৷ ইয়াৰ সমান্তৰালকৈ অনাবৃষ্টিয়ে কৃষকসকলক অনিশ্চয়তাৰ দিশে ঠেলি দিছে ৷

কেন্দ্ৰই MSP গেৰাণ্টি প্ৰদান কৰি কৃষক আন্দোলন সমাধান কৰিব পাৰে : মেঘালয়ৰ ৰাজ্যপাল

কেন্দ্ৰীয় চৰকাৰক কৃষকসকলক নিম্নতম সমৰ্থন মূল্যৰ নিশ্চিতি প্ৰদান কৰি কৃষক আন্দোলনৰ সমাধান কৰিবলৈ আহ্বান মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকৰ ৷

দেশজুৰি ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সংযুক্ত কিষাণ মৰ্চাৰ

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনি(Ajay Mishra Teni)ক অপসাৰণ কৰাৰ আৰু গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সংযুক্ত কিষাণ মৰ্চাৰ । দেশজুৰি ৬ ঘণ্টীয়া ৰে'ল অৱৰোধ কাৰ্যসূচীৰ আহ্বান জনাইছে সংগঠনটোৱে । উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী(Lakhimpur Kheri)ৰ ঘটনাক লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সংযুক্ত কিষাণ মৰ্চাই ।

অতি সোনকালে সম্পন্ন হ’ব বিকি কৌশলৰ Engagement

বিকি কৌশল আৰু কেটৰীণা কাঈফৰ সম্পৰ্কক লৈ চাৰিওফালে চৰ্চা চলি থকাৰ মাজতে এক বিশেষ খবৰে অনুৰাগীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । 'চৰ্দাৰ উধম'ৰ প্ৰচাৰৰ সময়ত তেওঁক দুয়োগৰাকীৰ সম্পৰ্কৰ বিষয়ে প্ৰশ্ন কৰাত অভিনেতাগৰাকীয়ে কয় যে, তেওঁ অতি সোনকালে Engagement কৰিব ।

টীয়কত বাপতি সাহোন কাতি বিহুৰ ব্যাপক প্ৰস্তুতি

কৰ’ণাতংক, বান, খৰাং বতৰ তথা মূল্যবৃদ্ধিয়ে(Price Hike) জৰ্জৰিত কৰা অসমীয়া চহা সমাজে সকলো বাধা নেওচি আজি উদযাপন কৰিব বাপতি সাহোন কাতি বিহু(Kati Bihu)। পৰম্পৰাগতভাৱে ৰাজ্যৰ প্ৰতিঘৰ অসমীয়াৰ চোতালত ৰোৱা তুলসীৰ তলত আৰু প্ৰতিখন পথাৰত চাকি-বন্তি জ্বলাই আগন্তুক দিনসমূহত যাতে সোণোৱালী শস্য নদন-বদন হৈ ভঁড়াল মেটমৰা হৈ পৰে, তাৰে কামনাৰে নেদেখাজনৰ চৰণত সেৱা লয় অসমীয়া ৰাইজে ।

নলবাৰীত যুৱতীৰ ৰহস্যজনক আত্মহত্যা

নলবাৰীত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰীৰ ৰহস্যজনক আত্মহত্যা(Suicide) ৷ দীৰ্ঘদিনৰ পৰা পেটৰ অসুখত ভূগি থকা ছাত্ৰীগৰাকীয়ে অসুখৰ বাবে অধিক চিন্তিত হৈ আত্মহননৰ পথ বাচি লোৱা বুলি ছাত্ৰীগৰাকীৰ মাতৃয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ ছাত্ৰীগৰাকীৰ পিতৃ নলবাৰীৰ সদৰ থানাত কৰ্মৰত ৷

চিৰাঙৰ লক্ষ্মী মন্দিৰত উদ্ধাৰ গো-মাংস

এক ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা কথমপি ৰক্ষা পৰিল চিৰাং জিলা । লক্ষ্মী মন্দিৰৰ চৌহদত গো-মাংস ৰাখি ধৰা পৰিল যুৱক ৷

মহানগৰ আৰক্ষীৰ জালত তিনি ড্ৰাগছ সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । গুৱাহাটীত নিচাযুক্ত দ্ৰব্যসহ ৩ সৰবৰাহকাৰীক আটক । দেওবাৰে সন্ধিয়া সৰবৰাহকাৰীকেইটাক আটক কৰে গড়চুক আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.