11 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Oct 12, 2021, 11:00 AM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

মাণিকপুৰৰ গেছ এজেঞ্চীত দুষ্কৃতিকাৰীৰ আক্ৰমণ

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জাকুৱাপাৰাস্থিত 'জেউতি ভাৰত গেছ গ্ৰামীণ বিতৰক' কেন্দ্ৰত দেওবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মাণিকপুৰৰ একমাত্ৰ গেছ এজেঞ্চীটোত বাইকেৰে অহা দুষ্কৃতিকাৰীয়ে বিদ্যুতৰ মিটাৰ, হেল’জেন লাইট, বেনাৰ, পোষ্টাৰৰ লগতে গেছৰ চিলিণ্ডাৰ কঢ়িয়াই নিয়া বাহনৰ বিস্তৰ ক্ষতিসাধন কৰে ।

মহাষষ্ঠীৰ নিশা পূজা মণ্ডপত সোমাল বাহন

কলিয়াবৰত পূজাৰ মণ্ডপতে সোমাল এখন বাহন ৷ আৰক্ষী-প্ৰশাসনৰ পূজাথলীত উপস্থিত থকাৰ পিছতো কেনেদৰে বাহনখন পূজাল সোমাল ?

কাৰ অনুমতিত দোভাগ নিশালৈ তাজ ভিভাণ্টাত চলিছিল পাৰ্টী : AJP ৰ প্ৰশ্ন

এক সংবাদমেলযোগে তাজ ভিভাণ্টাৰ নৈশ পাৰ্টী আৰু মূল্যবৃদ্ধি(Price Hike)ক লৈ মন্ত্ৰী ভৱেশ কলিতাই কৰা মন্তব্য সন্দৰ্ভত মন্তব্য অসম জাতীয় পৰিষদ(AJP)ৰ মুখপাত্ৰ জিয়াউৰ ৰহমানৰ ৷

মহাষষ্ঠী সম্পন্ন : ৰঙিয়াৰ বাৰোৱাৰী শ্ৰীশ্ৰীদুৰ্গা পূজাত ভক্তৰ সমাগম

ৰঙিয়া মহকুমাৰ বাৰোৱাৰী শ্ৰীশ্ৰীদুৰ্গা পূজা(Durga Puja)ত ভক্তৰ সমাগম ৷ মহাষষ্ঠীৰ দিনা সহস্ৰাধিক ভক্তই ভিৰ কৰিলেহি পূজা মণ্ডপসমূহত ৷ সম্পূৰ্ণৰূপে ক’ভিড প্ৰট’কল(Covid Protocol) মানি ভক্তপ্ৰাণ ৰাইজে দেৱীৰ আশীষ লয় ৷ পূজা কমিটিসমূহৰ বাদেও পূজাথলীত স্থাপন কৰা অস্থায়ী দোকানসমূহেও ক’ভিড নীতি মানি সামগ্ৰী বিক্ৰী কৰা পৰিলক্ষিত হৈছে ৷

হোজাইৰ প্ৰতিখন পূজা মণ্ডপত উখল-মাখল পৰিৱেশ

হোজাই জিলাৰ প্ৰতিখন পূজা মণ্ডপতে দেখা গৈছে উখল-মাখল পৰিৱেশ । দুৰ্গা পূজা(Durga Puja) বুলিলেই এক সুকীয়া স্থান আছে হোজাইত । মহাষষ্ঠীৰ দিনাখন সম্পূৰ্ণ ক’ভিড বিধি মানি দেৱী প্ৰতিষ্ঠা কৰিছে জিলাখনৰ দূৰ্গা পূজা সমিতিসমূহে ।

নাহৰকটীয়াত ভুৱা আধাৰ কেন্দ্ৰ উৎখাত

নাহৰকটীয়াত সোমবাৰে এটা ভুৱা আধাৰ কেন্দ্ৰ উৎখাত কৰে নাহৰকটীয়া আৰক্ষীয়ে(Naharkatiya Police) ৷ নাহৰকটীয়াৰ জাগুনত থকা ভুৱা আধাৰ কেন্দ্ৰটো ‘গুজৰাট ইনফ’টেক এজেঞ্চি’(Gujarat Infotech Agency) নামেৰে উত্তৰ প্ৰদেশৰ গৌতম সিং আৰু অভিষেক পাণ্ডে নামৰ যুৱক দুজনে খুলিছিল বুলি পোহৰলৈ আহে ৷ যুৱকদ্বয়ৰ এই কাৰ্যত নাহৰকটীয়াৰ বিতু শৰ্মা, সন্তোষ নিৰ্মলীয়া আৰু ৰাজু বৰুৱাই সহযোগ আগবঢ়াই আহিছিল ৷

জম্মু-কাশ্মীৰৰ শ্বপিয়ানত এনকাউণ্টাৰ সমাপ্ত, ৩ সন্ত্ৰাসবাদী নিহত

জম্মু-কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তা বাহিনীৰ গুলীত লস্কৰ-ই-তৈবা(Lashkar-e-Taiba)ৰ ৩ সন্ত্ৰাসবাদী নিহত । সোমবাৰে জিলাখনৰ ইমামচাহাব অঞ্চলৰ তুলাৰণত প্ৰথমতে গুলীচালনা আৰম্ভ হৈছিল । মঙলবাৰে পুৱা শ্বপিয়ানত নিৰাপত্তা বাহিনীৰ অভিযানৰ অন্ত পৰে ।

Old Farmers Day : ইতিহাস আৰু তাৎপৰ্য সম্পৰ্কে চমু অৱলোকন...

বৃদ্ধ কৃষক আৰু তেওঁলোকৰ কৃষিৰ কৌশলক সন্মান জনাই প্ৰতিবছৰে 12 অক্টোবৰৰ দিনটো ‘Old Farmers Day’ অৰ্থাৎ ‘বৃদ্ধ কৃষক দিৱস’ হিচাপে উদযাপন কৰা হয় ৷ কৃষিত ব্যৱহাৰ কৰা পদ্ধতি সম্পৰ্কে জ্ঞান আহৰণ কৰি সেইবোৰ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ অৰ্থে এই দিৱস পালন কৰা হয় ৷

ছয়গাঁৱত মহিলাক ধৰ্ষণ; ধৰ্ষণকাৰীক আটক

ৰাজ্যত পুনৰ সংঘটিত হৈছে ধৰ্ষণকাণ্ড । অসম-মেঘালয় সীমান্তৱৰ্তী দীঘলবিলত সংঘটিত হৈছে এই ঘটনা । আটক ধৰ্ষণকাৰী ভূপেন ৰাভাক গ্ৰেপ্তাৰ ৷

এই বছৰতে লখিমপুৰ মেডিকেল কলেজত আৰম্ভ হ’ভ MBBS-ৰ পাঠদান

চলিত বৰ্ষৰ পৰাই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম এম বি বি এছৰ ১০০ খন আসনেৰে পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ’ব লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.