11 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Sep 29, 2022, 11:07 AM IST

top-10-at-11-am

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

বিগত 24 ঘণ্টাত জম্মু কাশ্মীৰত দুটাকৈ বোমা বিস্ফোৰণ, আহত দুজন ব্যক্তি

জম্মু-কাশ্মীৰৰ উধামপুৰ চহৰত বোমা বিস্ফোৰণ (Blast in Jammu and Kashmir) ৷ বিগত ৮ ঘণ্টাত জিলাখনত সংঘটিত হয় দুটাকৈ বিস্ফোৰণ ৷

হোজাইৰ উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তক নিলম্বন

লংকাত স্থানীয় লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি তাৎক্ষণিকভাবে হোজাইৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বন ।

লামডিঙত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ আটক এজন

লামডিং ৰে’ল সুৰক্ষা বাহিনীৰ বৃহৎ সাফল্য ৷ সুৰক্ষা বাহিনীৰ অভিযানত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ আটক এজন (Large Amount of Brown sugar seized by RPF) ৷ লামডিং আৰু তিনিচুকীয়া আৰ পি এফৰ বিশেষ টাস্ক ফৰ্চৰ নেতৃত্বত চলিছিল এই অভিযান ৷ অভিযানকালত ৩১টা বাকচত ৪২১.৮৬ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে (Brown sugar seized by RPF in Lumding Railway station) ৷

Breaking news: ৰহাত হেৰ’ইনসহ এজনক আটক

ড্ৰাগছৰ বিৰুদ্ধে ৰহা আৰক্ষীৰ অভিযান ৷ হেৰ’ইনসহ এজনক আটক আৰক্ষীৰ (Heroin seized at Raha) ৷

লুৰীণ জ্যোতি গগৈক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈক আক্ৰমণ পীযুষ হাজৰিকাৰ (Pijush Hazarika slams Lurin Jyoti Gogoi)। এবাৰলৈ বিধায়ক হোৱাৰ বাবে লুৰীণ জ্যোতি গগৈক শুভেচ্ছা জনালে মন্ত্ৰীগৰাকীয়ে । চাবুৱাত উপস্থিত হৈ এই মন্তব্য মন্ত্ৰীগৰাকীৰ ।

নগাঁৱত কেৰেলাৰ বাছৰ পৰা জব্দ হেৰ’ইন

নগাঁৱৰ পৰা কেৰেলালৈ সৰবৰাহ হয় নিষিদ্ধ ড্ৰাগছ ৷ বুধবাৰে নিশা আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এই তথ্য ৷ কেৰেলালৈ যোৱা এখন বাছত অভিযান চলাই জব্দ কৰে দুই বাকচ হেৰ'ইন ৷ লগতে আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী (Drugs seized from Kerala bus in Nagaon) ৷

তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং(Defance minister Rajnath Singh)৷ মোহনবাৰী বিমান বন্দৰত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক আদৰণি জনালে কৃষিমন্ত্ৰী অতুল বৰা আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ৷

ধেমাজিত বান ক্ষতিগ্ৰস্ত মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

বুধবাৰে ধেমাজিত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই জীয়াঢল নৈৰ মথাউৰি ভাঙি বানে ক্ষতি কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে (Minister Pijush Hazarika in Dhemaji) ৷ লগতে মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আয়োজন কৰা এখন প্ৰদৰ্শনী মেলাত অংশগ্ৰহণ কৰি দলীয় কৰ্মীৰ সৈতে আলোচনাত মিলিত হয় ৷

চৰকাৰী আচঁনি ৰূপায়নত দুৰ্নীতি হোৱাৰ অভিযোগেৰে AJYP ৰ তদন্তৰ দাবীত প্ৰতিবাদ

বিভিন্ন চৰকাৰী আচঁনি ৰূপায়নৰ নামত দুৰ্নীতি চলিছে (Corruption in government scheme implementation) ৷ এই অভিযোগ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ধেমাজি জিলাৰ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনৰ পঞ্চায়ত সমূহত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (AJYP conducting protest) ৷

দৰঙত চুলাই মদৰ বিৰুদ্ধে অভিযানত নামিল উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দৰঙত অবৈধ নিচা জাতীয় সামগ্ৰী তথা চুলাই মদ সৰবৰাহৰ বিৰুদ্ধে তৎপৰ হৈছে আৰক্ষী (Operation against illegal wine in Darrang ) ৷ এইবাৰ চুলাই মদ বিৰোধী অভিযানত নামিল খোদ জিলাখনৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা আৰু আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.