সকলো ৰাজনৈতিক দলে উপ-নিৰ্বাচনত প্ৰাৰ্থী দিয়ক : ভৱেশ কলিতা

author img

By

Published : Sep 20, 2021, 10:12 PM IST

state bjp president asks every party to contest in by election

ৰাজ্যৰ উপ-নিৰ্বাচনৰ ছয়খন আসনতে বিজেপিৰ জয় নিশ্চিত ৷ সকলো ৰাজনৈতিক দলকে উপ-নিৰ্বাচনত প্ৰাৰ্থী নিক্ষেপ কৰিবলৈ আহবান বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ।

বিশ্বনাথ, ২০ ছেপ্টেম্বৰ : সাংসদ অজিত ভূঞাই বিজেপিত যোগদান কৰা সকলৰ সাত খুন মাফ হয় বুলি কৰা মন্তব্যৰ বিপৰীতে সোমবাৰে বিশ্বনাথত অসম ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাই মন্তব্য প্ৰদান কৰি কয় '' মাফৰ কথা নাহে, যদি তেওঁ দৃষ্টান্ত মূলক শাস্তি দেখুৱাই দিব পাৰে ৷ আমি শাস্তি দিবলৈ প্ৰস্তুত; কিন্তু অজিত ভূঞা ডাঙৰিয়াই কি ক’ব বিচাৰিছে তেওঁ নিজেই জানে । তেওঁৰ দলত কেইজনে যোগদান কৰিছে প্ৰথমে তেওঁক সোধক, তাৰ পিছত তেওঁ আমাক আঙুলি টোৱাওক ।''

আনহাতে, ৰাজ্যৰ উপ-নিৰ্বাচনত ছখন আসনতে সকলো ৰাজনৈতিক দলক নিজৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে । কিয়নো ছখন আসনত বিজেপিয়ে বিপুল ভোটৰ ব্যৱধানত জয় হোৱাতো নিশ্চিত বুলিও তেওঁ মন্তব্য প্ৰদান কৰে ৷ সোমবাৰে বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি গৰাকীয়ে সেৱা আৰু সম্পৰ্ক অভিযানৰ অন্তৰ্গত কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ৰোগী সকলক ফল-মূল বিতৰণৰ কাৰ্যসূচীত অংশগ্ৰহন কৰিবলৈ আহি এইদৰে মন্তব্য প্ৰদান কৰে ।

সকলো ৰাজনৈতিক দলে উপ-নিৰ্বাচনত প্ৰাৰ্থী দিয়ক : ভবেশ কলিতা

উক্ত কাৰ্যসূচীত বিশ্বনাথ জিলা বিজেপি, জিলা যুৱ মৰ্চা, অনুসূচীত জাতি, অনুসূচীত জনজাতি, অনান্য পিছপৰা শ্ৰেণী, চাহ-জনগোষ্ঠী আৰু মহিলা মৰ্চাই বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে । সভাপতি গৰাকীয়ে নিজ হাতেৰে ৰোগী সকলক এই ফল মূল প্ৰদান কৰি অন্তৰংগ মূহুৰ্ত পাৰ কৰাও দেখা গ’ল সোমবাৰৰ দিনটোত ।

লগতে পঢ়ক : নিশ্চিত হ’ল সুস্মিতা দেৱৰ ৰাজ্যসভালৈ যাত্ৰা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.