5 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Sep 9, 2022, 4:56 PM IST

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

Assam govt Recruitment controversy: ভিক্টৰৰ টুইটে লগাইছে তোলপাৰ

26 হাজাৰ নিযুক্তি প্ৰক্ৰিয়া লৈ সূচনা হ’ল বিতৰ্কৰ ৷ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে চাকৰি প্ৰাৰ্থীৰ মাজত সংশয়ৰ সৃষ্টি হৈছে ৷ বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভিন্নজনে (Money laundering allegation on Assam recruitment)৷

পৰ্যটকৰ বাহনলৈ চোঁচা গজৰাজৰ

কৰ্ণাটকত পৰ্যটকৰ বাহনলৈ চোঁচা বন্য হস্তীৰ ৷ এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰিবলৈ উদ্যত হয় পৰ্যটকক (Wild elephant tries to attack on tourists) ৷ বৃহস্পতিবাৰে বিয়লিৰ ভাগত কৰ্ণাটকৰ কাবিনি বেকৱাটাৰছত সংঘটিত হয় এই অঘটনটো ৷

জম্মু কাশ্মীৰৰ ৰাজৌৰী চহৰত সান্ধ্য আইন জাৰী

জম্মু কাশ্মীৰৰ ৰাজৌৰী চহৰত যথেষ্ট উত্তেজনামূলক পৰিস্থিতৰ সৃষ্টি হৈছে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শুকুৰবাৰে চহৰখনত ১৪৪ চি আৰ পি চি ধাৰাৰ অধীনত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে (Sec 144 in Rajouri town of Jammu and Kashmir) ৷

হোজাইত মালবাহী ৰে'লৰ খুন্দাত বন্যহস্তীৰ মৃত্যু

হোজাই জিলাৰ হাৱাইপুৰত মালবাহী ৰে'লৰ খুন্দাত বন্যহস্তীৰ মৃত্যু (Wild elephant hit by train in Hojai) । ৰে'লপথৰ কাষত ভালেমান পৰ চটফটাই থকাৰ পিছত হাতীটোৱে কৰুণভাৱে মৃত্যুমুখত পৰে ।

গুজৰাটৰ কলকাতা বন্দৰত 200 কোটি টকাৰ হেৰ’ইন জব্দ

গুজৰাট এটিএছ আৰু ডিআৰআইয়ে কলকাতা বন্দৰৰ পৰা 200 কোটি টকাৰ 40 কিলোগ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে (40 KG HEROIN FROM KOLKATA PORT)৷

অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ তদন্তৰ বাবে এছআইটি গঠন ত্ৰিপুৰা আৰক্ষীৰ

দেশ বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত সংগঠিত নেটৱৰ্ক চিনাক্ত কৰিবলৈ বিশেষ তদন্তকাৰী দল(Special Investigation Team) গঠন ত্ৰিপুৰা আৰক্ষীৰ ৷ ত্ৰিপুৰা আৰক্ষী অপৰাধ শাখাত গঠন কৰা এই বিশেষ তদন্তকাৰী দললৈ গুৰুত্বপূৰ্ণ গোচৰসমূহ স্থানান্তৰ কৰা হ'ব ৷

বিদ্যুৎ পৰিবাহী তাঁৰত কাম কৰি থাকোতেই বিদ্যুৎস্পৃষ্ট হৈ নিহত কৰ্মচাৰী

নলবাৰী বৰধানতলীত শুকুৰবাৰে পুৱা বিদ্যুৎস্পৃষ্ট হৈ বিদ্যুৎ বিভাগৰ এজন কৰ্মচাৰীয়ে মৃত্যুক আকোৱালী লবলবীয়া হয়(Labourer Dies of Electrocution) ৷ নিহত কৰ্মচাৰী লাল চান্দ আলী বুলি জানিব পৰা হৈছে(Death due to electrocution) । লাল চান্দ আলী বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী আছিল ৷ ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী লাইটৰ তাঁৰত লাগি মৃত্যু হয় কৰ্মচাৰীজনৰ ৷

বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে বিলাসীপাৰাত শিক্ষাৰ্থীৰ প্ৰতিবাদ

বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে (Protest against school amalgamation in Assam)। বিলাসীপাৰাৰ সূৰ্য্যখাতা নৱজ্যোতি হাইস্কুলৰ শিক্ষাৰ্থীসকলে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । একত্ৰিত কৰা বিদ্যালয়লৈ যোৱাত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন শিক্ষাৰ্থী ।

Honey Singh divorce: 1 কোটি টকাৰ লেনদেনেৰে অন্ত পৰিল 10 বছৰীয়া বৈবাহিক সম্পৰ্ক

শালিনী তলৱাৰৰ সৈতে বিবাহ বিচ্ছেদ হৈছে হানী সিঙৰ (Honey Singh wife) ৷ বিগত বৰ্ষত শালিনীয়ে দিল্লীৰ তীছ হাজাৰী আদালতত হানী সিঙৰ বিৰুদ্ধে ঘৰুৱা হিংসা আৰু আন নাৰীৰে সৈতে অবৈধ সম্পৰ্ক ৰখা দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰি বিবাহ বিচ্ছেদৰ আবেদন জনাইছিল ৷

লখিমপুৰত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উদযাপন

10 ছেপ্টেম্বৰত প্ৰতিবছৰে পালন কৰা বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস (WSPD) আন্তৰ্জাতিক আত্মহত্যা প্ৰতিৰোধ সংস্থা (International Association for Suicide Prevention)ৰ দ্বাৰা আয়োজন কৰা হয় আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ই সমৰ্থিত (World Health Organization) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.