তীৰ খেলৰ বিৰুদ্ধে গহপুৰ আৰক্ষীৰ অভিযান

author img

By

Published : Sep 26, 2021, 1:38 PM IST

teer gambler

ৰাজ্যৰ ভিন্ন প্ৰান্তত তীৰ খেলৰ অবাধ প্ৰচলনৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ মাজতে আৰক্ষীয়েও আৰম্ভ কৰিছে তীৰ খেলৰ বিৰুদ্ধে অভিযান । তেনে অভিযানৰ মাজতে গহপুৰ আৰক্ষীৰ জালত কুখ্যাত তীৰ ব্যৱসায়ী ।

বিশ্বনাথ, ২৬ ছেপ্টেম্বৰ : শেহতীয়াকৈ ড্ৰাগছ (Drugs) আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযান অব্যাহত ৰাখিছে । সমান্তৰালকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । এইবাৰ তীৰ খেলৰ বিৰুদ্ধেও আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ।

বিশ্বনাথ জিলাৰ গহপুৰৰ বিভিন্ন প্ৰান্তত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় । অভিযানৰ সময়ত আৰক্ষীয়ে কুখ্যাত তীৰ ব্যৱসায়ী দীপক বৰাক আটক কৰে । জানিব পৰা মতে, দীপক বৰাৰ নেতৃত্বত সেই অঞ্চলত দীৰ্ঘদিন ধৰি তীৰ খেল চলি আহিছিল । সামাজিক মাধ্যমত তীৰ খেলৰ বিৰুদ্ধে চৰ্চা হোৱাৰ লগে লগে আৰক্ষীয়েও অভিযান আৰম্ভ কৰিছে ।

গহপুৰ মহকুমা আৰক্ষীৰ নেতৃত্বত শুকুৰবাৰে নিশা অভিযান চলাই দীপক বৰাসহ দুই সহযোগীক গহপুৰৰ হেলেম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

অতি শীঘ্ৰে এই তীৰ খেলৰ লগত জড়িত বহু প্ৰভাৱশালী লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে । উল্লেখ্য যে অভিযানৰ নেতৃত্বত আছিল হেলেম থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া হৰেণ গগৈ আৰু হেলেম-বিহালী থানাৰ চক্ৰ পৰিদৰ্শক সোণটি হাজৰিকা ।

লগতে পঢ়ক : ছয়গাঁৱত তিনিটা চোৰাং গৰুসহ আটক 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.