স্বাস্থ্য বিভাগে যোগান ধৰা আইৰণৰ বড়ি খাই ছাত্ৰীৰ মৃত্যু

author img

By

Published : Sep 8, 2022, 9:50 PM IST

student dies after popping iron pill at school in Biswanath

স্বাস্থ্য বিভাগে যোগান ধৰা আইৰণৰ বড়ি খাই মৃত্যু হ’ল এগৰাকীৰ ছাত্ৰীৰ (Student dies after popping iron pill at school) ৷ বুধবাৰে বিশ্বনাথৰ স্বাস্থ্য বিভাগ আৰু অংগনবাদী কৰ্মীসহ আশাকৰ্মীৰ এটা দলে নদুৱাৰ ফৰেষ্ট বড়ো প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰিছিল স্বাস্থ্য বিভাগে যোগান ধৰা আইৰণৰ বড়ি ৷

বিশ্বনাথ, 8ছেপ্টেম্বৰ: বিশ্বানাথৰ চেলাইখাতিত সংঘটিত হয় এক শোকাৱহ ঘটনা (Tragic incident in Biswanath) ৷ স্বাস্থ্য বিভাগে যোগান ধৰা আইৰণৰ বড়ি খাই মৃত্যু হ’ল এগৰাকীৰ ছাত্ৰীৰ (Student dies after popping iron pill at school) ৷ ঘটনা অনুসৰি, বুধবাৰে বিশ্বনাথৰ স্বাস্থ্য বিভাগ আৰু অংগনবাদী কৰ্মীসহ আশাকৰ্মীৰ এটা দলে নদুৱাৰ ফৰেষ্ট বড়ো প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰিছিল স্বাস্থ্য বিভাগে যোগান কৰা আইৰণৰ বড়ি ৷

এই বড়ি খাই দিনৰ ভাগত ছাত্ৰীগৰাকী সুস্থ আছিল যদিও বুধবাৰে নিশাৰ ভাগত ৰেচমা দৈমাৰী নামৰ ছাত্ৰীগৰাকী হঠাৎ অসুস্থ হৈ পৰে ৷ ক্ৰমাৎ জ্বৰ বৃদ্ধি হোৱাত পৰিয়ালৰ লোকে ঘৰুৱাভাৱে মূৰত পানী দিয়া আদি প্ৰাথমিক চিকিৎসা কৰাত জ্বৰ কিছু কমাত ছাত্ৰীগৰাকী অলপ সুস্থ হৈ উঠে ৷ তাৰ পিছতেই আকস্মিকভাৱে বৃহস্পতিবাৰে পুৱা ১০ মান বজাত মৃত্যু ঘটে ছাত্ৰীগৰাকীৰ ৷

ঘটনাটোৰ খবৰ লাভ কৰাৰ পিছতেই বালিচাং আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ দিগন্ত বড়োসহ চিকিৎসকৰ দল এটা উপস্থিত হৈ ছাত্ৰীগৰাকী মৃত্যু হোৱা বুলি নিশ্চিত হয় ৷ ইফালে, চিকিৎসক দিগন্ত বড়োয়ে অতিমাত্ৰা জ্বৰ আৰু বমি হোৱাৰ বিপৰীতে চিকিৎসাৰ অভাৱতহে মৃত্যু হোৱা বুলিহে সন্দেহ প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, ৮ বছৰীয়া নদুৱাৰ ফৰেষ্ট বড়ো এল পি স্কুলৰ অধ্যয়ণৰত ছাত্ৰী গৰাকী আছিল আইতাকৰ সৈতে আৰু তেওঁৰ মাতৃ কৰ্ম সূত্ৰে থাকে গুৱাহাটীত ৷ ফলত আইতাক গৰাকীয়েই কিশোৰীগৰাকীৰ সকলো চোৱা চিতা কৰি আহিছিল ৷

লগতে পঢ়ক: হোজাইত ৰে’লৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.