হাতত দা লৈ সমষ্টিত হাবি-জংঘল পৰিষ্কাৰত নামিল বিধায়ক ৰঞ্জিত দত্ত

author img

By

Published : Sep 19, 2022, 6:30 PM IST

Sewa posek of BJP in Bihali

ৰাজ্যৰ আন প্ৰান্তৰ লগতে সোমবাৰে বিশ্বনাথৰ বিহালী সমষ্টিত বিজেপি কৰ্মী সকলে সেৱা পষেক পালন কৰে(Sewa posek of BJP in Bihali)। উক্ত অভিযানত অংশগ্ৰহণ কৰিলে সমষ্টিটোৰ স্থানীয় বিধায়ক ৰঞ্জিত দত্তই ।

বিশ্বনাথ, ১৯ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Birth day of PM Modi) জন্মদিনৰ সৈতে সংগতি ৰাখি দেশজুৰি শনিবাৰৰ পৰা 2 অক্টোবৰলৈ পালন কৰা হৈছে বিভিন্ন কাৰ্যসূচী । প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে অসমতো বিজেপিয়ে পালন কৰিছে 'সেৱা পষেক'(Sewa posek of BJP in Assam)।

ৰাজ্যৰ আন প্ৰান্তৰ লগতে সোমবাৰে বিশ্বনাথৰ বিহালী সমষ্টিত বিজেপি কৰ্মী সকলে সেৱা পষেক পালন কৰা পৰিলক্ষিত হয়(Sewa posek of BJP in Bihali)। এই উপলক্ষে স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিহালী সমষ্টিৰ বিজেপি কৰ্মীসকলে সমষ্টিটোৰ বিভিন্ন গাঁও পঞ্চায়ত আৰু ৰাজহুৱা স্থানত হাতে হাতে ঝড়ু, দা লৈ চলালে চাফাই অভিযান ।

এই অভিযানত প্ৰাক্তন ৰেচম আৰু হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী তথা বিহালী সমষ্টি বিধায়ক ৰঞ্জিত দত্তয়ো (MLA Ranjit Dutta present in Swachh Abhiyan) হাতত দা লৈ হাবি জংঘল পৰিস্কাৰত নামি পৰে । উল্লেখযোগ্য যে সোমবাৰে সমষ্টিটোৰ বিহালী মণ্ডলৰ অন্তৰ্গত বিজেপি কৰ্মী সকলৰ লগতে বিধায়ক ৰঞ্জিত দত্তই স্বচ্ছ অভিযানৰ(Swachh Abhiyan in Bihali) জৰিয়তে ঐতিহ্যমণ্ডিত গাংমৌথানৰ পদুম পুখুৰী পাৰত থকা হাবি জংঘবোৰ পৰিস্কাৰ কৰে । লগতে এই কাৰ্যসূচীৰ অংশৰূপে বহুকেইটা ৰাজহুৱা স্থান পৰিষ্কাৰ কৰিলে বিজেপি কৰ্মী সকলে ।

লগতে পঢ়ক:অসম চিকিৎসা মহাবিদ্যালয়ত প্লেটিনাম জুবিলি পাৰ্ক উদ্বোধন সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.