9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 6, 2022, 9:20 AM IST

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

Kakopathar milk tragedy: গাখীৰ বুলি চুজিত দিলে ফেনাইল, তাৰ পাছতে অসুস্থ দহটি শিশু

কাকপথাৰৰ ন-মাইঠং অংগনৱাড়ী কেন্দ্ৰত খাদ্যত বিষক্ৰিয়া (Food poison at Kakopathar Anganwadi centres)। খাদ্যত ফেনাইল মিহলি হোৱাত ১০টা শিশু চিকিৎসাধীন (Children fall ill after eating phenyl mixed food)।

Population in Border Districts Rising: ৰাজ্যৰ সীমান্তৱৰ্তী চাৰিখন জিলাত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে জনসংখ্যা

দিনক দিনে খিলঞ্জীয়াৰ জনসংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পাইছে সংখ্য‍ালঘুৰ জনসংখ্যা (Population in Border Districts Rising)। ধুবুৰী, কৰিমগঞ্জ, কাছাৰ আৰু দক্ষিণ শালমাৰা জিলাত এটা দশকত সংখ্য‍ালঘুৰ জনসংখ্য‍া ৩১.৪৫ শতাংশলৈ বৃদ্ধি পাইছে । সীমান্ত অঞ্চলৰ জিলাকেইখনত এনেদৰে জনসংখ্যা বৃদ্ধি পোৱা বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্রালয় (Union Home Ministry concerned about population growth in border districts of Assam) । জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগেই প্ৰব্ৰজনৰ মাত্ৰাও বৃদ্ধি পাব।

APCC team meet governor : ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দিলে প্ৰদেশ কংগ্ৰেছে

মূল্য বৃদ্ধি ৰোধ, নিবনুৱা সমস্যা সমাধান, বান সাহায্যৰ ক্ষেত্ৰত অসমক বঞ্চনা, অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ আদিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজভৱনলৈ গৈ ৰাজ্যপালক প্ৰদান কৰে স্মাৰক পত্ৰ (APCC team meet governor and submit memorandum in Guwahati) ।

Majuli MLA Bhuban Gam: জাতীয় সংগীতক অপমান কৰি চৰ্চাত বিধায়ক ভূৱন গাম

জাতীয় সংগীতৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰি এইবাৰ চৰ্চাত মাজুলীৰ বিধায়ক (MLA Bhuban Gam dishonoured state state anthem) ৷ আজি মাজুলীত লোক কল্যান দিৱস উদযাপনৰ কাৰ্যসূচীৰ(Lok Kalyan Divas in Majuli) অন্তত বাজি উঠা জাতীয় সংগীতৰ সময়খিনিত বিধায়ক ভূৱন গাম ব্যস্ত হৈ পৰিল নিজৰ মোবাইল ফোনটোক লৈ ৷

Jayanta Malla Baruah Comment on Jihadi: ৰাষ্ট্ৰদ্ৰোহীক ক্ষমা নোখোজো: জয়ন্তমল্ল বৰুৱা

জেহাদীৰ বিৰুদ্ধে কথা ক'লেই একাংশ বিৰোধী বিধায়ক ধৰফৰাই উঠে । তেওঁ‌লোকৰ ধৰফৰণিত প্ৰমাণিত হয় যে, তেওঁ‌লোক জেহাদীৰ লগত জড়িত । আমি এইসকল বিধায়কৰ অহা যোৱা সকলোতে লক্ষ্য ৰাখিম । নলবাৰীত উপস্থিত হৈ এই মন্তব্য মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ৷

Drugs Peddlers Arrested in Rangia: ৰঙিয়া আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী মাতৃ-পুত্ৰ

ৰঙিয়া আৰক্ষীৰ জালত এইবাৰ ড্ৰাগছ সৰবৰাহকাৰী মাতৃ-পুত্ৰ(Mother and son arrested with drugs at Rangia) । কেইবা লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছসহ আৰক্ষীয়ে হাতে-লোটে গ্ৰেপ্তাৰ কৰিলে ৰঙিয়াৰ সমীপৰ উদিয়ানাৰ ড্ৰাগছ সৰবৰাহকাৰী ৰুচিয়া বেগম আৰু জেহেৰুল হকক ৷

Murder in Biswanath: বিশ্বনাথত স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক

বিশ্বনাথৰ উত্তৰ মিজিকাজানত সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ড ৷ সুৰাৰ ৰাগীত মাতাল স্বামী মুকুল তাঁতীয়ে (৪০) পত্নী অঞ্জলি তাঁতীক(৩৬) এডাল বাটামেৰে মৰিয়াই মৰিয়াই হত্যা কৰে (Man kills wife in Biswanath)৷ পাৰিবাৰিক কন্দলৰ বাবেই হত্যাকাণ্ডটো সংঘটিত হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷

Illigal Wine Seized: স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত মেৰাপানীত CRPF ৰ তালাচীত জব্দ সুৰাভৰ্তি বাহন

১৫ আগষ্টৰ প্ৰাকমূহুৰ্তত মেৰাপানী সীমান্তত CRPF ৰ তালাচীত জব্দ হৈছে এখন সুৰাভৰ্তি বাহন(Illegal Liquor Seized in Merapani) । তালাচীৰ সময়ত CRPF ৰ দলটোয়ে নম্বৰ বিহীন এখন টাটা হেৰিয়াৰ বাহনৰ পৰা জব্দ কৰে ১০ কাৰ্টন বিলাতী সুৰাৰ লগতে নগদ ৫০ হাজাৰ টকা(Illegal liquor seized from Tata Harrier) ।

Illegal Cattle Smuggling: বোকাখাতত অবৈধ গৰু ভৰ্তি ট্ৰাক জব্দ

ৰাজ্যত অব্যাহত আছে অবৈধ গৰু সৰবৰাহ কাৰ্য(Illegal cow trafficking continues in Assam) ৷ উজনি অসমৰ পৰা দৈনিক সৰবৰাহ হৈ আছে অবৈধ গৰু ৷

Mother killed her child in Bengaluru: ঘৰৰ ছাদৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা মাতৃৰ

বেংগালুৰুৰ চাম্পাংগীৰ অদ্বিত এপাৰ্টমেণ্টত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা ৷ নিজ মাতৃয়ে ঘৰৰ ছাদৰ পৰা দলিয়াই হত্যা কৰিলে সন্তানক(Mother killed her child in Bengaluru) ৷ স্থানীয় আৰক্ষী চকীত ৰুজু গোচৰ ৷ সম্প্ৰতি অভিযুক্ত মাতৃৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.