3 বজাৰ দহটা শীৰ্ষ খবৰ

author img

By

Published : Oct 6, 2021, 3:01 PM IST

3 বজাৰ দহটা শীৰ্ষ খবৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ

1.দেশৰ Palm Oil কেন্দ্ৰলৈ পৰিণত হ'ব উত্তৰ-পূৱৰ ৰাজ্যসমূহ

গুৱাহাটীত উত্তৰ-পূৱৰ ৰাজ্যসমূহত খোৱা তেল ‘Palm Oil’ বিষয়ক ৰাষ্ট্ৰীয় অভিযান সন্দৰ্ভত বাণিজ্য সন্মিলন । ১১,০৪০ কোটি টকা ব্যয়েৰে আগন্তুক ৫ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ৩.২৮ লাখ হেক্টৰ আৰু ভাৰতৰ অন্যান্য প্ৰান্তৰ ৩.২২ হেক্টৰ ভূমিত ‘Palm Oil’ৰ অধীনত ৬.৫ লাখ হেক্টৰৰ অতিৰিক্ত এলেকা সামৰি লোৱা হ’ব ।

2.থাওৰাৰ ৰাজনীতি : সুশান্তক ৰঙা দলিচা, কুশলক ললিপপ

উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই তৎপৰ হৈ পৰিছে ৰাজ্যৰ আটাইকেইটা ৰাজনৈতিক দল ৷ বিজেপিৰ শীৰ্ষ মহলটো থাওৰা সমষ্টিক লৈ বৃদ্ধি পাইছে তৎপৰতা ৷ উপ-নিৰ্বাচনক লৈ থাওৰাৰ বৈছে বিজেপিৰ এক মৃদু বতাহো ৷

3.15 টকাকৈ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

পুনৰ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৷ প্ৰতিটো চিলিণ্ডাৰত 15 টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত পেট্ৰ'লিয়াম কোম্পানীসমূহৰ ৷ বুধবাৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন মূল্য ৷ ইয়াৰ পূৰ্বে 1 অক্টোবৰত Liquefied Petroleum Gas (LPG) চিলিণ্ডাৰৰ মূল্য ৪৩.৫০ টকা বৃদ্ধি পাইছিল ৷'

4.আমগুৰিৰ ‘সৌৰশক্তি পাৰ্ক’ৰ নিৰ্মাণ কাৰ্য সমাপ্তিৰ দিশে

2022 বৰ্ষৰ মাৰ্চ মাহত মুকলি হ’ব আমগুৰিত স্থাপন হোৱা 70 মেগাৱাট শক্তিসম্পন্ন ‘সৌৰশক্তি পাৰ্ক’(Solar Power Park) ৷ প্ৰকল্পটোৰ কাৰ্যালয় গৃহ, চাৰিসীমাৰ দেৱাল আৰু অধিকাংশ ‘চ’লাৰ পেনেল’(Solar Panel) স্থাপনৰ কাম সম্পূৰ্ণ হোৱা বুলি প্ৰকল্পথলী পৰিদৰ্শন কৰি অসম বিধানসভাৰ বিধায়িনী দলৰ সভাপতি তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা(Ramendra Narayan Kalita)ই জানিবলৈ দিয়ে ৷

5.নিশা দলগাঁৱত চাডেন ভিজিট শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ

২০২২ চনৰ ভিতৰত দলগাঁৱত থকা বিজ্ঞান শাখাৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত সংযোজন কৰা হ’ব স্নাতক কলা-বাণিজ্য শাখা । মঙলবাৰে দলগাঁৱত চাডেন ভিজিট দিবলৈ গৈ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কৰে এই ঘোষণা ৷

6.প্ৰিয়ংকা গান্ধীক মুক্তিৰ দাবী: ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ

উত্তৰ প্ৰদেশ আৰক্ষীয়ে আটক কৰা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী(Priyanka Gandhi)ক মুক্তিৰ দাবীৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰদেশ কংগ্ৰেছ(Pradesh Congress)য়ে ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীৰ শেহতীয়া তথ্য...

7.থাওৰাত কংগ্ৰেছক দুৰ্বল কৰিবলৈ বিজেপিয়ে অপপ্ৰচাৰ চলাইছে : মনোৰঞ্জন কোঁৱৰ

উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই তৎপৰ হৈ পৰিছে ৰাজ্যৰ আটাইকেইটা ৰাজনৈতিক দল ৷ বহু জল্পনা কল্পনাৰ অন্তত মঙলবাৰে ঘোষণা কৰা হয় থাওৰা সমষ্টিত কংগ্ৰেছ দলৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী । মনোৰঞ্জন কোঁৱৰক থাওৰাত কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পিচতে থাওৰাত কংগ্ৰেছৰ টিকটকেন্দ্ৰিক সংঘাতৰ অৱসান ঘটিল ।

8.উত্তৰ-পূৱ জাপানত ৫.৯ প্ৰাবল্যৰ ভূমিকম্প : ৩ জন আহত

উত্তৰ-পূৱ জাপানত ভূমিকম্পত তিনিজন লোক আহত ৷ ৫.৯ প্ৰাবল্যৰ ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল Iwate Prefecture ৰ পৰা Pacific Oceanত প্ৰায় ৫৬ কিলোমিটাৰ গভীৰতাত ৷ ছুনামিৰ(tsunami) কোনো আশংকা নাই বুলি জানিবলৈ দিছে বতৰ সংস্থা আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই ৷

9.লখিমপুৰ খেৰীৰ ঘটনা : উচ্চতম ন্যায়ালয়ক সমালোচনা কংগ্ৰেছ নেতা কপিল ছিব্বালৰ

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাক লৈ এতিয়া দেশজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে । ঘটনা সংঘটিত হোৱাৰ দিন ধৰি কংগ্ৰেছে বিজেপিক সমালোচনা কৰি আহিছে । এইবাৰ উচ্চতম ন্যায়ালয়(Supreme court)ক সমালোচনা কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই ।

10.ক'ভিড-১৯: ভাৰতৰ শেহতীয়া তথ্য

দেশত কৰ'ণাৰ সংক্ৰমণ অব্যাহত থকাৰ লগতে প্ৰতিখন ৰাজ্যতে টীকাকৰণ অভিযানো চলি আছে । এতিয়ালৈ দেশত ৯২ কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । সাপ্তাহিক হিচাপত সম্প্ৰতি দেশত ক'ভিডত আক্ৰান্তৰ হাৰ ১.৬৮ শতাংশ । ৫ অক্টোবৰ পৰ্যন্ত দেশত মুঠ ৫৭.৬৮ কোটি নমুনা পৰীক্ষা কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.