11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 19, 2022, 11:04 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

আজি ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ'ব ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্রিয়া

ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া (funeral of Queen Elizabeth II) আজি ৰাষ্ট্ৰীয় সন্মানেৰে কৰা হ'ব । স্বামী প্ৰিন্স ফিলিপৰ সমাধিক্ষেত্ৰ কাষতেই সমাধিস্থ কৰা হ'ব ৰাণী দ্বিতীয় এলিজাবেথক ৷

World Wrestling Championships: বজৰং পুনিয়াৰ ব্ৰঞ্জ পদক জয়

কুস্তি চেম্পিয়নশ্বিপত বজৰং পুনিয়াৰ ব্ৰঞ্জৰ পদক জয় (Bajrang Punia won bronze medal in WWC) । পুনিয়াই পুয়েৰ্টো ৰিকোৰ চেবাষ্টিয়ান ৰিভেৰাক ১১-৯ ব্যৱধানত পৰাস্ত কৰি পুৰুষৰ ৬৫ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে ।

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ঘটনাৰ দুই অভিযুক্তক আটক চিমলা আৰক্ষীৰ

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ভিডিঅ' ভাইৰেল গোচৰৰ সন্দৰ্ভত চিমলা আৰক্ষীয়ে দুই অভিযুক্তক আটক কৰিছে (2 arrested of Chandigarh University video leak case)৷

হেলমেট নিপিন্ধাৰ বাবে যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে আৰক্ষীয়ে

কলিয়াবৰ মহকুমাৰ আমবাগান আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি ৷ নাকা চেকিঙৰ নামত হেলমেট পৰিধান নকৰাৰ বাবেই এজন যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ আমবাগান আৰক্ষীৰ বিৰুদ্ধে (youth allegedly beaten up by police) ৷

এইবাৰ চিলিণ্ডাৰৰ ভিতৰত ওলাল হেৰ’ইন

পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত কাবাৰিবন্দ গাঁৱত আৰক্ষীৰ অভিযান ৷ অভিযানত চিলিণ্ডাৰৰ ভিতৰৰ পৰা ওলাল প্ৰায় 4.5 কোটি টকাৰ নিচাজাতীয় সামগ্ৰী ৷ ড্ৰাগছ সৰবৰাহৰ নতুন কৌশল দেখি হতবাক আৰক্ষী ।

দৰঙতো আৰম্ভ উপ ৰাষ্ট্ৰীয় টীকাকৰণ অভিযান

ৰাজ্যজুৰি আৰম্ভ হৈছে উপ-ৰাষ্ট্ৰীয় পলিঅʼ প্ৰতিষেধক প্ৰদান অভিযান । প্ৰতিটো শিশুৰ সুৰক্ষাৰ বাবে অসমৰ ১৯ খন জিলাত২৬ লাখৰো অধিক পলিঅ’ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে ৷ দৰঙত এই কাৰ্যসূচী শুভাৰম্ভ কৰে জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই(Sub National Polio Immunisation Campaign at Darrang) ।

'৪২ৰ চাৰি শ্বহীদক পৃথকে পৃথকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন অগপ-কংগ্ৰেছ-বিজেপিৰ

নগাঁও জিলাৰ বঢ়মপুৰত ১৯৪২ চনৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ চাৰি শ্বহীদলৈ দেওবাৰে নিয়মমাফিক শ্ৰদ্ধাঞ্জলি জনোৱা হয় (Tribute to Martyrs at Barampur) । পিছে এইবাৰ পৃথকে পৃথকে অগপ-কংগ্ৰেছ-বিজেপিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে (BJP AGP Congress separatly tribute to Martyrs) ৷ কিন্তু কিয় ?

কষ্টৰ সুফল বুটলিলে বিতোপন-ফণীধৰে

দেওবাৰে ঘোষণা কৰা হয় অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল (Assam Police Recruitment 2022) । ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মৰাণৰ সমীপৰ খোৱাঙতো এই পৰীক্ষাত উত্তীৰ্ণ হ'ল কেইবাগৰাকীও যুৱক-যুৱতী(Assam Police constable Recruitment) ।

কিয় ন্যায়ালয়ৰ কাষ চপাৰ ভাবুকি দিলে ইমাম পৰিষদে ?

উচ্চ ন্যায়ালয়ৰ ৰায়দান অনুসৰি, বেচৰকাৰী কাজীয়েও মুছলিম বিবাহৰ নিকাহ সম্পন্ন কৰাৰ প্ৰমাণ-পত্ৰ দিব পাৰিব (Muslim marriage certificate) । কিন্তু উক্ত প্ৰমাণ-পত্ৰত অশোক চক্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব । তদুপৰি, নিকাহৰ নামত বেচৰকাৰী কাজীক নিকাহৰ ন্যূনতম মাননী সংগ্ৰহৰো নিৰ্দেশ দিয়া হৈছে ।

আৰক্ষীৰ জিম্মাত যুৱকৰ মৃত্যু; 10 জন আৰক্ষীক নিলম্বন

উত্তৰ প্ৰদেশৰ গ’ণ্ডাত আৰক্ষীৰ জিম্মাত মৃত্যু যুৱকৰ(Dev Narayan Yadav Custodial death) ৷ ঘটনাৰ লগত জৰিত থকা অভিযোগত 10 গৰাকী আৰক্ষী বিষয়াসহ কনিষ্টবলক নিলম্বন(10 cops suspended in UP) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.