Road safty awarness meeting: বিহালী স্নাতক মহাবিদ্যালয়ত পথ সুৰক্ষা সজাগতা সভা

author img

By

Published : Nov 19, 2022, 7:37 AM IST

Road safety awareness meeting at Behali College

বিহালী স্নাতক মহাবিদ্যালয়ত অনুষ্ঠিত হয় পথ সুৰক্ষাৰ ওপৰত এখনি সজাগতা সভা(Road safety awareness meeting at Behali College) । সভাত জিলা পৰিবহন বিষয়া উমেশ শৰ্মা উপস্থিত থাকি গাড়ী বা মটৰচাইকেল চলাওতে লব লগা সাৱধানতাৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়াই(Road safety awareness meeting) ।

বিশ্বনাথ, 19 নৱেম্বৰ: বিহালী স্নাতক মহাবিদ্যালয়ৰ সভাকক্ষত শুকুৰবাৰে অনুস্থিত হয় গাড়ী আৰু মটৰ চাইকেল চলাওঁতে ল'ব লগা সাৱধানতাৰ ওপৰত এক সজাগতা সভা(Road safety awareness meeting at Behali College) । বিহালী মহাবিদ্যালয় পথ সুৰক্ষা কোষৰ উদ্যোগত বিশ্বনাথ জিলা পৰিবহন বিষয়া কাৰ্যালয়(Biswanath District Transport Officer Office) আৰু পথ সুৰক্ষা সমিতিৰ সহযোগত মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত এই সজাগতা সভাখনি অনুষ্ঠিত কৰা হয় ।

বিহালী স্নাতক মহাবিদ্যালয়ত পথ সুৰক্ষা সজাগতা সভা

এই সভাখনিতত জিলা পৰিবহণ বিষয়া উমেশ শৰ্মাই সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি পথ সুৰক্ষাৰ ওপৰত বক্তব্য প্ৰদান কৰে(District Transport Officer Umesh Sharma) । তেওঁ গাড়ী অথবা মটৰ চাইকেল চলাই থকা অৱস্থাত ম'বাইল ফোনৰ ব্যৱহাৰ নকৰা,সুৰাপান কৰি গাড়ী নচলোৱা, গাড়ী চলাওতে চিট বেল্ট ব্যৱহাৰ কৰা, মটৰ চাইকেল চালক আৰু আৰোহী উভয়ে হেলমেট ব্যৱহাৰ কৰা বাধ্যতামূলক বুলি উল্লেখ কৰে । লগতে ভাষণ প্ৰসংগত শৰ্মাই লাহে লাহে চলোৱা, অভাৰটেক নকৰা আৰু ৰাস্তা পাৰ হওতে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়(Road safety awareness meeting) ।

আনহাতে এই সভাত উপস্থিত থকা বিহালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰেণ গগৈয়ে সকলো ছাত্ৰ-ছাত্ৰীক হেলমেট পৰিধান কৰি মটৰ চাইকেল আৰু স্কুটী চলাবলৈ পৰামৰ্শ দিয়ে । লগতে তিনিজন ছাত্ৰ-ছাত্ৰীক মটৰ চাইকেল আৰু স্কুটীত নুঠিবলৈ অনুৰোধ কৰাৰ লগতে সকলোৱে অনুজ্ঞাপত্ৰ লৈহে মটচাইকেল অথবা গাড়ী চলাবলৈ আহ্বান জনায় ।

ইফালে মহাবিদ্যালয়ৰখনৰ অধ্যক্ষ ড৹ জীৱন চন্দ্ৰ নাথ আৰু উপাধ্যক্ষ ড৹ ৰমেন বৰাই ছাত্ৰ-ছাত্ৰীক সজাগতামূলক উপদেশ প্ৰদান কৰে । লগতে জিলা পৰিবহণ বিভাগৰ পৰিদৰ্শক কৃষ্ণকান্ত চেতিয়াই ছাত্ৰ ছাত্ৰীসকলক গাড়ী-মটৰচাইকেল চলোৱা সময়ত নিজকে সুৰক্ষিত কৰি ৰাখিব পৰাকৈ যান-বাহন আইন মানি চলিবলৈ আহ্বান জনায় । সভাত পথ সুৰক্ষা সমিতিৰ সদস্য দীপক শৰ্মা, জেষ্ঠ সাংবাদিক ভুবন লুইটেল, বিহালী প্ৰেছ ক্লাবৰ সম্পাদক খগেন মটক, সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ সহ-সম্পাদক শ্ৰীমন্ত দাস আৰু সাংবাদিক ত্ৰিদিপ দাস উপস্থিত থাকে ।

লগতে পঢ়ক: Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.